হুমুনিয়াহ

0

হুমুনিয়াহ

দুখৰ আলহী ঘৰৰ সুখৰ চৰুত
মোৰ আলুৱে ফৰ্মূটি কোবাই
দুৰ্ভগীয়া দুমুঠি চাউলে
সিজি সিজি পানী নচুৱায়….

আঙুলিৰ পাবত
শেঁতা পৰা হৃদয় পাত্ৰ
জিভাত দৌৰিছে পানী
পেটত স্বপ্নবিভোৰ তৰংগ
উদাসীন মন ভোকাতুৰ পেটে
খেলিব আলু আৰু সিজোৱা
দুমুঠি ভাতে ….

শিলনীৰ সংঘাতত ওপজা ভোক
যেন এক ফিৰিঙতি
ভাগ্যত নাই চপাবলৈ গাভৰু ধানৰ থোক
চোতালো নাই সৰাবলৈ জৰজৰকৈ
পকা ধানৰ থোক…..

ভিজা আন্ধাৰৰ ঘৰত ওপজা
মই যেন এক কঠিন ঘামৰ ছবি
দুখ মোৰ কপাল ….
সুখ মোৰ অলীক সপোন
স্বপ্নৰ লীলাভূমিত আজন্ম ভোকাতুৰ
মই এক নিৰাশাৰ হুমুনিয়াহ ….।।।

   ডাঃ গিৰিন বৰা
কেন্দুগুৰি , যোৰহাট – ১০

অন্যান্য লেখা :

Share.

Leave A Reply