দুখৰ স্তৱক

0

(১)

আধুনিকতাই কোঙা কৰা বিশ্বৰ ভিন্নতাত
আছে জানো সঁচা প্ৰেম ?
আছে যদি অলপ প্ৰেম দিয়া
হৃদয় গঢ়াৰ বাবে ।

(২)

নিশাৰ নিৰৱতাত ঠেকা খাই উভতি আহে
মোৰ ব্যৰ্থতাৰ প্ৰতিধ্বনি,
দুখনো কি ?
কি আন নাম তাৰ ?
মই নাজানো !
হয়তো নিসংগতাই পাতি লোৱা
সুশোভিত কাঁইটীয়া উদ্যান ।
কোনে জানে, বানেধোৱা খেতিয়কৰ
মনৰ দুখ কিমান !!

 

 

– অংকুৰ জ্যোতি বুঢ়াগোঁহাই

যোগাযোগঃ ৯০৮৫৮-৭৭৫০১

ঠিকনাঃ তিতাবৰ, যোৰহাট

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.