বিশ্ব পৰ্যটন দিৱস উদযাপন ২০১৮ | গিবন ইক’ কেম্প আৰু বিজিত দত্ত ডট কম

0

অসমৰ অগ্ৰণী সেউজ পৰ্যটন গৃহ “গিবন ইক’ কেম্প” আৰু পৰ্যটন ৱেব পৰ্টেল “bijitdutta. com” ৰ উদ্যোগত সমগ্র বিশ্বৰ লগতে যোৰহাটতো ২৭ ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱস (World Tourism Day) উদযাপন কৰা হয়। সেই উপলক্ষে JB College ৰ সমীপৰ Career Choice Institute ত এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈ যায়। দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা অনুষ্ঠানটিৰ ২৮ ছেপ্টেম্বৰত সামৰণি পৰিব চোলাধৰাৰ নীট য়ুৱ জ্যোতি এল টি ডিত।xondhan world tourism day 2018 celebration 2

ৰাষ্ট্ৰসংঘ বিশ্ব পৰ্যটন সংস্থাৰ এইবছৰৰ থীম “পৰ্যটন আৰু ডিজিটেল ৰূপান্তৰণ”ৰ সম্পৰ্কে বক্তৃতা প্ৰদান কৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰবক্তা সূৰ্য্য কুমাৰ চেতিয়া আৰু “বহনক্ষম উন্নয়নত পৰ্যটনৰ ভূমিকা” বিষয়ত বক্তৃতা প্ৰদান কৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক চাহিদুৰ আলমে।

জয়ন্ত জ্যোতি শৰ্মাই আঁত ধৰা অনুষ্ঠানটিৰ উদ্দেশ্য বাখ্যা কৰে বিজিত দত্তই।

অনুষ্ঠানত সূৰ্য কুমাৰ চেতিয়াই পৰ্যটনত তথ্যৰ প্ৰয়োজনীয়তা আৰু তথ্যৰ ডিজিটেল ৰূপান্তৰণ সম্পৰ্কীয় এক তত্ব গধুৰ বক্তৃতা প্রদান কৰে। পৰিব্ৰাজক হিউয়েন চাংৰ টোকাত উপলব্ধ তথ্যৰ পৰা আৰম্ভ কৰি বৰ্তমান ইণ্টাৰনেটত পৰ্যটনৰ তথ্য উপলব্ধতাৰ বিষয়ে বিতংকৈ আলোচনা কৰা হয়।
অসম মহিলা বিশ্ববিদ্যালয়ৰ পৰ্যটন বিভাগৰ সহযোগী অধ্যাপক চাহিদুৰ আলমে পৰ্যটনৰ উপাদান আৰু ডিজিটেল ৰূপান্তৰণৰ দ্বাৰা বহনক্ষম উন্নয়নৰ বিষয়ে সাৰুৱা বক্তৃতা প্ৰদান কৰে।xondhan world tourism day 2018 celebration 3

২০ জন পৰ্যটন শিক্ষাৰ্থীক সামৰি অনুষ্ঠিত হোৱা বক্তৃতা অনুষ্ঠানটিৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত দুঃসাহসিক পৰ্যটনৰ প্ৰশিক্ষণ প্ৰদান কৰিব জয়ন্ত জ্যোতি শৰ্মাই।

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.