বৈষ্ণৱ পৰ্যটন

0

 

বৈষ্ণৱ পৰ্যটন বুলিলে সাধাৰণতে বৈষ্ণৱ ধৰ্মীয় অনুষ্ঠানবোৰৰ পৰ্যটনকে জনা যায় ৷ সত্ৰ, নামঘৰ আৰু থান বোৰত গঢ় লৈ উঠা পৰ্যটনৰ এক নতুন ধাৰাই হ’ল বৈষ্ণৱ পৰ্যটন ৷ অসম হ’ল বৈষ্ণৱ ধৰ্মৰ এক ক্ষেত্ৰ ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈতিক্ৰমী বৈষ্ণৱ ধৰ্মৰ এক চিন্তাধাৰাৰ ফলশ্ৰুতি “এক শৰণ নামধৰ্ম”, অসমৰ উপৰিও উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন ঠাইত প্ৰচলিত এক শৰণ নামধৰ্ম ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অদ্বিতীয় সৃষ্টি হ’ল নামঘৰ ৷ অসমৰ গাওঁ-চহৰ সকলোতে সিচঁৰিত হৈ থকা নামঘৰ সমূহে ধৰ্মৰ উপৰিও সামাজিক উত্তৰণৰ বাটকটীয়া, শিক্ষা-সংস্কৃতি পৰিবেশিত কলা-দৰ্শন-সংস্কাৰ আদি চৰ্চাৰ কেন্দ্ৰবিন্দু এই নামঘৰ ৷
অসমৰ বৈষ্ণৱ ধাৰণাৰ আন এটি বৃহৎ অনুষ্ঠান হ’ল ‘সত্ৰ’৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আন এক উল্লেখযোগ্য অৱদান সত্ৰ অনুষ্ঠান ৷ সত্ৰ হ’ল বৈষ্ণৱ কলা-সংস্কৃতি-দৰ্শন-জীৱনশৈলী আদিৰ ভঁড়াল ৷ সত্ৰ অনুষ্ঠানৰ বিভিন্ন অংশ সমূহ হ’ল- নামঘৰ, মণিকূট, গুৰুগৃহ, ভঁড়াল, বৈষ্ণৱ গৃহ চাৰিহাটী, কৰাপাট, নাট্যশালা আৰু ভোগঘৰ ৷ প্ৰায় আঠ শতাধিক সত্ৰ অনুষ্ঠানৰ ভিতৰত উল্লেখযোগ্য হ’ল- আউনীআটি সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটি সত্ৰ, চামগুৰি সত্ৰ, কমলাবাৰি সত্ৰ, ভোগপুৰ সত্ৰ, বৰপেটা সত্ৰ, হাটী সত্ৰ, মধূপুৰ সত্ৰ, নৰোৱা সত্ৰ আদি ৷
“থান”- মহাপুৰুষজনাৰ আন এক উল্লেখযোগ্য অৱদান ৷ কেইখনমান উল্লেখযোগ্য থান হ’ল- বৰদোৱা থান, বাসুদেৱ থান আদি ৷

মাজুলী:
অসমৰ বৈষ্ণৱ পৰ্যটনৰ কেন্দ্ৰবিন্দু হ’ল- নদীদ্বীপ মাজুলী ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱধৰ্ম প্ৰচাৰৰ বাবে আৰম্ভ কৰা সত্ৰ অনুষ্ঠানৰে সমৃদ্ধিশালী মাজুলী ৷ সৰু-বৰ বহু সত্ৰই মাজুলীৰ ঐতিহ্য বহন কৰি আহিছে ৷ নদীদ্বীপটোৰ প্ৰতিখন সত্ৰই বৈষ্ণৱ পৰ্যটনৰ এক মেটমৰা সম্ভাৰ ৷ সত্ৰসমূহৰ আন্ত:গাঠনি, জীৱন-শৈলী, নিৰ্মাণশৈলী, সংগীত-নৃত্য-নাট্য, কলা-ভাস্কৰ্য্য আদি বৈষ্ণৱ পৰ্যটনৰ উল্লেখযোগ্য উপাদান ৷

বৰপেটা সত্ৰ:
বৰপেটা নগৰৰ মাজমজিয়াত অৱস্থিত বৰপেটা সত্ৰই বৈষ্ণৱ-অবৈষ্ণৱ সকলো পৰ্য্যায়ৰ ভক্ত-পৰ্যটকক আকৰ্ষণ কৰি আহিছে ৷ বৰপেটা সত্ৰৰ নিৰ্মাণশেলী, বৃহৎ কীৰ্ত্তন ঘৰ, তিনি গুৰু আসন আদিৰে সমৃদ্ধ বৃহৎ অনুষ্ঠান ৷

সুন্দৰী দিয়া সত্ৰ:
এই সত্ৰ বৰপেটাৰ আন এক সত্ৰ অনুষ্ঠান ৷ মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা এই সত্ৰতে গুৰুজনাই ভক্তিৰত্নাকৰ আৰু নামঘোষা পুথি দুখন লিখি উলিয়াই ৷
বৈষ্ণৱ সাহিত্য, কলা-সংস্কৃতি-ভাস্কৰ্য্য আদিৰ বাবে বিখ্যাত বৰপেটাৰ অন্য উল্লেখযোগ্য সত্ৰ অনুষ্ঠান সমূহ হ’ল- বৰদী সত্ৰ, পাটবাউসী সত্ৰ, দামোদৰদেৱ সত্ৰ, গণককুছি সত্ৰ আদি ৷

বৰদোৱা:
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা ৷ নগাওঁ চহৰৰ পৰা ১৮ কি: মি:  নিলগত অৱস্থিত বৰদোৱা থান ৷ ঐতিহ্যমণ্ডিত বৰদোৱাত থকা সত্ৰকেইখন হ’ল নৰোৱা সত্ৰ, শ’লগুৰি সত্ৰ, ধপৰগুৰি সত্ৰ ৷ ঐতিহ্যমণ্ডিত বৰদোৱাত বৈষ্ণৱ পৰ্যটনৰ উপাদান হিচাপে বহুতো কৃতিচিহ্নই ভক্ত-বৈষ্ণৱ আৰু পৰ্যটকক আকৰ্ষণ কৰি আহিছে ৷

ঢেকীয়াখোৱা বৰনামঘৰ:
১৫২৮ চনতে মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা ঢেকীয়াখোৱা বৰনামঘৰ উজনি অসমৰ এক বৈষ্ণৱ পৰ্যটন স্থলী ৷ গুৰুজনাই প্ৰজ্বলিত কৰা বন্তি এতিয়াও নামঘৰৰ মণিকূটত “অক্ষয় বন্তি” হিচাপে পোহৰায় ৰাখিছে ৷

আঠখেলীয়া নামঘৰ:
উজনি অসমৰ আন এক বৈষ্ণৱ পৰ্যটনস্থলী হ’ল আঠখেলীয়া নামঘৰ ৷ গোলাঘাট নগৰৰ পৰা ২০ কি: মি: নিলগত অৱস্থিত নামঘৰটি এক ঐতিহ্যমণ্ডিত পবিত্ৰ অনুষ্ঠান ৷ ১৬৭০-১৬৮১ চনৰ আহোম কোঁৱৰ গদাপানিৰ অজ্ঞাতবাসৰ কোনো এক সময়ত এই নামঘৰ প্ৰতিষ্ঠা হোৱা বুলি কথিত আছে ৷

মধুপুৰ সত্ৰ, কোচবিহাৰ:
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১৫৫০ চনত তেওঁৰ দ্বিতীয় তীৰ্থযাত্ৰাৰ সময়ত কোচবিহাৰৰ মধুপুৰত এই সত্ৰ স্থাপন কৰে ৷ ১৫৯৪ চনত মূল সত্ৰ স্থাপন হয় ৷ সুদৃশ্য কীৰ্ত্তনঘৰৰ উপৰিও ১০৫ ফুট ওখ মঠ এটি আছে মধুপুৰ সত্ৰৰ চৌহদত ৷ এই মঠত গুৰু দুজনাৰ দ্বাৰা প্ৰণিত পুথি সমূহ সংৰক্ষিত হৈ আছে ৷ গুৰু দুজনাই ব্যৱহাৰ কৰা সামগ্ৰী ভক্তসকলৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰ ৷

বৈষ্ণৱ ধৰ্মীয় উৎসৱ:

উৎসৱ হ’ল পৰ্যটনৰ মুখ্য উপাদান ৷ বৈষ্ণৱ পৰ্যটনটো উৎসৱে এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আছে ৷

ৰাস উৎসৱ: নৱেম্বৰ মাহত অনুষ্ঠিত হয় ৷ অসমৰ বিভিন্ন সত্ৰ, সাংস্কৃতিক সংঘ, নামঘৰ, থান আদিত ৰাস উৎসৱ উদযাপন কৰা হয় ৷ মাজুলীৰ সত্ৰ সমূহ, নলবাৰী, বৰপেটাৰ সত্ৰ সমূহৰ ৰাস উৎসৱ উল্লেখযোগ্য ৷

গুৰু দুজনাৰ জন্মোৎসৱ: অসমৰ গাওঁ-ভুই, নগৰ-চহৰ সকলোতে গুৰু দুজনাৰ জন্মোৎসৱ ধুম-ধামেৰে পালন কৰা হয় ৷ ধৰ্মীয় শোভাযাত্ৰা, ধৰ্মালোচনী সভা, নাম-কীৰ্ত্তন, নৃত্য-গীত, ভাওনা প্ৰদৰ্শনেৰে গুৰু দুজনাৰ জন্মোৎসৱত গোটেই অসম পবিত্ৰ তীৰ্থক্ষেত্ৰলৈ পৰিণত হয় ৷

ভাদমহীয়া নাম-কীৰ্ত্তন: এক মাহযোৰা ভাদমহীয়া নাম-কীৰ্ত্তন বৈষ্ণৱ পৰ্যটনৰ আন এক সমল ৷ সমগ্ৰ অসমৰ নামঘৰ, সত্ৰ, থান আদিত নাম-কীৰ্ত্তনে ভক্ত-বৈষ্ণৱ, পৰ্যটক সকলক আকৰ্ষণ কৰে ৷ এই ভাদ মাহটোক বৈষ্ণৱ ধৰ্মালম্বীলোকসকলে পবিত্ৰ বুলি গণ্য কৰে ৷ ভাদ মাহতে গুৰু দুজনাৰ তিৰোভাৱ তিথিও পালন কৰে ৷

পাল নাম: মাজুলীৰ সত্ৰ সমূহৰ উপৰিও অসমৰ সকলো নামঘৰ, সত্ৰ, থান আদিত পাল নাম পালন কৰা হয় ৷ গড়মূৰ সত্ৰ আৰু আউনীআটি সত্ৰৰ পাল নাম উল্লেখযোগ্য ৷

দৌল উৎসৱ: ফাকুৱা বা দৌল উৎসৱৰ বাবে বৰপেটা সত্ৰ আৰু মাজুলীৰ সত্ৰ সমূহ বিখ্যাত ৷

জন্মাষ্টমী: অসমৰ সমূহ সত্ৰ, নামঘৰ, থান আদিত শ্ৰীকৃষ্ণ জন্মাষ্টমী পালন কৰা হয় ৷

 

– বিজিত দত্ত,

যোৰহাট

ব্ল’গ: http://bijitdutta.com/

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.