বহাগ

0

তোমাৰ আকাশ নীলা চকুযুৰিত চালে

এনে লাগে যেন

টোপাল টোপাল বৰষুণেৰে বহাগ

মোৰ বুকুলৈ নামিব,

জীয়াই উঠিব ভালপোৱাৰ গান

জীৱনে সুৰময় কথা পাতিব,

বতাহে উৰুৱাই আনিব তোমাৰ সুবাস ।

এক অজানা মায়া আছে তাত

কিয় বাৰু মায়াৰ এই বান্ধোন

বহাগৰ লগত বৰষুণৰ বতৰা

সপোনৰ সাধনা,

সপোনে কঢ়িয়াই আনে তোমাৰ প্ৰাণময়

নীলা দুচকুৰ জীয়া জীয়া দিঠক ।

আমাৰ পৰিচয় বহাগেৰে,

তুমি কৈছিলা তোমাৰ ভাললগাবোৰ

মই শুনি গৈছিলো কথাবোৰ

মনে মনে মিলি গৈছিল আমাৰ

তুমি জনা নাছিলা

মোৰো যে ভাল লাগে বহাগ ।

জীৱন সমীপেষু;

মই বহাগৰ নষ্ট কবিতা

ভালপোৱাৰ জোখাৰে মৰমবোৰ সাৱতি ল`বা;

হয়তো সময়ে পাহৰিব পাৰে

বহাগৰ ঠিকনা ।

: সীমান্ত কলিতা (তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় )

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.