বিশিষ্ট লেখক চিন্তাবিদ পংকজ ঠাকুৰলৈ ২০১৪ বৰ্ষৰ অনন্তৰাম দাস বঁটা প্ৰদান

0

৪৯ খন নাটক, ৭ খন উপন্যাস আৰু ২ খন কবিতা পুথিৰে অসমীয়া সাহিত্যক চহকী কৰি যোৱা সুন্দৰৰ সাধক তথা বিশিষ্ট সাহিত্যিক অনন্তৰাম দাসৰ নামত প্ৰতিবছৰেই “অনন্তৰাম দাস স্মৃতি প্ৰকাশন” -এ অসমৰ এজন বিশিষ্ট লেখক তথা চিন্তাবিদলৈ এই বঁটা প্ৰদান কৰি আহিছে ।সেয়েহে যোৱা ১৯ জুলাই তাৰিখে বৰপেটা সাহিত্য সভা অম্বিকাগিৰী – বাণীকান্ত ভৱনত প্ৰকাশনৰ সভানেত্ৰী বিনয়াবালা ডাকুৱাৰ সভাপতিত্বত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় বিশিষ্ট লেখক তথা চিন্তাবিদ পংকজ ঠাকুৰলৈ ।উক্ত অনুষ্ঠানত বঁটা প্ৰদান কৰে অনন্তৰাম দাসৰ পত্নী জ্ঞানদাবালা দাসে আৰু লগতে উপষ্ঠিত থাকে অসম চৰকাৰৰ অনুসূচিত জাতি কল্যাণ বিভাগৰ সঞ্চালক থানেশ্বৰ মালাকাৰ আৰু বহুকেইজন গণ্য মান্য ব্যক্তি।

– সংগ্ৰাহক: ৰূপজ্যোতি কলিতা, তেজপুৰ বিশ্ববিদ্যালয়

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.