অধ্যাপক অমৰজ্যোতি চৌধুৰীৰ সৈতে সাক্ষাৎকাৰ (খণ্ড ৩)

0

(পুৰণি সংখ্যা)

 সন্ধান: অসমৰ ৰাইজে আপোনাক আবৃত্তিকাৰ হিচাপেও জানে। আবৃত্তিৰ ক্ষেত্ৰখনত আপুনি পোনপ্ৰথমে কেনেদৰে জড়িত হৈ পৰিছিল?

অমৰজ্যোতি চৌধুৰী ছাৰ: আমাৰ দেউতাৰ বেছি টকা-পইচা নাছিল৷ মূলত: তেওঁ নাট্যকাৰ আছিল৷ আগতে যেতিয়া আমাৰ জন্মদিন হয়, জন্মদিন হোৱা কাষৰ মানুহবিলাকক নতুন কাপোৰ দিয়া দেখা পাওঁ৷ কিন্তু মোক তেতিয়া দেউতাই সদায় মোৰ জন্মদিনত এটা নতুন কবিতা দিয়ে আবৃত্তি কৰিবলৈ৷ সেইটো আবৃত্তি কৰি কৰি ওচৰৰ মানুহক শুনাও৷ সেইখিনি সময়ত বীৰেন ভট্টাচাৰ্য্য, হেম বৰুৱা, ভূপেন হাজৰিকা তেখেতসকল আমাৰ ঘৰলৈ আহে দেউতাৰ লগত আলোচনা কৰিবলৈ, তেওঁলোক আহিলে তেখেতসকলৰ আগত আবৃত্তি কৰি শুনাও৷ তেনেকৈ দেউতাই লিখা ‘মোৰ লক্ষ্য’ নামৰ কবিতা এটা আছে, কিতাপত পঢ়িবলৈ পোৱা যায়৷ সেইটো কবিতাও মোৰ জন্মদিনত লিখি দিয়া৷ বোধকৰোঁ দ্বিতীয়-তৃতীয় শ্ৰেণীমানত পঢ়োঁতে৷ তেতিয়াৰ পৰাই মোৰ আবৃত্তিৰ লগত সম্পৰ্ক৷ সেইকাৰণে নাটক কৰোঁতেও যিবোৰত অলপ বেছি নিজৰ সংলাপ থাকে, অকলে নিজকে নিজে কোৱা কথা, সেইবিলাক কৰিলে মই বেছি ফূৰ্তি পাওঁ৷ কাৰণ সেই আবৃত্তিৰ সৈতে থকা সম্পৰ্কৰ বাবে৷

: আপুনি আবৃত্তিৰ কাৰণে কবিতা নিৰ্বাচন কৰোঁতে কোনবোৰ কথাত গুৰুত্ব দিয়ে?prof-amarjyoti-choudhury

: আগতে মই বেলেগ বেলেগ কবিৰ কবিতা আবৃত্তি কৰিছিলোঁ৷ যেতিয়া মই কটন কলেজত কাম কৰোঁ, তেতিয়া আমি কবি নবকান্ত বৰুৱা আৰু হীৰেন ভট্টাচাৰ্য্যৰ কবিতা বহুত আবৃত্তি কৰিছিলোঁ৷ হীৰেন ভট্টাচাৰ্য্যৰ সকলো কবিতাই মোৰ মুখস্থ আছিল৷ সেইটো এটা স্তৰ৷ তাৰ পাছত দেখা গ’ল বহুত সময়ত মই যিটো ক’ব খোজোঁ, সেইটো সেইবিলাক কবিতাত নাপাওঁ৷ উদাহৰণ স্বৰূপে আন্দোলনৰ সময়ত কি হৈছে, তাৰ পাছৰ পৰিৱেশত থকা সময়ত কি হৈছে, এইবোৰ কথাৰ বিচাৰ কৰিবলৈ যিবোৰ চিন্তা আহিল, তেতিয়া দেখিলোঁ যে নিজে নিজে লিখি লোৱাৰ প্ৰয়োজন হৈছে৷ গতিকে তেতিয়াৰ পৰা নিজে লিখি লৈ কওঁ৷ তাৰ অৰ্থ এইটো নহয় যে বেলেগে ভাল কবিতা লিখা নাই৷ বহুত ভাল কবিতা লিখিছে৷ কিন্তু মই যিটো ক’ব খুজোঁ মানুহক, মানুহৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপনৰ চিন্তা বা চেষ্টা, সেইটো মই ভাবো যে আবৃত্তিৰ জৰিয়তে কৰিব পাৰোঁ৷ সেইকাৰণে আবৃত্তি মই এতিয়াও কৰোঁ৷ বহুতে ভাৱে যে এই মানুহজনৰ কি হৈছে, পঢ়াবলৈ এৰি আবৃত্তি কৰি আছে! কিন্তু মই ভাবো যে সমাজত সম্পৰ্ক স্থাপন কৰা প্ৰত্যেকজন অধ্যাপকৰ কৰ্তব্য৷ যদি মই কিবা এটা অনুভৱ কৰিছোঁ, সেইটো মানুহৰ লগত ভগাই লোৱাতো মোৰ কৰ্তব্য বুলি ভাৱো৷ সেই ইচ্ছাৰে মই কৰিছোঁ৷

 

: চাৰ অসমৰ বৰ্ত্তমান পৰিস্থিতিত সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কে কি কয়?

: সংবাদ মাধ্যমে সমাজত যিটো হয়, সেইটো প্ৰতিফলিত কৰিব লাগিব৷ বহুত সময়ত সেইটো প্ৰতিফলিত কৰোঁতে, এনেকুৱা দেখা যায় যেন সংবাদ মাধ্যমেহে ভুল ভূমিকা লৈছে৷ কিন্তু ভুল ভূমিকা আচলতে কোনে লৈছে? এইটো লৈছে আমাৰ সমাজখনেহে৷ গতিকে সেইটো এটা কথা৷ আৰু দ্বিতীয়তে, এইটোও হয় যে কিছুমান সংবাদ মাধ্যমে বেছি চাঞ্চল্যকৰ ৰূপত দেখুৱাবলৈ যত্ন কৰে৷ টিভিতো তাৰ প্ৰতিযোগিতা হয়৷ সাধাৰণ কথা এটাকে ইমান উত্তেজিত ভাৱে পৰিৱেশন কৰে যে মানুহৰ মাজতো উত্তেজনা বাঢ়ি যায়, সংঘৰ্ষৰ বেছি অৱকাশ হয়৷ গতিকে সেইবোৰ অলপ কমাই ৰাখিব লাগে৷ যুক্তিসংগত কথা পৰিৱেশনত বোধকৰোঁ বেছি গুৰুত্ব দিব লাগে৷

বড়োভুমি যেনেকৈ এখনৰ পাছত এখন জ্বলিছে, সেইখিনি সময়ত শান্তিৰ এটা বাট দেখুৱাটো বোধকৰোঁ আমাৰ এটা কৰ্তব্য৷ এইটোও হয় যে, সেইখিনি সময়ত এই ঘটনাবোৰ হৈ আছে, ঘটনাবিলাকৰো কথা পৰিবেশন কৰিব লাগিব৷ কিন্তু তাত এটা গঠনমূলক দৃষ্টিৰে চাই তাৰ লগতে শান্তিৰ বাটটো কি হ’ব পাৰে, এইবোৰ দেখুৱাটো বোধকৰোঁ সংবাদ মাধ্যমৰ কৰ্তব্য৷ বহুতেই আজিকালি কয় যে এইটো আধুনিক সংবাদ মাধ্যমৰ এটা ভাষ্য হৈছে৷ তেওঁলোকে ক’ব খোজে যে সংবাদ মাধ্যমে যিটো হৈছে সেইটো ক’লেই হ’ল, বাট দেখুৱাবৰ কোনো প্ৰয়োজন নাই৷ বা তাত আলোচনা বা মন্তব্য দিয়াৰো কোনো প্ৰয়োজন নাই৷ মই ভাবো এইটোৰ জৰিয়তে আচলতে সমাজখনক বিভ্ৰান্ত কৰিবলৈহে যত্ন কৰা হৈছে৷ সংবাদ মাধ্যমৰ এটা কৰ্তব্য আছে- সমাজখনক বাট দেখুওৱাৰ৷ সেইটো যদি নকৰে, তেতিয়াহ’লে সেইটো কেনেকৈ প্ৰকৃত সংবাদ মাধ্যম হ’ল৷

স: এবাৰ এটা নিউজ চেনেলৰ খুব কম সময়ৰ সাক্ষাৎকাৰ এটাত আপুনি কৈছিল যে সৰুকালতে অভিনয় কৰাৰ সুযোগ পাই গ্লেমাৰ কি বস্তু আৰু গ্লেমাৰ যে ক্ষণস্থায়ী সেই কথা আপুনি সৰুতেই বুজি পাইছিল। গ্লেমাৰ আৰু তাৰ ক্ষণস্থায়ীত্বৰ সম্পৰ্কে অলপ বহলাই ক’ব নেকি?

: গ্লেমাৰ নামটোৰ সৈতেই আচলতে ক্ষণস্থায়ীত্ব জড়িত আছে৷ মই যদি উভতি চাও, যেতিয়া মই ‘মাক আৰু মৰম’ আৰু ‘আমাৰ ঘৰ’ কৰিছিলোঁ, সেইখিনি সময়ত চিনেমা কৰাৰ কাৰণে মোৰ লগত চাগৈ এটা গ্লেমাৰ জড়িত হৈ পৰিছিল৷ গাঁও অঞ্চলৰ পৰা বহুতো মানুহে মোক চাবলৈ আহে৷ এনেকুৱা হয়, কাৰণ সেইখিনি সময়ত তেনেকুৱা এটা পৰিবেশ আছিলেই৷ উদাহৰণ স্বৰূপে, বিহুলৈ যেতিয়া যাওঁ, বিহুত ডাঙৰ হৰ্ডিঙত ফটো মৰা আছে, গতিকে যোৱাৰ লগে লগে সকলো মানুহে আবৰি ধৰে৷ এনেকুৱা ধৰণৰ কথাবিলাক তেতিয়া হৈছিল৷ সেই যিটো গ্লেমাৰ দেখা পাইছিলোঁ, এমাহ মান পাছত লাহে লাহে নোহোৱা হ’ল৷ গতিকে গ্লেমাৰ খুব কম সময়ৰ বাবে থাকে৷ কিছুমান ডাঙৰ শিল্পীয়ে সেইটো চিৰস্থায়ী কৰি লয়৷ এতিয়া ভূপেন হাজৰিকাৰ ক্ষেত্ৰত আমি দেখা পাইছিলোঁ৷ মনত আছে এবাৰ আমি কলিকতালৈ যাওঁতে, ভি আই পি লাউঞ্জ (বিমান বন্দৰ)ত তেখেতক মানুহে বেঢ়ি ধৰিছে৷ অসমীয়া মানুহ নহয়, বঙালী মূলত:, আৰু বাহিৰৰ, মূল ভাৰতীয় কিন্তু অসমীয়া মানুহ নহয়, তেখেতক এনেদৰে ঘেৰি ধৰি আছে, অট’গ্ৰাফ লৈছে৷ তেখেতে যে জীৱনৰ শেষ পৰ্যন্ত নিজৰ গ্লেমাৰটো ৰাখিব পাৰিছে, সেইটো একেবাৰে ধূৰুপ কথা৷ গতিকে সেইটো ৰাখিব পাৰে খুব কম মানুহে যি অতিশয় উল্লেখযোগ্য অৰিহণা আগবঢ়ায়৷ সাধাৰণ শিল্পী বা সাধাৰণ গান গোৱা বা তবলা বজোৱা, এনেকুৱা মানুহৰ কাৰণে এইটো কিন্তু একেবাৰে ক্ষণস্থায়ী বস্তু৷

: সুধাকন্ঠ হাজৰিকাদেৱক আপুনি প্ৰথম ক’ত কেনেদৰে লগ পাইছিল?

: প্ৰথমতে আমি তেখেতক দেখা পাও কাছাৰী বজাৰত৷ এতিয়া গুৱাহাটীৰ কাছাৰী বজাৰ বুলি যিখিনি ঠাইক কয়, তাত এটা নৈৰ ঘাট আছে৷ এতিয়াও তাৰ অৱশেষ দেখা পায়৷ সেইখিনি তেখেত আহি বহি থাকে, নৈখনিলৈ চাই থাকে৷ আমি ওচৰত খেলিবলৈ যাওঁ৷ তেতিয়া তেখেতক চিনি নাপাওঁ, জানোঁ যে গান গোৱা মানুহ৷ নৈলৈ চাই থাকে বাবে আমি তেখেতক নৈ চোৱা মানুহ কৈছিলোঁ৷ প্ৰায় এঘণ্টা-দুঘণ্টা তাত বহি থাকে৷ নৈখনিলৈ কিনো চাই থাকে মই নাজানোঁ, কিন্তু সেয়ে প্ৰথম তেওঁক দেখা৷ তাৰ পিছত যেতিয়া মই “মাক আৰু মৰম” কৰিছোঁ, তেতিয়া তেখেত আমাৰ ঘৰলৈ আহিছিল চিনেমা ভাল কৰা বুলি ক’বলৈ৷ আমি কেইজনমান ল’ৰাই তেতিয়া বাহিৰত ফুটবল খেলি আছিলোঁ৷ বৰষুণ পৰি অলপ বোকা হৈ আছিল, তেখেতেও আহি তেনেকৈয়ে আমাৰ লগত খেলিব ধৰিলে৷ তেতিয়া পাকঘৰত আমি মাটিতে ভাত খাওঁ৷ খেলাৰ পাছত ভূপেন দাৰ লগতে আমি গোটেই কেইজন ল’ৰাই মাটিতে বহি ভাত খাইছোঁ৷ একেবাৰে সৰু কালৰ ঘটনা বুলি ক’লে সেইটো কথাই মোৰ মনত আছে৷

: ছাৰ, তাৰ পাছৰ স্মৰণীয় অভিজ্ঞতা দুটামান মনত পেলাব নেকি?

: মই “আমাৰ ঘৰ” চিনেমাখন কৰোঁতে কলিকতালৈ গৈছিলোঁ৷ তেখেত তেতিয়া কলিকতাতে থাকে৷ তেখেতৰ ঘৰলৈ মোক লৈ গৈছিল ফণী শৰ্মা ডাঙৰীয়াই৷ তেনেকেই তেখেতক কিছুদিনৰ পাছত লগ পোৱা৷ ইতিমধ্যেই কৈছোঁ যে তেখেত আমাৰ ঘৰলৈ আহিছিলে৷ এতিয়া যিখিনি সময়ত তেখেতক লগ পাইছিলোঁ, অহৰহ মানুহ তেখেতৰ ওচৰলৈ আহি থাকে৷ মানুহজন বহিবলৈ সময় নাপায়৷ সেইকাৰণে মোৰ তেতিয়া ঠিক “গান গোৱা” মানুহতকৈ ৰাজনীতিবিদ মানুহৰ নিচিনা ধাৰণা হৈছিল৷ গায়ক এজনে যে সমাজত ইমান প্ৰভাৱ পেলাব পাৰে, তেতিয়া মোৰ কল্পনাই ঢুকি পোৱা নাছিল৷

: সুধাকন্ঠ ড. ভূপেন হাজৰিকাৰ মৃত্যুত ৰচিত কবিতা “এটা গান শেষ হ’ল” – তাৰ ভিতৰৰ কথাখিনি আমাৰ পাঠকক অকণমান বহলাই ক’বনেকি?

: এইটো আচলতে বহু দিনৰ আগৰ কথা৷ ১৯৭৭ চনত মই ইংলেণ্ডৰ পৰা উভতি আহিছোঁ পি. এইচ. ডি. কৰি৷ আৰু অহাৰ প্ৰায় তিনিমাহমানৰ পাছতে জয়ন্ত হাজৰিকাদেৱ ঢুকাইছিল৷ জয়ন্ত হাজৰিকাৰ লগত আমাৰ সম্পৰ্ক আছিল গুৱাহাটীত থকা এটা সাংস্কৃতিক সংঘৰ জৰিয়তে৷ সংঘত আমি নাটক কৰোঁ, গান গাওঁ; তেখেতো তালৈ আছে৷ যেতিয়া তেখেত ঢুকাল, তেখেতৰ ল’ৰাৰ বাবে যাতে এটা কোষ গঠন কৰিব পৰা যাই, তাৰ বাবে নেহৰু ষ্টেডিয়ামত এটা অনুষ্ঠান হৈছিল৷ অনুষ্ঠানত বহুতে মোক ক’লে এটা কবিতা লিখিবলৈ৷ সেইবাৰ প্ৰথমবাৰ মই মঞ্চত বহুতো বাদ্য যন্ত্ৰ সংযত কৰিছিলোঁ; একৰ্ডিয়ান বজাইছিল সুজিত সিংহই, সত্যেন চৌধুৰীয়ে ভায়’লিন বজাইছিল; এনেকৈ এটা ডাঙৰ দলে মঞ্চত উঠি জয়ন্ত হাজৰিকাক শ্ৰদ্ধা জনাই কবিতা আবৃত্তি কৰিছিলোঁ৷ কবিতা আবৃত্তি কৰাৰ আগ মুহূৰ্তত দেখিছোঁ যে ভূপেন হাজৰিকাদেৱ আহি সন্মুখৰ এখন চকীত ভেজা দি থিয় হৈ চাই আছে৷ কবিতা আবৃত্তি শেষ হোৱাৰ পাছত তেখেত সোমাই আহিছে আৰু মোৰ কান্ধত হাত থৈ ক’লে, “অমৰ, মই যেতিয়া ঢুকাম, মোৰ বাবেও কবিতা এটা লিখিবা৷” তেখেতে ঠাট্টা কৰি কৈছিল, নে সঁচাকৈ কৈছিল মই নাজানোঁ, কিন্তু সেই কথাষাৰ মোৰ মনত আছিল৷ ৫ নৱেম্বৰৰ দিনা ভূপেন দাৰ মৃত্যুৰ খবৰ পোৱাৰ সময়ত মই ইয়াতে (তেজপুৰ বিশ্ববিদ্যালয়) আছিলোঁ৷ খবৰ পোৱাৰ লগে লগে মই এখন গাড়ীত উঠি গুৱাহাটীলৈ ৰাওনা হ’লো৷ গৈ থাকোঁতে, ঠিক পৰোৱা চাৰিআলিমান পাওঁতে অগ্ৰদূত কাকতৰ পৰা মোক ফোন কৰিছে; তেখেত যে ঢুকাল এই বিষয়ে আপোনাৰ প্ৰতিক্ৰিয়া কি এনেকুৱা ধৰণৰ৷ তেতিয়া কি কও, কি নকও ভাবি থাকোঁতে প্ৰথম শাৰীটো স্বতঃস্ফূৰ্ত ভাবে মুখৰ পৰা ওলাল “এটা গান শেষ হ’ল”৷ তাৰ পিছত যেতিয়া গৈ ঢেকিয়াজুলি মান পাইছোঁ, তেতিয়া প্ৰতিদিন কাকতৰ পৰা ফোন কৰিলে৷ হাইদৰ হুছেইনে নিজে ফোন কৰি প্ৰতিক্ৰিয়া সুধিলে৷ তেতিয়ালৈকে মোৰ চাৰি শাৰীমান লিখা হৈছে৷ কবিতাটো লিখিবলৈ মোৰ উচপিচ লাগিছিল, কাৰণ তেখেতে (ভূপেন হাজৰিকা) মোক আগতেই কৈ থৈছিল৷ তেনেকৈ গোটেই বাটছোৱাত আধামান লিখা হৈছিল৷ পিছদিনা উঠিয়েই কবিতাটো সম্পূৰ্ণ কৰি ষ্টুডিঅ’ বিচাৰিলোঁ৷ কিন্তু সেইদিনা বেছিভাগ ষ্টুডিঅ’ বেলেগ কামৰ বাবে বুক হৈ আছিল, অথবা কিছুমানে ভূপেন দাৰ প্ৰতি সন্মান জনাই বন্ধ ৰাখিছিল৷ অৱশেষত ২ টা মান বজাত মই এটা ষ্টুডিঅ’ পালোঁ আৰু ৰেকৰ্ডিং কৰিলোঁ৷ মোৰ উদ্দেশ্য আছিল যে সেইটো (কবিতা) ৰেকৰ্ডিং কৰিম আৰু কোনোবাই শুনিলে শুনিব, নুশুনিলে নাই৷ এনেতে ৰেকৰ্ডিং কৰি থকা অৱস্থাত নিউজ লাইভ (টি. ভি.)ৰ কোনোবা এজনে গম পালে, আৰু ফোন কৰি ক’লে যে এইটো (ৰেকৰ্ডিং) আমাক দিবচোন৷ এনেকৈয়েই প্ৰচাৰ পালে৷ মোৰ কোনো উদ্দেশ্য নাছিল যে টিভিত দিম, এইবোৰ মনলৈ অহা নাছিল৷ মোৰ কেৱল উদ্দেশ্য আছিল যে এইটো কৰি এদিন দীঘলীপুখুৰীৰ পাৰৰ ভূপেন দাৰ প্ৰতিমূৰ্তিৰ ওচৰত এদিন গামগৈ৷ সেইবাবে পাছত মই এদিন তাতে অনুষ্ঠান এটি পাতি ভূপেন দাৰ বাবে লিখা দুটা কবিতা আবৃত্তি কৰিছিলোঁ৷

: আপুনি “এটা গান শেষ হল” কবিতাত কৈছে –

“কোন ক’ত আছ আহ

গাওঁ জাতিক জগোৱা গান

গাওঁ মানুহৰ জয় গান….”

আপোনাৰ এই আহ্বান সঁচাকৈয়ে সাময়িক। আজিৰ তাৰিখত আপুনি কি বুলি ভাবে?

ভাল কামৰ বাবে সঁচাকৈয়ে অসংখ্য মানুহ ওলাই আহিব বুলি আমি আশা কৰিব পাৰোঁনে?

: মই ভাবো যে মানুহ ভাল কামৰ বাবে এতিয়াও ওলাই আহিব৷ এতিয়াও আমি দেখি আছোঁ যে মানুহ ওলাই আহি আছে একোটা একোটা ভাল চিন্তা লৈ৷ সকলো চিন্তা হয়তো শুদ্ধ নহ’ব পাৰে, কিন্তু অন্তঃকৰণেৰে যে ওলাই আহিছে তাত কোনো সন্দেহ নাই৷

: ছাৰ, এইখিনিতে এটা খোকোজা আছে৷ যিখিনি মানুহ ওলাই আহিছে, তেওঁলোকক কেনেধৰণে পৰিচালিত কৰা হৈছে ?

অ: সেইটোৱেই ডাঙৰ কথা৷ বহুত সময়তে দেখা গৈছে যে সকলো জনগোষ্ঠীৰে গঠিত অসমীয়া জাতিটো বেছি আবেগিক৷ আবেগে টানি নিয়ে৷ আৰু সেই আবেগক বহুতে ভুল পথে পৰিচালিত কৰে৷ কিন্তু ভাল অন্তৰেৰে যে মানুহখিনি ওলাই আহে; এইযে ভূপেন দাক অন্তিম বাৰৰ বাবে চাবলৈ দিনে-ৰাতি গুৱাহাটীত মানুহৰ সোঁত বৈছিল, এইবোৰতো মানুহৰ স্বতঃস্ফূৰ্ত বাবে হোৱা৷ গতিকে দেখিছোঁ যে জাতিটোৰ মাজত ভাল কাম কৰাৰ বহুতো স্পৃহা আছে৷ আমাৰে দুৰ্ভাগ্য যে আমি সংগঠিত কৰিব পৰা নাই৷ এতিয়াতো ভূপেন দা নাই, বা ভূপেন দাৰ নিচিনা ব্যক্তিত্বও নাই যিয়ে গোটেই অসমখনক একত্ৰিত কৰি নতুন বাট দেখুৱাই লৈ যাব৷ গতিকে এতিয়া আটাইতকৈ প্ৰয়োজনীয় হৈছে সমূহীয়া সাংস্কৃতিক দায়িত্ব৷ মানুহখিনি মিলি, অন্ততঃ যিখিনিৰ একে চিন্তা আছে, তেওঁলোক ওলাই আহিব লাগে৷ সেইবাবে আমি কিছুদিন আগত এখন “ভূপেন হাজৰিকা সাহিত্য সংস্কৃতি মঞ্চ” সমূহীয়া মঞ্চৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চল তথা বিশ্বৰ মানুহলৈ আহ্বান জনাইছোঁ, যে ভূপেন দাৰ মৃত্যু জিনাৰ দিনটোত যাতে সকলোৱে হাতে হাত ধৰি মানৱ শৃংখলৰ গঠন কৰে৷  য’তে থাকে, বিদ্যালয় চৌহদ বা বিশ্ববিদ্যালয়ৰ চৌহদ, সকলোতে দিনৰ ১১ বজাত মানুহৰ মালা গঠন কৰে আৰু এটা সমন্বয়ৰ শপত লয়৷ তাৰ লগতে সেই হাতে হাত ধৰা অৱস্থাতে “মানুহে মানুহৰ বাবে” গানটো গোৱা যাওক৷ ইয়াত এটা হৈছে যে সকলো সামূহিক জনগোষ্ঠীসমূহৰ মাজত থকা সম্পৰ্কক বিশ্বৰ মাজলৈ লৈ যোৱা৷ সেইবাবে আমি বিশ্বৰ সকলো মানুহলৈ আবেদন জনাইছোঁ, বিশেষকৈ অসমৰ পৰা যিখিনি মানুহ বাহিৰত আছে, তেখেতসকলকো আবেদন জনোৱা হৈছে৷

 

(সাক্ষাৎকাৰটোৰ শেষ খণ্ডটো অহা সংখ্যাত প্ৰকাশ কৰা হ’ব)

 

সন্ধানৰ হৈ সাক্ষাৎগ্ৰহন – নৱনাথ চহৰীয়া
ব্যৱস্থাপনা – নয়ন জ্যোতি কলিতা, পংকজ জ্যোতি মহন্ত, মঞ্জিল পি. শইকীয়া
চলমান চিত্ৰগ্ৰহণ – যুৱা প্ৰতীম গগৈ, দিব্য জ্যোতি শৰ্মা, দাপ কুপাৰ তাৰিয়াং, শ্ৰীকান্ত চৌধুৰী
চলমান চিত্ৰগ্ৰহণ লেবৰটৰী – তেজপুৰ বিশ্ববিদ্যালয় গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ চলমান চিত্ৰগ্ৰহণ লেবৰটৰী

 

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.