Combine Cycle Power Plant

0

বৰ্তমান সময়ত বিদ্যুতৰ নাটনিয়ে সমগ্ৰ অসমক এক অন্ধকাৰ পৰিবেশলৈ ঠেলি নিয়াটো পৰিলক্ষিত হয় ৷ বিদ্যুতৰ নাটনিৰ বাবে আজিও বহু গাওঁ অঞ্চলৰ ল’ৰা-ছোৱালীয়ে লেম্প বা চাকিৰ সহায় লৈ পঢ়িব লগীয়া হয় ৷ বিদ্যুতৰ অভাৱত অসমৰ বহু অঞ্চল এতিয়াও পিছ পৰি আছে ৷ বৰ্তমানৰ যুগটো হৈছে আধুনিক যুগ ৷ এই আধুনিক যুগত নিত্য নতুন যান্ত্ৰ-পাতি অথবা প্ৰযুক্তিবিদ্যাৰ সৃষ্টি হৈয়ে আছে আৰু এইবিলাকৰ ব্যৱহাৰ আজিৰ সমাজ ব্যৱস্থাত যথেষ্ট গুৰুত্ব সহকাৰে লোৱা হৈছে ৷ কিন্তু এই যন্ত্ৰ-পাতিবিলাকক গতি দিবলৈ যথেষ্ট বিদ্যুতৰ প্ৰয়োজন যাৰ অভাৱ অসমত এতিয়াও অনুভৱ কৰা হৈছে ৷

মই অসমৰ এজন দায়িত্বশীল নাগৰিক হিচাপে এই বিদ্যুতৰ নাটনি কিঞ্চিত হ’লেও লাঘৱ কৰিব পৰা যাব বুলি চিন্তা কৰি এটি পদ্ধতি তৈয়াৰ কৰিবলৈ প্ৰয়াস কৰিছোঁ ৷ এই পদ্ধতিটোৰ চমু বিৱৰণ আপোনালোকৰ মতামতৰ বাবে দাঙি ধৰা হৈছে ৷

Oil India Ltd. নাইবা Oil and Natural Gas Companyৰ দৰে বৃহৎ তৈল উৎপাদন কোম্পানীবোৰে উৎপাদন সুৰক্ষা (Production Safety) আৰু পৰিবেশ প্ৰদুষণৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ যাওঁতে বিশেষকৈ প্ৰাকৃতিক গেছৰ মজুতকৰণৰ ব্যৱস্থাৰ নথকাৰ বাবে যথেষ্ট পৰিমাণৰ প্ৰাকৃতিক গেছ জ্বলায় দিয়া দেখা যায় ৷ এই প্ৰাকৃতিক গেছত নানাবিধ গেছ (মিথেন, নাইট্ৰ’জেন, হাইদ্ৰ’জেন, হাইড্ৰ’জেন ছালফাইড ইত্যাদি) সংমিশ্ৰণ হৈ থাকে ৷

xondhan-combine-cycle-power-plant

ওপৰৰ খণ্ডচিত্ৰটোত প্ৰথম আৰু দ্বিতীয় স্তৰৰ সহায়ত প্ৰাকৃতিক গেছখিনি তৃতীয় স্তৰত ব্যৱহাৰ কৰিব পৰাকৈ কাৰ্য্যক্ৰম কৰা হ’ব ৷ প্ৰথম আৰু দ্বিতীয় স্তৰৰ লগত উচ্চ চাপ কপাট (High Pressure Valve), জুইৰ চৌকাৰ ব্যৱস্থা (Burner Unit), মুখ্য গেছ সৰবৰাহ ব্যৱস্থা (Main Gas Supply), নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কক্ষ (Monitoring and Controlling panel Unit), মুখ্য গেছ সৰবৰাহ কপাট (Main Gas Supply Valve Unit), মুখ্য গেছ পৰিস্ৰাৱক আৰু নিষ্ক্ৰিয় কক্ষ (Main Gas Filter and Neutralizer Unit) আৰু সাংখ্যিক কপাট চাপ নিৰীক্ষণ কক্ষ (Digital Valve Pressure Controlling Unit) ইত্যাদি সংযোজন হৈ থাকিব ৷

উপৰোক্ত কক্ষ (Unit) বোৰৰ প্ৰত্যেকটো কক্ষৰে কাম ভিন্ন ভিন্ন ৷ কিছুমান কক্ষৰ (Unit) দ্বাৰা প্ৰাকৃতিক গেছৰ চাপ নিয়ন্ত্ৰণ (Pressure Control) কৰা হ’ব যাতে প্ৰাকৃতিক গেছখিনিসকলো স্তৰতে চাপ নিষ্ক্ৰিয় হৈ থাকে ৷ আন কিছুমান কক্ষৰ দ্বাৰা এই প্ৰাকৃতিক গেছ (Natural Gas)খিনিক পৰিস্ৰাৱণ (Filter) কৰা হ’ব যাতে কোনো ধৰণৰ অতিৰিক্ত পদাৰ্থ আৰু পানীৰ কণিকা ইত্যাদি তৃতীয় স্তৰলৈ যাব নোৱাৰে ৷

তৃতীয় স্তৰৰ লগত চাপ নিয়ন্ত্ৰণক কপাট কক্ষ (Pressure Control Valve Unit), জুই চৌকা সহিত অত্যাধিক গেছ কপাট কক্ষ (Overload Gas Valve with Burner Unit), উচ্চ চাপ গেছ মুক্তকৰণ কপাট কক্ষ (High Pressure Gas Releasing Valve Unit), বিদ্যুত উৎপাদক আৰু আৱৰ্ত যন্ত্ৰ কক্ষ (Generator And Turbine Unit), বইলাৰ কক্ষ (Boiler Unit), জল ব্যৱহাৰ কক্ষ (Water Treatment Unit), বিদ্যুত শক্তি/বিদ্যুতপ্ৰবাহ তীব্ৰতৰ কৰা ট্ৰেন্সফৰ্মাৰ কক্ষ (Voltage/Electric Current Set-up Transformer Unit), উচ্চ বিদ্যুতশক্তি নিয়ন্ত্ৰণ ও নিৰীক্ষণ কক্ষ (High Voltage Controlling and Monitoring Unit) ইত্যাদি সংযোজন হৈ থাকিব ৷

তৃতীয় স্তৰটোৰ জৰিয়তে প্ৰথম আৰু দ্বিতীয় স্তৰৰ পৰা অহা প্ৰাকৃতিক গেছেৰে গেছচালিত বিদ্যুত উৎপাদক যন্ত্ৰ (Gas Turbine Generator)ৰ দ্বাৰা বিদ্যুত উৎপাদন কৰিব পৰা যাব ৷ এই যন্ত্ৰটোক গেছচালিত বিদ্যুত উৎপাদক যন্ত্ৰ (Gas Turbine Generator) বুলি কোৱা হয় ৷ এই গেছচালিত বিদ্যুত উৎপাদক যন্ত্ৰৰ নিৰ্গত গেছ (Exhaust Gas) খিনিৰ উষ্ণতা ১২০০°ৰ পৰা ২০০০°পৰ্য্যন্ত হয় ৷ গতিকে এই উচ্চ উষ্ণতাৰ নিৰ্গত গেছ (Exhaust Gas) খিনিৰ দ্বাৰা আৰু এটা বিদ্যুতশক্তি কক্ষ (Power Unit) চলাব পৰা যাব ৷ এই বিদ্যুতশক্তি কক্ষটোক বাষ্পচালিত বিদ্যুত উৎপাদন কক্ষ (Steam Turbine Generator) বুলি কোৱা হয় ৷ এই বাষ্পচালিত বিদ্যুত উৎপাদন কক্ষ (Steam Turbine Generator) টো গেছচালিত আৱৰ্ত যন্ত্ৰৰ নিৰ্গত গেছ দ্বাৰা চলিব ৷ তৃতীয় স্তৰত থকা গেছচালিত বিদ্যুত উৎপাদক যন্ত্ৰ (Gas Turbine Generator) আৰু বাষ্পচালিত বিদ্যুত উৎপাদন যন্ত্ৰ (Steam Turbine Generator) ক যৌথ ভাৱে Combine Cycle Power Plant বুলি কোৱা হয় ৷

এই প্ৰকল্পটোৰ দ্বাৰা অনুমানিক মেগাৱট বা তাতকৈ বেছি বিদ্যুত উৎপাদন কৰিব পৰা যাব ৷ তেল উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহে এই প্ৰকল্পটোৰ বিষয়ে গুৰুত্বসহকাৰে বিবেচনা কৰি চাব বুলি আশা কৰিলোঁ ৷

–     নিলোৎপল গগৈ,

C/O: তপন কুমাৰ গগৈ,

HPC টাউনশ্বিপ কলনী (Q No: B44/3)

P.O.: কাগজ নগৰ, জাগীৰোড

PIN: 782413

Email: [email protected]

Mobile: 9401005345

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.