প্ৰকৃতি

0

কাবেৰী,

কৰমপূজালৈ আৰু বেছি দিন নাই,

লাগিছেনে তোমাৰ দেহত শৰতৰ মৃদু পৰশ?

কাবেৰী,

উলাহে নধৰা হৈছেনে বাৰু তোমাৰ হিয়াখিনি?

অইন বেলিৰ দৰে

পিন্ধিবানে তুমি এই বেলিও

ৰঙা পাৰিৰ বগা শাৰী, আৰু নাচিবানে

মাদলৰ তালে তালে ঝুমুইৰ?

তোমাৰ নুপুৰৰ ৰুণ-জুন ছন্দত বলীয়া

মই তোমাৰ আজন্ম প্ৰেমিক ৷

চুই চাবৰ বৰ মন যায় তোমাক, প্ৰকৃতিৰ এক নিখুট মূৰ্ত্তিক –

স্পৰ্শিবৰ বাসনা জাগে

মাদলৰ তালে তালে নাচা তোমাৰ দুভৰিক ৷

কাবেৰী,

নাচিম দিয়া এইবেলি তোমাৰ স’তে হাৰিয়াৰ ৰাগীৰে …

এক হৈ যাম আকুলতাৰে –

মিলি যাম দিয়া অনন্তকাললৈ

এটি কলি দুটি পাতৰ মাজত শৰতৰ স্নিগ্ধতাত ৷

ফোন নং: ৯৬১৩৫০৬০৬৩

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.