স্খলন

1

শব্দ প্ৰকৃতিৰ বিশাল মহাসভাত

থমকি ৰই যাওঁ,

ভণ্ড সমাজৰ কামুক মানৱে নিসৃত কৰা

বাণীটো আশাৰে শুনিয়ে ৰওঁ।

দিন হ’ল ৰাতি, ৰাতি হ’ল চুনামি,

চূৰমাৰ হ’ব ছাগে ভবিষ্যতৰ সপোন,

সাজু নহ’লে নিজেই নিজৰ কবৰ খান্দিব লাগিব

মূক হৈ কিয় ৰ’ল আজি তোৰেই দাপোন?

অসম মাতৃৰ সৰিছে চকুপানী

সৰহসংখ্যক অন্ধপুত্ৰ দেখি দেখি,

লুইতেওঁ স্বইচ্চাৰে মৰণৰ ক্ষণ গণিছে

বিৰক্তিৰে কালিমা বহন কৰি কৰি…

মৰ্ত্যত মৰণৰ চিৎকাৰ, আকাশত বাৰুদৰ ধোঁৱা

অৰণ্যত উণ্মাদ-পাষণ্ড স্বাধীনতা প্ৰেমিক,

হৰিজনৰ প্ৰাণ লৈ কৰিছে খেলা

মূৰ্ত দানৱ সমাজৰ ইওঁ এক প্ৰতীক।

শিক্ষিত সমাজতো সমানে চলিছে

বিবেকহীন কাম,

শিক্ষিত, ধূৰ্ত অধ্যাপকজনৰো ক্লাছত ফাঁকি দি

প্ৰাইভেট বিজনেছ্ কৰাহে নিত্য কৰ্মজ্ঞান।

অসমীয়া কিতাপ, চিনেমাতো লাগিছে বৰপোক

ইওঁ এক সকীয়নীৰ চিন,

ভবা নাই ছাগে,ভাষা-সংস্কৃতি অবিহনে

জাতি হ’ব বাৰিষাৰ বৰষুণত লীন।

নাৰী সমাজকো বনোৱা হৈছে

এইখন সমাজত কেঁচামালৰ দৰে সামগ্ৰী,

বিকশিত অসমৰ প্ৰতিটো চুকত এসাজ অন্নৰ বাবে

ক’ত যে নাৰীয়ে কৰিলে দেহ বিক্ৰী।

প্ৰেম-ভালপোৱাৰ ওপৰতো চলিছে

লেতেৰা হাঁতোৰাৰ খেলা,

উদণ্ড পুৰুষৰ বাবে গঢ়া “মা” “মা” দুটা শব্দই

ক’ত যে ছোৱালীক দিলে গ্লানিৰ মোনা।

লাজ লাগে, দুখ লাগে মোৰ

নৰ্দমাত পৰি ৰোৱা পৰুৱাই ধৰা নব্যজাতক,

বিশ্বাসহীনতাৰ সমাজত কৰা বিশ্বাসৰ কাৰণে

মাজতে অজানিতে ধ্বংস হ’ল তাৰ মধুৰ ভবিষ্যত।

দেখিছোঁ হেজাৰ বিজাৰ অভিযন্তা এই দেশত

গৰ্ব কৰি কম এইখনি অভিযন্তাৰ দেশ,

কিন্ত গৰ্ব পানী হৈ নিমিষতে

উদ্যোগ নোহোৱা দেশ যে মোৰ স্বদেশ।

চলিছে আন্দোলন,কম্পিত অসম

বহুতৰে নাই দেখোন প্ৰাসংগিক চিন্তা,

ভয় লাগে মোৰ ভাবি, অন্যৰ উচতনিত আগবঢ়া

পুলিচৰ লাঠীত কোবত আঘাতপ্ৰাপ্ত দুখীয়া-নিচলাজনৰ কি হ’ব অৱস্থা!

প্ৰকৃতিৰ নুমলী জীয়াৰী অসমীৰ সম্পদক

লৈ চলিছে বিদেশী বুদ্ধিমানৰ খেলা,

দেখি হাঁহিছে তেওঁলোকে, কাৰণ

নিজৰ ঘৰৰ মাজতে চলিছে মহাৰণৰ মেলা।

যুৱশক্তিৰ মাজতো দ্ৰুতগতিত বাঢিছে

মদ-ভাং-চিগাৰেটৰ ভয়াবহ আড্ডা,

আহ্বান জনালো বৌদ্ধিক মহলক

যুৱস্খলন ৰুধিম বুলি লোৱাহে প্ৰতিজ্ঞা।

মানবতাৰ হত্যা,হিংসাৰ দাবানল

ইত্যাদিত কম্পিত বিশ্ব,

আহা, আমি আটায়ে নিৰৱে ভাবো

অসমখনেই আমাৰ নিজস্ব।

– ভাস্কৰজ্যোতি ভট্টাচাৰ্য্য,

ৰসায়ন বিজ্ঞান বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়

(৯৭০৭২০৯৬৫৯)

ই-মেইল: [email protected]

Share.

1 Comment

  1. ৰক্তিম চৌধুৰী on

    মোৰ বোধেৰে স্খলন বৰ্তমান সমাজৰ এক সামগ্ৰিক প্ৰতিফলন। কবিতাটোত কবিয়ে মূল নামৰ লগত সংগতি ৰাখি বিষয়বস্তুক অধিক গুৰুত্ব দিছে লগতে কবিতাটোৰ ছন্দৰ প্ৰয়োগ মন কৰিবলগা। আজিলৈকে মই বহু কবিতা পঢ়িছো কিন্তু বেছিভাগতে ছন্দ মিল নাখায়। এনে সময়ত সোঁতৰ বিপৰীতে গতি কৰি কবিয়ে নিজৰ বৌদ্ধিক দক্ষতাৰ লগতে কবি প্ৰতিভাৰ এক উৎকৃষ্ট পৰিচয় দিছে। কবি ভাস্কৰজ্যোতি ভট্টাচাৰ্য্যৰ কবি জীৱনৰ উত্তৰোত্তৰ কামনা কৰি তেথেতৰ পৰা ভবিষ্যতে এনে ধৰণৰ ছন্দ মিল খোৱা বহু কবিতা আশা কৰিলো। ধন্যবাদ।

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.