বাহুবলী-2 আৰু VFX

0

এছ এছ ৰাজমৌলি নিৰ্দেশিত বাহুবলী-2 য়ে বৰ্তমান সমগ্ৰ ভাৰতৰ চিত্ৰপ্ৰেমীৰ মাজত অভূতপূৰ্ব আলোড়ন সৃষ্টি কৰিছে। ছবিখনে চাৰি দিনত সমগ্ৰ বিশ্বৰ বক্স অফিচত প্ৰায় 500 কোটি টকা আৰ্জন কৰিছে। ইয়াৰ আগতে প্ৰথমখন বাহুৱালীয়েও বক্স অফিচত 650 কোটি টকাৰ অধিক ব্যৱসায় কৰিছিল। ছবি দুখনৰ এই বৃহৎ সফলতাৰ মূল কাৰণ কি বাৰু? সাধাৰণতে দেখা যায় যে ভাxondhan bahubali vfx bull fightৰতীয় দৰ্শকে চিনেমা এখন আঁকোৱালি লবলে এজন জনপ্ৰিয় অভিনেতা থকাটো প্ৰয়োজনীয়। কিন্তু বাহুবলীৰ চৰিত্ৰত অভিনয় কৰা প্ৰভাষ দক্ষিণ ভাৰতত জনপ্ৰিয় হলেও ভাৰতৰ বাকী দর্শকৰ ইমান পৰিচিত নহয়। তথাপি বাহুৱলীৰ দুয়োটা খণ্ডয়ে সফলতা লাভ কৰাৰ মূল কাৰণ হৈছে দৰ্শকক বান্ধি ৰাখিব পৰা কাহিনীৰ লগতে ছবি দুখনত ব্যৱহাৰ কৰা উন্নত মানদণ্ডৰ কম্পিউটাৰ VFX ।


…. বহু ক্ষেত্ৰত মূল অভিনেতাজনৰ 3D প্ৰতিকৃতি বনাই আচল অভিনেতা জন নোহোৱাকৈয়ে সম্পূৰ্ণ ভাবে অকল কম্পিউটাৰত কোনো বিপদজনক দৃশ্য চিত্ৰায়িত কৰা যায়। Autodesk 3ds Max, Maya, After effect, Nuke, Cinema4D হৈছে কেইটামান …


এছ এছ ৰাজমৌলিৰ কলাত্মক চিন্তাক চিনেমাৰ পৰ্দাত বাস্তৱত ৰূপায়িত কৰিছে বহু কেইজন VFX আৰ্টিষ্টৰ কঠোৰ পৰিশ্ৰমে। দুয়োখন ছবিৰ বাজেট (মুঠ প্ৰায় 450 কোটি) ৰ সৰহ অংশটো VFX ৰ কামতেই খৰছ হৈছে। এইখিনিতে আমি জানি লও ইমান পইচা খৰচ কৰি চিনেমা এখনত VFX কিয় আৰু কেনেকৈ ব্যৱহাৰ কৰা হয়। উদাহৰণ হিচাবে তলত দিয়া বাহুবলীৰ চিত্ৰকেইখনত থকা নায়ক নায়িকাই মনোমোহা এটি জলপ্ৰপাতৰ আগত নৃত্য কৰা বা নায়কে জলপ্ৰপাত টোৰ এটা শিলৰ পৰা আনটো শিললৈ মৰা বিশাল জাঁপ মৰা দৃশ্য দুটা লব পাৰি। এনেকুৱা এটা বিশাল জলপ্ৰপাৰ সুন্দৰ দৃশ্য হয়তো বাস্তৱ পৃথিৱীত নাথাকিবও পাৰে নাইবা থাকিলেও ইমান দুৰ্গম ঠাইত এনেকৈ নৃত্য বা একচন কৰাটো সুবিধাজনক নহব পাৰে। সেয়ে প্ৰথমতে অভিনেতা বা অভিনেত্ৰীক ষ্টুডিও ৰ ভিতৰত সেউজীয়া নাইবা নীলা পৰ্দাৰ আগত অভিনয় কৰোৱা হয়। সেউজীয়া আৰু নীলা ৰং ব্যৱহাৰ কৰাৰ মূল কাৰণ হৈছে পাছত এই দুটা ৰং সহজতে কম্পিউটাৰৰ ছফ্টৱেৰত আঁতৰাই অভিনেতা জনক কম্পিউটাৰত সৃষ্টি কৰা মনোমোহা জলপ্ৰপাত্ৰৰ সেই দৃশ্যৰ লগত সংযোজিত কৰিব পাৰি। বাস্তৱ আৰু কম্পিউটাৰত তৈয়াৰ কৰা দুয়োটা দৃশ্য মিলাই কেইবাটাও কাৰিকৰী ছফ্টৱেৰৰ সহায়ত সৃষ্টি হয় কোনো মনোগ্ৰাহী দৃশ্য।

xondhan bahubali vfxবহু ক্ষেত্ৰত মূল অভিনেতাজনৰ 3D প্ৰতিকৃতি বনাই আচল অভিনেতা জন নোহোৱাকৈয়ে সম্পূৰ্ণ ভাবে অকল কম্পিউটাৰত কোনো বিপদজনক দৃশ্য চিত্ৰায়িত কৰা যায়। Autodesk 3ds Max, Maya, After effect, Nuke, Cinema4D হৈছে কেইটামান প্ৰায়ভাগ ষ্টুডিয়ই VFX ত ব্যৱহাৰ কৰা ছফ্টৱেৰ। হয়তো VFX অবিহনে সম্ভৱ হৈ নুঠিলেহেঁতেন বাহুৱলীৰ দৰে এক সকলো দর্শককে চমৎকাৰ দৃশ্যয়ে মন্ত্ৰমুগ্ধ কৰি পেলোৱা চিনেমা। ডাৱৰবোৰে ঘোঁৰা আৰু ফুল হৈ যোৱা দৃশ্য, বিশাল প্ৰাচীন চহৰ, ৰাজ মহল, ভয়ংকৰ যুদ্ধৰ দৃশ্য এইবোৰ সকলো সম্ভৱ হৈছে VFX ৰ বাবেই। উচ্চমানদণ্ডৰ VFX সৃষ্টিৰ বাবে সময় আৰু পইছা দুয়োটাই বহু পৰিমানে লাগে। বাহুৱলীয়ে এই ক্ষেত্ৰত ভাৰতীয় VFX ৰ মানদণ্ড বহু ওপৰলৈ লৈ গ’ল। অনাগত সময়ত এনেকুৱা উচ্চমানদণ্ডৰ VFX সমৃদ্ধ চিনেমাই ভাৰতীয় ছবিক বিশ্বৰ আন দেশৰ দর্শকৰ মাজত আৰু জনপ্ৰিয় কৰি তুলিব।

ৰিতুপৰ্ণ বৰা,

Graphic Designer, NDTV,

নতুন দিল্লী

Share.

About Author

Graphic Designer, NDTV, নতুন দিল্লী

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.