ধূলি (অবিনাশ কলিতা)

0

পাখি নহ’লেও তই যে উৰ
চকুলো নবলেও পুৱাৰ নিয়ৰেৰে সেমেকি উঠ
কাৰ যে দুখত দুখী হওঁ বুলি !
মন্ত্ৰদ্ৰষ্টা কোন ঋষিৰ বৰত নে অভিশাপত
তই যে কি জনম ধৰিলি !
নাম ৰ’ল তোৰ ধৰণীৰ ধূলি ।

সকলোৱেই জানে তই ধূলিকণা
মাথোঁ ক্ষুদ্ৰতা বা তুচ্ছতাৰ এক সহজ ধাৰণা ।
বন-বননিৰ সেউজ আঁচল
যদিওবা তই কৰ মলিন
তোৰ আৱৰণ যেন
এজাক বৰষুণৰ স্বপ্নমধুৰ প্ৰতীক্ষাৰ চিন ।

কোনে নাজানে বৰষুণজাকতে
তোৰ জীৱনে মোট সলায় বুলি ?
প্ৰখৰ ৰ’দত যে উন্মীলিত হয়
পুনৰ জীৱন তোৰ , একেই উদ্ধতালি ।

কিনো ৰাগিত তই উৰি-ঘূৰি-নাচি উচাটন হৱ
পৰিণামত মাথোঁ প্ৰদূষণৰ গ্লানি চিৰদিনে খাৱ !
সজ্জনৰ পদস্পৰ্শত পবিত্র হৱ বুলি
কতজনে তোক যে লয় শিৰত তুলি ।

তই যে ফাগুনত ফাকু হৈ উৰ
পছোৱাৰ কোবত উন্মাদ হৈ ফুৰ
তই বাৰু নিজে উৰ নে
ছল পাই তোক উৰুৱায় আনে ?
ধুমুহা-বতাহে তোক উৰুওৱাদি
আমিহে উৰুৱাই যাওঁ সময়-জীৱন অকাৰণে ।

তোৰ বুকুতে জীৱনে গঢ় লয়, লয় হয় জীৱন
একাকাৰ হয় যে জীৱন-মৰণ ।

জীৱনৰ বুকুত
ধূলিয়ৰি ছবি দেখি যেনি-তেনি
পিচে ধূলিতনো জীৱন ছবি কেনি ?
এৰা, বুজিছোঁ জীৱন আমাৰ ধূলিৰেই বিকাৰ
যদিও নুশুনি ধূলিৰ সভাত মৰণৰ চিৎকাৰ ।

– অবিনাশ কলিতা

Share.

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.