সোণামুৱা মোৰ মাজুলীৰ বেলি

0

সোণামুৱা মোৰ মাজুলীৰ বেলি

পুৱতিৰ আন্ধাৰ ফালি
সোণ হালধীয়া হাঁহি মাৰি
পূবাকাশত তই যে
উন্মোচন কৰ মাজুলীৰ প্ৰতিদিন

ৰ’দে লেখা তোৰ দিনলিপি
সামৰি-সুতৰি তই
পচিমৰ দিগ্ বলয়ত নিতে যাৱ লীন
চক্ৰৱৎ এই যাত্ৰা তোৰ বিৰামবিহীন ।

বৰলুইত যেনিবা তোৰ
সেই একেখনি পুৰণি দাপোণ
আজন্ম প্ৰেমৰ শাশ্বত সপোন ।

সৌৱা সুদূৰত নীলাভ আকাশ ….
লুইতৰ ৰূপোৱালী বালিচৰ
সুবিস্তীৰ্ণ সলিলৰাশিৰে একাকাৰ
তাতে হেঙুলীয়া হেঙুলীয়া ৰং সানি
সিপাৰত ৰৈ থাকে কোনবা চিত্ৰকৰ !

দৃষ্টিয়ে ধৰিব নোৱৰা
মনেও চুবগৈ নোৱৰা
তোৰ মোক তোল মোক তোল
সেই নান্দনিক ৰূপৰ চমকত
মোৰ যে হেঁপাহৰ অতনু কবিতাই সাৰ পায়
মাজুলীৰ মজিয়াতে
কত অমৃত সন্তানে বিশ্বজীৱনৰ গীত গায় ।

সোণামুৱা মোৰ মাজুলীৰ বেলি
তোৰ সমান কোনে জানে
দুখে লেখা মোৰ মাজুলীৰ জীৱনী
লুইতৰ সোণসেৰীয়া পুৰাণ-ৰত্নাৱলী ।

তোৰ পোহৰৰ প্ৰসাৰিত ডেউকাই
আৱৰি ৰাখে ইমূৰ-সিমূৰ মাজুলী
পথাৰ-পিতনি
কঁহুৱা -বাঁহনি
শিমলু -খেজুৰ, মদাৰ-পলাশনি
জীৰ্ণ গৰা-মথাউৰি, বালিয়ৰি আলি ।

সোণামুৱা মোৰ মাজুলীৰ বেলি
তোৰ বিনন্দীয়া উছৱৰ গান শুনি
উলাহত জাকি মাৰি উঠে অজস্ৰ পখী
তোৰ সুৰৰ গুঞ্জনেৰে পুৱা-গধূলি মুখৰ
ভাওনাথলী, সত্ৰ-নামঘৰ, ম’হ-খুঁটি, চাংঘৰ ….

তই মেলানি মাগিবৰ বেলাতে
ঘৰ চাপি আহে চৰণীয়া গৰু-বাছুৰ
জাকে জাকে মাছুৱৈয়ে
খালৈ ভৰাই আনে
পুঠি-কাৱৈ,খলিহনা,শিঙি-মাগুৰ …. ।

সোণামুৱা মোৰ মাজুলীৰ বেলি
নিমাতী , জেংৰাই কিম্বা চুমৈমাৰি ঘাটত
কোনে নেওচিব পাৰে তোৰ হাত বাউলি
তোৰে সৈতে এসন্ধ্যা যাপন কৰিবলৈ
অন্ততঃ এবাৰ তোৰ চৰণ চুই
তোৰে সৈতে একাত্মীয় হৈ যাবলৈ
ভূমানন্দৰ অকূল বাসনাত
কতজনৰ যে নাচি উঠে হিয়া-জালি !

তোৰ হেঙুল আঁচলতে
এদিন যে এৰি থৈ আহিছিলোঁ
আঘোণ আঘোণ গোন্ধোৱা
মিছিং গাঁৱৰ এটি আলফুল গধূলি ।

© অবিনাশ কলিতা,
টিহু 

Share.

Leave A Reply