তৃপ্তিৰ হাঁহি (অৰ্জুন অনুৰাগ ৰায়)

0

ৰিক্সা খন ৰাস্তাৰ কাষতে থৈ অনিৰুদ্ধয়ে ঘামেৰে মলিন হোৱা গামোচা খনেৰে মুখ মোহাৰি মোহাৰি ৰাস্তাৰ দাঁতিতে থকা কাপোৰৰ দোকান এখনত সোমাল। কাইলৈ মানুহজনীৰ জন্ম দিনত শাৰী এখন দিব। নীলা ৰংৰ শাৰী খনৰ পিনে আঙুলিয়াই অনিৰুদ্ধ এ ক’লে “ দাদা এই শাৰী খনৰ দাম কিমান ?” দোকানী ক’লে “ ১৫০০ টকা  আপুনি ললে অকণমান কমাই দিম“ । দাম শুনিয়েই অনিৰুদ্ধই কৃত্ৰিমত হাঁহি মাৰি ক’লে হব দাদা নালাগে। গধুৰ মনেৰে অনিৰুদ্ধ ৰিক্সা খনৰ কাষ চাপিলে, হঠাত তাৰ মনত পৰিল মানুহজনীয়ে বিয়াৰ আগতে গগনা বজাই খুব ভাল পাইছিল। কাইলৈ সি নিজে এটা গগনা বনাই জন্ম দিনৰ উপহাৰ দিব লাগিলে কাইলৈ ৰিক্সা নচলাব । হঠাত তাৰ সেমেকা ওঁঠত তৃপ্তিৰ হাঁহি বিৰিঙিল..মুখত পুৰণি বিহু এফাকি গাই গাই ঘৰৰ পিনে অগ্ৰসৰ হল ।

অৰ্জুন অনুৰাগ ৰায়
ফোন৯৮৫৯৪২১৩৩৭

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.