বিহুগীতত ব্যৱহাৰ হোৱা বিভিন্ন বাদ্যযন্ত্ৰৰ বিষয়ে এক চমু আলোকপাত (১)

0

বিহু অসমীয়াৰ জাতীয় উৎসৱ৷ বিহু আহিলেই প্ৰতিজন অসমীয়াৰ দেহ মন আনন্দ-উলাহেৰে উপচি পৰে৷ প্ৰধানতঃ বিহু হৈছে এক কৃষিভিত্তিক উৎসৱ৷ জাতি-ধর্ম-ভাষা নির্বিশেষে অসমৰ সকলো ৰাইজেই বিহু উলহ মালহৰে পালন কৰে৷ অসমীয়াৰ তিনিটা বিহুৰ ভিতৰত বহাগ বিহু বা ৰঙালী বিহু বসন্ত কালত উদযাপন কৰা হয়৷ পৰম্পৰাগতভাবে সাত দিনৰ বাবে ৰাইজে বহাগ বিহু পালন কৰে আৰু বিহুৰ প্ৰথম দিনাৰ পৰা অসমীয়া নৱবর্ষৰ আৰম্ভণি হয়৷ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু ঠাইভেদে বহাগ বিহু ভিন্ন নামেৰে আৰু ভিন্ন পদ্ধতিৰে পালন কৰা হয়৷ বিহু হৈছে অসমীয়া সংস্কৃতিৰ দীর্ঘদিনীয়া উত্তৰণৰ এক চানেকী৷ বিহুৰ উৎপত্তি তথা ক্ৰমবিকাশৰ বিষয়ে কোনো নির্দিষ্ট তথ্য নাই৷ এই বিষয়ে জানিবলৈ বিভিন্ন সময়ত বিভিন্নজনে গৱেষণা আৰু অধ্যয়ন চলাইছে যদিও কোনো নির্দিষ্ট সিদ্ধান্তত উপনীত হ’ব পৰা নাই৷ কিন্তু নিশ্চিতভাবে বিহুৱে অসমীয়া সংস্কৃতিৰ বাৰেৰহণীয়া ৰূপটোক প্ৰতিফলিত কৰি আহিছে৷ সময়ৰ বোৱতী নৈত উটি ভাহি নগৈ বিহুৱে নিজৰ সুকীয়া সাংস্কৃতিক ঐতিহ্যক বজাই ৰাখিবলৈ সক্ষম হৈছে৷

বহাগ বিহু বা ৰঙালী বিহুৰ এক সুকীয়া বৈশিষ্ট্য হৈছে বিহুগীত বা হুঁচৰি৷ অসমীয়া বিহুগীতত এক বিশেষ মাদকতা আছে৷ বিহুগীতৰ সমানেই গুৰুত্বপূর্ণ হৈছে বিহুগীতত বজোৱা বাদ্যযন্ত্ৰসমূহ৷ এই বাদ্যযন্ত্ৰসমূহ প্ৰধানকৈ সংগীতৰ বিশেষ জ্ঞান নথকা গাৱঁলীয়া কৃষক সমাজৰ অনবদ্য সৃষ্টি৷ সময়ৰ সোঁতৰ লগত খাপ খুৱাবলৈ পাছত বিভিন্ন সংগীতজ্ঞসকলে এই বাদ্যযন্ত্ৰসমূহৰ বিশ্লেষণ কৰি ইয়াৰ বিকাশ ঘটাইছে৷ বিহুগীতত বজোৱা বিভিন্ন বাদ্যযন্ত্ৰসমূহৰ ভিতৰত আছে—

১) ঢোল ২) পেঁপা ৩) গগণা ৪) তাল ৫) টকা ৬) বাঁহী ইত্যাদি

 

১) ঢোলঃ :

নিঃসন্দেহে ঢোল হৈছে অসমীয়া লোকসংস্কৃতিৰ এক গুৰুত্বপূর্ণ বাদ্যযন্ত্ৰ৷ অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মাজতেই ঢোলৰ বহুল ব্যৱহাৰ আছে৷ সেয়েহে অসমৰ বিভিন্ন ঠাইত ভিন্ন প্ৰকাৰৰ ঢোল তথা বজোৱাৰ বিভিন্ন পদ্ধতি পোৱা যায়৷ ধর্মীয় শাস্ত্ৰত উল্লেখ থকা মতে ঢোলৰ সৃষ্টি হৈছিল কৈলাশ পর্বতত, যাক পাণ্ডৱসকলৰ অর্জুনে পৃথিৱীলৈ আনিছিল বুলি বিশ্বাস কৰা হয়৷

বিহুগীত বা হুঁচৰি ঢোল অবিহনে কেতিয়াও সম্পূর্ণ নহয়৷ ঢুলীয়াৰ ঢোলৰ ধ্বনিৰেই বিহুগীত আৰম্ভ হয়৷ অকল বিহুগীত বা বিহুনাচতেই নহয়, অন্য বাদ্যযন্ত্ৰ যেনে পেঁপা, গগনা আদি বজোৱাৰ সময়তো ঢোল বজোৱা হয়৷ বিহুগীতত আৰম্ভণিৰ পৰা শেষলৈকে ঢোল বজোৱা হয়, আনহাতে পেপাঁ, গগনা, ইত্যাদিবোৰ বিহুগীতৰ মাজ অংশতহে বজোৱা হয়৷ বিহু বা হুঁচৰিৰ বাহিৰেও ওজা ঢোল বিভিন্ন ধর্মীয় আৰু বিবাহ অনুষ্ঠানৰ এক অপৰিহার্য অংগ৷ ঢোলক এক পবিত্ৰ বাদ্যযন্ত্ৰ বুলি গণ্য কৰা হয়৷ সত্ৰসমুহৰ বিভিন্ন ধর্মীয় উৎসৱ যেনে ৰাসলীলা বা ফল্গুৎসৱত ঢোল বহুলভাবে ব্যৱহৃত হয়৷ অসমৰ পৰম্পৰাগত খেল-ধেমালি যেনে ম’হযুঁজ, কুকুৰাযুঁজ আদিৰ সময়তো ঢোল বহুলভাৱে ব্যৱহৃত হয়৷

ঢোলক অসমীয়া লোক-সংস্কৃতিত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত আহোম স্বর্গদেউসকলৰ গুৰুত্বপূর্ণ অৱদান আছে৷ ঢুলীয়াসকলৰ গুৰু সাধন ওজাই প্ৰথম আহোম স্বর্গদেউ চুকাফাৰ ৰাজসভাত ঢোল পৰিবেশন কৰিছিল বুলি জনা যায়৷ আহোম ৰাজত্বকালত ঢোলে এক ৰাজকীয় মর্য্যদা লাভ কৰিছিল৷ যেতিয়া আহোম ৰজাসকল বা ৰাজসভাৰ অন্যান্য সভাসদসকল ওলাই গৈছিল তেতিয়া ঢুলীয়াসকলে ঢোলবাদ্য পৰিবেশন কৰি তেওঁলোকক আগবঢ়াই নিছিল৷ তদুপৰি ৰজাৰ বিভিন্ন নির্দেশ , বা-বাতৰি আদিবোৰ ঢোল পিটি ৰাইজক শুনোৱা হৈছিল৷ গতিকে আহোম ৰাজত্বকালতো ঢোলৰ বিভিন্ন ব্যৱহাৰৰ বিষয়ে উমান পোৱা যায়৷

অসমীয়া লোক সংস্কৃতিত ব্যৱহাৰ হোৱা ঢোলৰ বিভিন্ন প্ৰকাৰঃ

১) বিহু ঢোল বা পাটী ঢোল আৰু ওজা ঢোলঃ বিহু ঢোল বা পাটী ঢোল হৈছে বিহুগীতত ব্যৱহাৰ হোৱা সৰু আকাৰৰ এবিধ ঢোল৷ ওজা ঢোলৰ আকাৰ বিহু ঢোলতকৈ সামান্য ডাঙৰ৷ ওজাসকলে এই ঢোল পৰিবেশন কৰাৰ বাবে ইয়াক ওজা ঢোল নামেৰে জনা যায়৷ এই ঢোলৰ সহায়ত ওজাসকলে বিভিন্ন চৰাই-চিৰিকতি, জন্তু, ধুমুহা, গাজনি আদিৰ শব্দ অনায়াসে সৃষ্টি কৰিব পাৰে৷

২) ঢেপা ঢোল:- অসমৰ দৰং জিলাৰ ঢেপা ঢুলীয়া উৎসৱত ঢেপা ঢোল পৰিবেশন কৰা হয়৷ এই ঢোলৰ এটা ফাল ছাগলীৰ চামৰাৰে তৈয়াৰী আৰু ঢোল বজোৱাৰ সময়ত ভিতৰলৈ পানী ভৰোৱা হয়৷

৩) জয় ঢোলঃ-অসমৰ দেওধানী নৃত্যত জয়ঢোল পৰিবেশন কৰা হয়৷ জয়ঢোল হৈছে এবিধ বৃহৎ আকাৰৰ ঢোল আৰু ইয়াৰ শব্দও যথেষ্ট বেছি৷ অসমৰ নামনি অঞ্চলত জয়ঢুলীয়াৰ একক জয়ঢোল পৰিবেশন এক সুলভ দৃশ্য৷ মনসা আৰু মাৰৈ পূজাৰ সময়তো জয়ঢোল ব্যৱহাৰ কৰা হয়৷

৪) বৰ ঢোলঃ বৰ ঢোল হৈছে অসমৰ আটাইতকৈ বৃহৎ ঢোল৷ বৰ ঢোলৰ এটা ফাল হাতেৰে আৰু আনটো ফাল ঢোলৰ মাৰিৰে বজোৱা হয়৷ অসমৰ কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত বৰঢুলীয়াৰ বৰঢোল পৰিবেশন দেখিবলৈ পোৱা যায়৷ গীত আৰু নৃত্যৰ তালে তালে বৰঢোল পৰিবেশন এক জনপ্ৰিয় ৰাজহুৱা উৎসৱ৷

 

) পেঁপাঃ

বিহুগীতত ব্যৱহাৰ হোৱা এক অন্যতম গুৰুত্বপূর্ণ বাদ্যযন্ত্ৰ হৈছে পেঁপা৷ আহোম স্বর্গদেউসকলৰ ৰাজত্বকালত ৰং শিঙাই সুখ আৰু আনন্দৰ বতৰা আৰু খং শিঙাই সকীয়নি বা সতর্কবাণীক চিহ্নিত কৰিছিল আৰু ইয়াৰ যোগেদিয়েই ৰাইজলৈ ৰাজ্যৰ বিভিন্ন বতৰা প্ৰেৰণ কৰা হৈছিল৷ পেঁপা বিশেষকৈ ম’হৰ শিঙৰ পৰা প্ৰস্তুত কৰা হয় যিয়ে অসমীয়া সংস্কৃতিত চীনা-তিব্বতীয় সংস্কৃতিৰ প্ৰভাৱক প্ৰতিফলিত কৰিছে৷ পেঁপাক কেনেকৈ বিহুগীতৰ মাজলৈ অনা হল বা এবিধ সুমধুৰ বাদ্যযন্ত্ৰ হিচাপে পেঁপাৰ উত্তৰণ কেনেকৈ হৈছিল তাৰ বিষয়ে সঠিক তথ্য লাভ কৰা হোৱা নাই৷ পৰম্পৰাগতভাৱে পেঁপাক আৱিষ্কাৰ আৰু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ম’হপালকসকলৰ বিশেষ অৱদান আছে৷ পিছলৈ বিভিন্ন সংগীতজ্ঞসকলৰ পৰশত পেঁপাই এবিধ সুমধুৰ বাদ্যযন্ত্ৰৰূপে পূর্ণাংগ ৰূপ লাভ কৰে৷

পেঁপা বিহুগীতৰ এক অনবদ্য অংগ৷ প্ৰায় সকলো বিহুগীতেই পেঁপাৰ ওপৰত কম বেছি পৰিমানে নির্ভৰশীল৷ পেঁপাক সাধাৰণতে ডেকা বিহুৱাসকলে পৰিবেশন কৰে, তেওঁলোকক পেঁপুৱা বুলি কোৱা হয়৷ পেঁপা বজোৱাৰ সময়ত ঢোলৰ স্বৰ কম কৰি দিয়া হয় যাতে পেপুঁৱাসকলে অধিক গুৰুত্ব লাভ কৰে৷

পেঁপা বিশেষকৈ দুই প্ৰকাৰৰ:-

১) গুটীয়া পেঁপা/ গোৱাল পেঁপা

২) যুৰীয়া পেঁপা

সাধাৰণতে ব্যৱহাৰ হোৱা পেঁপাবিধ হৈছে গুটীয়া পেঁপা৷ এটা ম’হৰ শিঙৰ পৰা গুটীয়া পেঁপা তৈ্য়াৰ কৰা হয়৷ আনহাতে যুৰীয়া পেঁপা হৈছে দুই গুটীয়া পেঁপাৰ সংমিশ্ৰণ৷ এইবিধ পেঁপাৰ দুটাকৈ শিং থাকে৷

(প্ৰবন্ধটোৰ বাকী অংশ অহা সংখ্যাত .. )

: অভিনন্দন গোস্বামী

স্নাতকোত্তৰ ছাত্ৰ , ৰাষ্ট্রীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অৰুণাচল প্ৰদেশ

ফোনঃ-08402852801

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.