জাৰজ (লিপিকা দাস)

0

জাৰজ

আচলতে জাৰজ কোন;
মই, নে মোৰ জন্ম নে মোৰ পৰিচয়?
জাৰজ বুলি কয়েই বা কিয়?
মোৰ জন্ম জানোঁ মোৰ ইচ্ছাত হৈছিল??
নাই তো ।
হৈছিল মোৰ পিতৃ মাতৃৰ কৰ্মৰ ফলত ।
তেন্তে কিয়,
কিয় মোৰ সমাজ স্বীকৃত পৰিচয়—— মই অবৈধ..!!

এৰা, মোৰতো ভুল নাছিল
কেৱল থিতাপি লৈছিলোঁ
তোমাৰ গৰ্ভত,
সেয়া জানোঁ মোৰ ভুল?
যদি নহয়, তেন্তে কিয়,
কিয় আজি মোৰ আশ্রয়স্থলী
বাটৰ কাষৰ সেই জাবৰৰ দমটো?
কিয় আজি মই অৱহেলিত?
তোমালোকতো হয়তো এতিয়া
সমাজৰ মুখাধাৰী ভদ্ৰলোক
হয়তো পাহৰি পেলাইছা
মোৰ অস্তিত্ব,
ময়ো যে আছিলোঁ তোমালোকৰ এটি অংশ ।
নাপাহৰিবাই বা কিয়!!
তোমালোকেতো পাপ ধুইছা নিজৰ
উম, তোমালোকৰ দৃষ্টিত মইতো পাপেই হওঁ,
নহয় জানোঁ??
আজি মই উপেক্ষিত, অৱহেলিত
কিয়নো তোমালোকে প্ৰদান কৰা মোৰ সমাজ স্বীকৃত পৰিচয়
———-মই যে জাৰজ ।

© লিপিকা দাস
বিজয়নগৰ
৮৪০৩০০৭১১৫

Share.

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.