এখন কেনভাচ্ ফাগুনৰ

0

কুঁৱলীৰ আচ্ছাদন ফালি

সৌৱা ফাগুন আহিছে

মুঠি মুঠি ৰং লৈ ফাগুন আহিছে

ৰিব্ ৰিব্ এছাটি মলয়াৰ সতে

ৰঙা ৰঙা ৰং লৈ ফাগুন আহিছে

পলাশ, শিমলু, আজাৰে ডিঙি মেলি মেলি

বাট চাই আছে ফাগুনৰ ৰং কোঁচ পাতি ল’বলৈ

মদাৰ জোপাইয়ো দুহাত মেলিছে

 

উলাহত বাউলি হৈ—

মুঠি মুঠি ৰং, ৰঙা ৰঙা ৰং

তেজ ৰঙা এই ফাগুনৰ ৰং

ৰঙৰ মেলা বহিব ইয়াত

ফাগুনৰ ৰং সানি ৰঙিয়াল হ’বলৈ

কোন ক’ত আছা ঢপলিয়াই আহা

বিষাদঘন কুঁৱলী একাষৰীয়া কৰি

হিলদ’ল ভাঙি আহা

ফাগুন আহিছে

বুকুৰ দুখবোধ চকুলো সামৰি

উৰুলীকৃত হৈ আহা

ফাগুন আহিছে

মুঠি মুঠি ৰং লৈ

ৰঙা ৰঙা ৰং লৈ

গুণ গুণ গান এটি হৈ

তেজৰঙা ফাগুন আহিছে!!!

 

– অপৰাজিতা বড়া

সংযুক্ত স্নাতকোত্তৰ, দশম ষাণ্মাসিক,

গণিত-বিজ্ঞান বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.