সপোন

0

ভাগে লাহে লাহে
নিস্তব্ধ নিশা জোনাকী পৰুৱাৰ বুকুত
সাজো সপোনৰ কাৰেংঘৰ,
শৰত আহিলে
সপোন বোৰ গতি কৰে
শেৱালিৰ বুকুলৈ

নিয়ৰ বোৰ উছুপি উঠে ৷
আঘোনৰ সোণোৱালী দিনত
সপোন বোৰ হৈ উঠে সোণালী,
ফাগুনৰ পচোৱা বতাহে
উৰুৱাই লৈ যায়
সপোন বোৰ বহু দূৰলৈ

পলাশৰ বুকুত সপোন গুজি
ৰঙীণ কৰি তোলে
মন আকাশৰ কৃষ্ণচূড়া ৷

সপোন বোৰ ভাগে
লাহে লাহে,
সংঘাত আৰু প্ৰতাৰণাত
থমকি ৰয় অৰ্থৰ বাবে
পাই হেৰুৱাই উচুপে হৃদয়
সপোন ভগাৰ যন্ত্ৰণাত ৷৷

 

: দীপজ্যোতি শৰ্মা

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.