সম্পাদকীয়: ৩য় বৰ্ষ, ২য় সংখ্যা

0

স্বভাৱ আৰু প্ৰকৃতি …

প্ৰত্যেকজন মানুহৰ জীৱনত স্বভাৱ আৰু প্ৰকৃতি;এক অপৰিহাৰ্য্য অংগস্বৰূপ ৷ এই দুই অবিহনে মানুহে নিজৰ প্ৰাৰম্ভিক পৰিচয় সম্পূৰ্ণ কৰিব নোৱাৰে ৷ বহুতে এই দুয়োটাকে সম পৰ্য্যায়ৰ বুলি গণ্য কৰে যদিও বিশদ ভাৱে পৰ্য্যালোচনা কৰি চালে আমি কিন্তু এই দুই গুণৰ মাজত বিশাল ব্যৱধান দেখা পাওঁ ৷ সেইটো হ’ল স্থায়ীত্ব ৷

স্বভাৱ হ’ল পৰিস্থিতি নিয়ন্ত্ৰক প্ৰক্ৰিয়া ৷ স্থান–কাল-পাত্ৰ ভেদে মানুহ এজনৰ স্বভাৱ ভিন্ন ভিন্নও হব পাৰে ৷ মানুহ এজনৰ স্বভাৱ গঠনত সমাজখনে বাৰুকৈয়ে প্ৰভাৱ পেলাই ৷ উদাহৰণ স্বৰূপে আমি চোৰ এজনৰ কথা কে ভাবোহ’ক ৷ জন্মৰ সময়ত কোনেও এজন চোৰ হ’ম বুলি ঠিৰাং কৰি নাহে অথবা কোনো পিতৃ- মাতৃয়ে নিজৰ সন্তানক চোৰ বৃত্তি গ্ৰহণ কৰিবলৈ উদ্গনি নোযোগাই ৷ তেন্তে চোৰজন চোৰ হ’ল কেনেকৈ ? তেনে পৰিস্থিতিত যদি আমি চোৰ জনৰ সামাজিক দৃশ্য খন ভালদৰে পৰিলক্ষিত কৰো তেতিয়া কিন্তু সামাজিক প্ৰভাৱৰ ৰেখা দেখা পোৱা যাব ৷ এইখিনিতে এটা কথা উল্লেখ কৰি থোৱা অতিকৈ প্ৰয়োজনীয় যে সামাজিক প্ৰভাৱ বুলি ক’লে অকল চোৰ জনৰ আশে পাশে থকা মানুহখিনিক বুজোৱা হোৱা নাই ৷ বেয়া কিতাপ , দূৰদৰ্শনৰ পৰা বেয়া খিনি আহৰণ কৰিও এজন সাধৰণ মানুহ চোৰ হ’ব পাৰে ৷ কেতিয়াবা আকৌ ল’ৰা বা ছোৱালীজনীৰ বন্ধু বৰ্গৰ পৰাও বহু খিনি প্ৰভাৱন্নিত হোৱা দেখা যাই ৷ গতিকে সামাজিক শব্দটোক তেনে অৰ্থতহে ব্যৱহাৰ কৰা হৈছে ৷ আচ্ছা যিয়ে নহওক আমি যিকোনো এজন ব্যক্তিৰে সফলতা বা বিফলতাক উদাহৰণ হিচাপে লৈ স্বভাৱ প্ৰবৃত্তিক আলোচনা কৰিব পাৰো ৷

যা হওক স্বভাৱ সময় সাপেক্ষে সলনি হ’বও পাৰে ৷তেন্তে প্ৰকৃতি কি বাৰু? জন্মৰ সময়ত মানুহ এজনৰ দেহত কিছুমান গুণ চিৰকাললৈ সন্নিৱিস্ত হৈ থাকে ৷ ইয়াক কেতিয়াও সলনি কৰিব নোৱাৰি ৷ এজনে যিমানেই ভাল বা বেয়া স্বভাৱ নেদেখওক কিয় কিন্তু সেইজনৰ প্ৰকৃতি সদায় অলৰ অচৰ ৷ কিন্তু সাধাৰণতে আমি মানুহক নিজৰ প্ৰকৃতিত খুব কমেই দেখা পাও ৷

 

এতিয়া কথা হ’ল মানুহ এজনক বিচাৰ কৰিব হ’লে আমি মানুহ জন কেনেকুৱা স্বভাৱৰ সেইটো চোৱাটকৈ তেওঁৰ প্ৰকৃতিৰ ওপৰতহে তেওঁক বিচাৰ কৰাটো দৰকাৰ ৷ তেতিয়া মানুহ জনৰ সঠিক মূল্যায়ণ কৰিব পৰা যায় ৷ অৱশ্যে কেতিয়াবা প্ৰকৃতিৰ ওপৰতে ভিত্তি কৰি একচেতিয়া সিদ্ধান্ত গ্ৰহণ কৰাটো সমস্যা হয় ৷

সচৰাচৰ অমি সকলোৱে আমাৰ স্বভাৱৰ ওপৰত হে বেছি গুৰুত্ব দিয়া যায় ৷ নিজৰ প্ৰকৃতিৰ কথা পাহৰি যোৱা যেন হয় ৷ কিন্তু প্ৰকৃতিৰ ওপৰত বিশেষ গুৰুত্ব দিলে স্বভাৱেও তেনে প্ৰকৃতিৰ দিশ লয় ৷ পৃথিৱীত আমি য’তেই নাথকো কিয় বা যি কামেই নকৰো কিয় প্ৰকৃতিয়েহে আমাক কোনো পৰিৱেশৰ সৈতে মিলি থাকিব সাহস দিয়ে ৷

 

ইতি ..

অলকেশ,

মুখ্য-সম্পাদক, ‘সন্ধান’

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.