নষ্টালজিক অনুভূতি

0

বহু দিনৰ মুৰত তুমি দিয়া চিঠিখনি মেলিলো

তুমি লিখা প্ৰতিটো শব্দই মোৰ হিয়াত

দি থৈ গ’ল কেনভাছৰ চাব, আৰু

মোৰ ওঠত তুমি লিখা শব্দকেইটাৰ

গুণগুণনি….

হে প্ৰিয়তমা লিখো নেকি কবিতা

তোমাক লৈ ?

উকা কাগজত নীলা চিয়াঁহীৰ বোল সানি

আঁকো নেকি মনৰ অনুভূতিৰ এখনি প্ৰতিচ্ছবি ??

পাৰিমনে হৃদয়ৰ গোপন ৰহস্যক

দুটিমান শব্দত লিখিব ?

পাৰিমনে বুজাব হৃদয়ৰ অলেখ বেদনা …!!

গহীন নিশা, ৰূপোৱালী তৰাৰ ধিমিক-ধামাক

চাই কটোৱা কতনো উজাগৰী নিশা,

পাৰিমনে বুজাব তোমাক মাথো দুটিমান শব্দত ?

তুমি বাৰু বুজিবানে নীলা আকাশৰ অনুভূতি ??

গৰখীয়াৰ বাঁহীৰ সুৰত, ৰূপালী তৰাৰ

অগণন তৰাংগনত মাঁঠো হৃদয়ৰ

গহীন গান ….

হে প্ৰিয়া,

লিখো নে এখন উকা চিঠি ??

নেথাকিব তাত নীলা আখৰ

নেথাকিব তাত গহীন গহীন শব্দ;

মাঁঠো থাকিব তাত

বুজাব বিচাৰা অলেখ অনুভূতিবোৰ

মাঁঠো এখন

উকা কাগজত ……. !!

– চন্দনা দাস

পাঞ্জাবাৰী,

বিএড, ড০ অনিতা বৰুৱা শৰ্মা কলেজ অৱ এডুকেচন,

ফোন নং: 9854954336

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.