বিশ্ব পৰ্যটন দিৱস উপলক্ষে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী সকলৰ গিৱন অভয়াৰণ্য দৰ্শন

0

“সকলোৰে বাবে পৰ্যটন: সাৰ্বজনীন উপলব্ধতাক উৎসাহিত কৰা” বিশ্ব পৰ্যটন সংস্থাই নিৰ্ধাৰিত কৰা এই থীমৰ লগত সংগতি ৰাখি যোৱা ২৭ চেপ্তেম্বৰত গিৱন অভয়াৰণ্যত আয়োজন কৰা হয় বিশ্ব পৰ্যটন দিৱস । মুখ্য আয়োজক গিৱন ইক’ কেম্প আৰু bijitdutta.com । বিশ্ব পৰ্যটন সংস্থাৰ আহ্বানক্ৰমে আমিও পৰ্যটনৰ পৰা সততে আতৰি থকা বিশেষভাবে সক্ষম লোকসকলক ভ্ৰমণৰ সুবিধা দিয়াৰ ব্যৱস্থা কৰো । সেই উদেশ্য আগত ৰাখি অসমৰ এখন আগশাৰীৰ বিশেষ বিদ্যালয় “প্ৰেৰণা প্ৰতিবন্ধী শিশু বিকাশ কেন্দ্ৰ”ৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী সকলক ভ্ৰমণৰ সুবিধা প্ৰদান কৰা হয় ।
পুৱা ৮ বজাত ছাত্ৰ-ছাত্ৰী সকলক বিশেষ বাহন যোগেৰে যোৰহাট জিলাৰ মৰিয়নিস্থিত গিৱন অভয়াৰণ্যলৈ নিয়া হয় । ছাত্ৰ-ছাত্ৰী সকলক স্বাগতম জনায় আৰম্ভণি ভাষন প্ৰদান কৰে যোৰহাট বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক জয়ৰাম বৰুৱাই । ছাত্ৰ-ছাত্ৰী সকলক পুৱাৰ আহাৰ পৰিবেশন কৰাৰ পাছত অভয়াৰণ্যৰ অন্তৰ্ভাগলৈ নিয়া হয় । তাত ছাত্ৰ-ছাত্ৰী সকলক উদ্ভিদজগত আৰু প্ৰাণীজগতৰ লগত পৰিচয় কৰি দিয়ে বিশিষ্ট জৈৱিক কৃষক মহান বৰা আৰু কৃষি বিশ্ব বিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ বৈভৱ গগৈয়ে । ছাত্ৰ-ছাত্ৰী সকলৰ অনুসন্ধিৎসু মনটোক উপযুক্ত ধৰণে শিক্ষা প্ৰদান কৰাত সহায়ৰ হাত আগবঢ়ায় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে । বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী দলটোৰ অশেষ কষ্ট আৰু ত্যাগৰ অবিহনে কাৰ্যসুচী আগবঢ়ায় নিয়া অসম্ভৱ হ’লহেঁতেন । হুইল চেয়াৰত নিয়া ছাত্ৰ কেইজনক অৰণ্যৰ বিপদসংকুল পথটোৰে অৰণ্য দৰ্শন কৰোৱাটো আমাৰ বাবে প্ৰত্যাহবান আছিল । অৰণ্যৰ মাজত ভ্ৰমণ কৰি থাকোতে আকস্মিক ভাৱে আমাৰ দলটোৰ সন্মূখত উপস্থিত হয়হি মৰিয়ণি সমষ্টিৰ মাননীয় বিধায়ক ৰূপজ্যোতি কুৰ্মি । তেখেতৰ উৎসাহবৰ্ধক ভাষণে আমাৰ সকলোকে আপ্লুত কৰে। অনুষ্ঠানৰ সামৰণি ঘটোৱা হয় বন পৰিদৰ্শন বাংলোত, তাত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীক গিৱন ইক’ কেম্পৰ তৰফৰ পৰা সুস্বাদু আহাৰেৰে আপ্যায়ন কৰা হয় । সদৌ শেষত গিৱন ইক’ কেম্প দৰ্শন কৰাই ছাত্ৰ-ছাত্ৰী সকলক বিদায় দিয়া হয় ।
অনুষ্ঠানটোৰ আনকেইজন আয়োজক জয়ন্তজ্যোতি শৰ্মা আৰু পিনাকপানি বৰঠাকুৰে গিৱন ইক’ কেম্পৰ তৰফৰ পৰা নিছিদ্ৰ তৎপৰতা অতি প্ৰশংসনীয় । তাৰ উপৰিও পিনাকদাৰ পৰিয়াল আৰু ওচৰ-চুবুৰীয়া গাওঁবাসীৰ সহযোগিতা লেখত লব লগীয়া । অসম চৰকাৰৰ বন বিভাগৰ সহযোগিতাই আমাক কৃতাৰ্থ কৰিলে ।
১৯৮০ চনৰে পৰা বিশ্ব পৰ্যটন সংস্থাৰ পৰোক্ষ বা প্ৰত্যক্ষ সহযোগত সমগ্ৰ বিশ্ব জুৰি পৰ্যটন দিৱস আয়োজিত কৰি আহিছে । এই উদযাপনৰ উদেশ্য হ’ল: বিশ্ব জুৰি পৰ্যটনৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰা, বহনক্ষম পৰ্যটনক উন্নয়নৰ আহিলা হিচাপে প্ৰতিষ্ঠা কৰা, পৰ্যটনৰ নীতি নিৰ্দেশনাবোৰ বলবৎ কৰা, সকলোৰে বাবে পৰ্যটন উপলব্ধ কৰোৱা ইত্যাদি । সেই উদেশ্যকে আগত ৰাখি মই বিভিন্ন অনুষ্ঠানৰ সহযোগত ২০১২ চনৰে পৰা অসমৰ বিভিন্ন স্থানত বিশ্ব পৰ্যটন দিৱস সফলতাৰে অনুস্থিত কৰি আহিছো । সেয়ে এইবাৰৰ থীম ( সকলোৰে বাবে পৰ্যটন: সাৰ্বজনীন উপলব্ধতাক উৎসাহিত কৰা ) টোৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী সকলক অৰণ্য দৰ্শন কৰোৱাৰ চিন্তা মনলৈ আহে । এই ছাত্ৰ-ছাত্ৰী সকল সততে এনে কাৰ্য্যসূচী বোৰৰ পৰা আতৰতে থাকে, অৰণ্য দৰ্শনৰ যোগেদি তেওঁলোকৰ শাৰিৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰিব পৰা যায় । বিকল্প শিক্ষা আৰু বিকল্প চিকিৎসা পদ্ধতি হিচাপেও এনে ভ্ৰমণবোৰ ফলপ্ৰসু হ’ব পাৰে । এনে বিশেষভাবে সক্ষমলোক সকলক পৰ্যটনৰ লগত জড়িত কৰোৱা, গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰ ঘটোৱা, বিশেষভাৱে সক্ষমলোক সকলক সাধাৰণলোক সকলৰ মাজত গ্ৰহনীয় কৰোৱা আদি আছিল এই কাৰ্য্যসুচীৰ অন্তৰ্নিহিত উদেশ্য ।

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.