শাৰদীয় পৰ্যটন

0

 

শৰৎ মানেই ফৰকাল আকাশ, পৰিষ্কাৰ পৰিবেশ, তল ভৰা শুভ্ৰ শেৱালী, বতাহত হালি জালি থকা কহুৱা ইত্যাদি.. ৷ বৰ্ষা ঋতুৱে সিক্ত কৰি যোৱা খেতি পথাৰবোৰে ঠন ধৰি উঠিছে, গাঁৱৰ বাট-পথবোৰ শুকাব ধৰিছে ৷ এনে এক সময়তে শৰতে লৈ আহে উৎসৱৰ বতৰ ৷ শৰতৰ আগমনৰ লগে লগেই আহিল দুৰ্গা পূজা ৷ চাৰিওফালে উৎসৱমুখৰ পৰিবেশ, শক্তিৰ অধিষ্ঠাত্ৰী দেৱীক আদৰাৰ প্ৰস্তুতি ৷ আনহাতে উৎসৱ মানেই বন্ধ ৷ বন্ধ মানেই ভ্ৰমণ ৷ গুৱাহাটী মহানগৰৰ উপৰিও অসমৰ সকলো সৰু-বৰ নগৰত দুৰ্গা পূজা আটক ধুনীয়াকৈ পালন কৰা হয় ৷ শাৰদীয় দুৰ্গা পূজা মণ্ডপ সমূহৰ কাৰুকাৰ্য, আলোকসজ্জা, দেৱী প্ৰতিমাই ভক্ত আৰু ভ্ৰমণ প্ৰিয় সকলক আকৰ্ষণ কৰে ৷ মণ্ডপ সমূহৰ উপৰিও পৌৰাণিক মন্দিৰসমূহতো দুৰ্গা পূজা জাকজমকীয়াকৈ পালন কৰা হয় ৷ এই লেখাটোত অসমৰ কেইটামান পৌৰাণিক দুৰ্গা মন্দিৰৰ চমু বৰ্ণনা দিয়া হ’ল ৷

কামাখ্যা মন্দিৰ: অম্বুবাচী মেলাৰ পাচতে দুৰ্গা পূজাই হ’ল কামাখ্যা মন্দিৰৰ প্ৰধান আকৰ্ষণ ৷ ৫১খন শক্তি পীঠৰ অন্যতম কামাখ্যা মন্দিৰৰ নৱৰাত্ৰী উৎসৱ অন্যতম ৷

দুৰ্গা মন্দিৰ, লালমাটি: মহানগৰীৰ সমীপবৰ্তী লালমাটিত অৱস্থিত দুৰ্গা মন্দিৰও ভক্ত-পৰ্যটকক আকৰ্ষণ কৰে ৷

দুৰ্গা মন্দিৰ, মদন কামদেৱ: মদন কামদেৱ মন্দিৰৰ দুৰ্গা মন্দিৰতো ভক্তৰ আগমন ঘটে ৷ এই মন্দিৰ প্ৰত্নতাত্তিক আকৰ্ষণেৰে ভৰপূৰ ৷

উগ্ৰতৰা মন্দিৰ: মহানগৰৰ সোঁ-মাজতে থকা এক পৌৰাণিক দুৰ্গা মন্দিৰ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষতে অৱস্থিত এই মন্দিৰৰ পুখুৰীটো ঐতিহ্য সম্বলিত ৷

দিৰ্ঘেশ্বৰী মন্দিৰ: মহানগৰীৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষতে অৱস্থিত এই মন্দিৰ ৷

দুৰ্গা মন্দিৰ, যোগীঘোপা: বঙাইগাঁৱৰ সমীপৱৰ্তী যোগীঘোপাত অৱস্থিত এই পৌৰাণিক দুৰ্গা মন্দিৰ ৷

কেচাইখাটী মন্দিৰ: শিলচৰ চহৰৰ পৰা ৭ কি মি নিলগত অৱস্থিত এই মন্দিৰ ৷ বহু পৌৰাণিক ঐতিহ্যৰে সমৃদ্ধ মন্দিৰটিলৈ দুৰ্গা পূজাৰ সময়ত অগণন ভক্তৰ আগমন ঘটে ৷

মালিনী থান : অসম-অৰুণাচল সীমান্তৰ চিলাপথাৰত অৱস্থিত এই থান ৷ আকৰ্ষণীয় সেউজ পৰিবেশত অৱস্থিত মন্দিৰটো উত্তৰ অসমৰ এক উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰ ৷

জয় দুৰ্গা মন্দিৰ, হাজো: উত্তৰ গুৱাহাটী পঞ্চতীৰ্থ হাজোৰ এক অন্যতম তীৰ্থস্থান জয়দুৰ্গা মন্দিৰ ৷ ১৭৭৪ চনত আহোম ৰজা লক্ষ্মীনাথ সিংহৰ কাৰ্যকালত স্থাপিত মন্দিৰটিৰ দশভূজা দুৰ্গা মূৰ্তি আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷

হাটীমূৰা মন্দিৰ: নগাওঁ জিলাৰ শিলঘাটত অৱস্থিত এই দুৰ্গা মন্দিৰ ৷ ১৬৬৭ শকত আহোম ৰজা প্ৰমত্ত সিংহৰ দিনত স্থাপিত মন্দিৰটো এক অন্যতম শক্তিস্থল ৷

ভৈৰৱী মন্দিৰ: তেজপুৰ সমীপত অৱস্থিত আন এক দুৰ্গা মন্দিৰ হ’ল ভৈৰৱী মন্দিৰ ৷ কথিত আছে বান কন্যা উষাই এই মন্দিৰতে দুৰ্গা আৰাধনা কৰিছিল ৷

তাম্ৰেশ্বৰী মন্দিৰ, শদিয়া: অসমৰ শক্তি আৰাধনাৰ আন এক অন্যতম মন্দিৰ এই তাম্ৰেশ্বৰী মন্দিৰ ৷ কথিত আছে ১৮শ শতিকালৈকে এই মন্দিৰত নৰ-বলী প্ৰথা প্ৰচলিত আছিল ৷

বুঢ়ী-গোঁসানী দেৱালয়: যোৰহাট চহৰৰ মাজমজিয়াত অৱস্থিত এক পৌৰাণিক দুৰ্গা মন্দিৰ ৷ ১৭৯৪-৯৫ চনত আহোম ৰজা গৌৰিনাথ সিংহৰ কাৰ্যকালত নিৰ্মিত দেৱালয়ত নিয়মীয়াকৈ দুৰ্গা পূজা অতি ধুমধামেৰে পালন কৰে ৷

দেৱী দৌল, শিৱসাগৰ: শিৱসাগৰৰ বিখ্যাত শিৱদৌলৰ সমীপত অৱস্থিত দেৱী দৌল উজনি অসমৰ উল্লেখযোগ্য পৰ্যটন থলী ৷ শিৱ দৌলৰ চৌহদতে অৱস্থিত দুৰ্গা মন্দিৰলৈ ভক্ত-পৰ্যটকৰ ভীৰ পৰিলক্ষিত হয় ৷

দেওপানী দুৰ্গা মন্দিৰ: নুমলীগড়-ডিমাপুৰ সংযোগী ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত কাৰ্বি আংলং জিলাত অৱস্থিত এই দেওপানী দুৰ্গা মন্দিৰ ৷ দেওপানী চাহ বাগান, দেওপানী নদী আৰু নামবৰ অভয়াৰণ্যৰ সংযোগস্থলত অৱস্থিত এই মন্দিৰটো অসমৰ এক উল্লেখযোগ্য পৰ্যটনস্থলী ৷

এই মন্দিৰ সমূহৰ উপৰিও অসমৰ চুকে কোণে থকা বহুতো দুৰ্গা মন্দিৰত শাৰদীয় পূজা মহা আৰম্বৰেৰে পালন কৰা হয় ৷

– বিজিত দত্ত

যোৰহাট

ব্ল’গ: http://bijitdutta.com/

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.