সম্পাদকলৈ চিঠি – ই-জোনাকী যুগৰ ই-সাহিত্য

0


এই যুগ ই-জোনাকী যুগ, এই যুগৰ প্ৰাকযৌৱন কাল যেন এতিয়া৷ লাহে লাহে এখনি দুখনিকৈ কেইবাখনো ই-আলোচনীয়ে জন্ম গ্ৰহণ কৰিছে যিটো অসমীয়া ভাষা, অসমীয়া সমাজৰ বাবে এক অত্যন্ত ভাল খবৰ৷ অসম ৰাজ্যৰ পৰিধি ভাঙি বিশ্বৰ চুকে কোণে অসমীয়া ভাষা, লিপি বিয়পিব ধৰিছে৷ বিজ্ঞান প্ৰযুক্তিৰ প্ৰসাৰৰ সমসাময়িক ভাৱে ইউনিকোড লিপিৰ জৰিয়তে অসমীয়া সাহিত্যলৈ এই যি পৰিবৰ্তন, ই সঁচাকৈয়ে অসমীয়া জাতিৰ বাবে কাম্য৷ বিগত ২০১০ বৰ্ষ মানৰ পৰা আৰম্ভ হোৱা বৰ্তমানলৈ প্ৰায় ৭ টা মান এনে ৱেবছাইটত অসমীয়া লিপি জিলিকি আছে আৰু সমসাময়িকভাৱে সৃষ্টি হৈছে অসংখ্য ব্লগ পৃষ্ঠা৷ মন কৰিবলগা কথা এয়ে যে, এই ছাইটসমূহ অসমীয়া নেটিজেন ৰাইজৰ কেইজনমান লগ হৈ সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰেই সৃষ্টি কৰিছে৷ ই-মেগাজিনসমূহ বাবে পৰিচালনাৰ বাবে আৰ্থিক দিশটোও বৰ্তমান নিজেই বহন কৰিব লগা হৈছে, যিহেতু আলোচনীসমূহ এতিয়াও বিজ্ঞাপনে আকোৱালি লৈ আৰ্থিক সকাহ দিব পৰা হোৱা নাই৷ এনে সন্ধিক্ষণত নিজৰ গাঁঠিৰ ধন ভাঙি, অমূল্য সময় খৰচ কৰি যেনেকৈয়ে নহওঁক অসমীয়া ভাষাৰ উন্নতি সাধনত ব্ৰতী হোৱা সমূহ ই-আলোচনীৰ পৰিচালক, স্বতাধিকাৰী বা ইয়াৰ লগত প্ৰত্যক্ষভাৱে জড়িতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো৷

প্ৰসংগক্ৰমে ক’ব খোজো, ই-আলোচনী এখনত কি কি সন্নিবিষ্ট হৈ থাকিব পাৰে বা কি কি বিষয় অন্তৰ্ভুক্ত কৰা উচিত সেয়া পাঠকৰ ৰুচিৰ ওপৰত নিৰ্ভৰশীল৷ কাৰণ পঢ়ুৱৈয়ে যি বিচাৰে আলোচনী এখনৰ সম্পাদকে সেয়া গুৰুত্ব দিবলৈ বাধ্য৷ ম‍ই, এজন পাঠক হিচাপে বিচাৰো, এনে অসমীয়া আলোচনীসমূহত গল্প, কবিতা, উপন্যাস, হাঁহি-ধেমালি, প্ৰবন্ধৰ উপৰিও অসমীয়া ভাষা, ব্যাকৰণ, কলা-সংস্কৃতি, ঐতিহ্য, চলচ্চিত্ৰ জগতৰ খবৰ, গুৰুত্বপূৰ্ণ পৰ্যটনস্থল সমূহ, মহান ব্যক্তিসকলৰ জীৱনী, কৰ্ম, আদৰ্শ আৰু তেওঁলোকৰ লিখনি প্ৰতি সংখ্যাতেই প্ৰকাশ পাওক কাৰণ এনে লিখনি ইণ্টাৰনেটত অসমীয়া ৱিকিপিডিয়াৰ থকা নিৰ্দিষ্ট কেইটামান প্ৰবন্ধৰ বাহিৰে অন্য কতোৱেই বিচাৰি চলাথ কৰিও পোৱা নাযায়৷ আমি যেতিয়াই অসম বিষয়ক কিবা এটা প্ৰয়োজনীয় তথ্য বিচাৰি ইণ্টাৰনেটত হাবাথুৰি খাওঁ আৰু তেনে সময়ত আমাক সহায় কৰিবলৈ গুগলো অপাৰগ হৈ পৰে তেতিয়াই ইয়াৰ অভাৱ বাৰুকৈয়ে অনুভৱ হয়৷ অসম বিষয়ক গুৰুত্বপূৰ্ণ লিখনিবোৰ প্ৰকাশৰ যোগেদি ৱেবছাইট এটাৰ বুনিয়াদ সুদৃঢ় কৰি তুলিব পৰা যায় বুলি ম‍ই বিশ্বাস কৰো৷

চিৰ চেনেহী অসমী আইমাতৃৰ অসমীয়া ভাষাৰ সৌৰভ দূৰ দিগন্তলৈ বিয়পি যাওক, ই-সাহিত্য যুগৰ নেটিজেন ৰাইজৰ মৰম চেনেহত সম্ভ্ৰান্ত হওক আপোনালোকৰ “সন্ধান” ৱেবছাইট আৰু অসমীয়া ভাষা-লিপি… এয়ে কামনাৰে !!!

ঠিকনা

বিষ্ণু শ‍ইকীয়া
তেজপুৰ, অসম

[টোকা: দুদিন মান আগতে নয়নে মোক কিবা এটা লিখিবলৈ অনুৰোধ কৰিছিল, ম‍ই লিখা মেলা কৰা মানুহ নহয়, গতিকে প্ৰথমে চিন্তাতেই পৰিছিলো, পাছত আকৌ ক’লে যে সম্পাদকলৈ চিঠি এখনকে লিখিব লাগে, এইটোতো আৰু টান কাম মোৰ বাবে, আগতে কেতিয়াও এইবোৰ লিখাই নাই তথাপিটো চেষ্টা কৰিলো, মোৰ লিখাবোৰত ভুল ভ্ৰান্তি থাকিব পাৰে… শুধৰাই ল’লে ভাল পাম…… ইয়াত ৰং-ৰহন নলগোৱাকে মোৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰিলো, গতিকে বেয়া নাপাব]

মোৰ চিনাকী: প্ৰশাসক, অসমীয়া ৱিকিপিডিয়া ( www.as.wikipedia.org )
অতিৰিক্ত চিনাকী: কনিষ্ঠ সহায়ক, জনস্বাস্থ্য কাৰিকৰী বিভাগ, তেজপুৰ চক্ৰ, তেজপুৰ, শোণিতপুৰ, অসম, দূৰভাষ: ৯৮৬৪১ ৯৮২২৮]

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.