মৃতকৰ কৰ্মত মুণ্ডন কৰা কাৰ্য্য…..!!!

0

ভাৰতবৰ্ষ এক ভিন্ন ধৰ্মৰ দেশ ৷ হিন্দু, ইছলাম, খৃষ্টান, জৈন, শিখ ইত্যাদি নানা ধৰণৰ ধৰ্মই এই দেশক এক বিনন্দীয়া মাত্ৰা প্ৰদান কৰিব সক্ষম হৈছে যাৰ বাবে ভাৰতীয় সংস্কৃতি গোটেই বিশ্ব দৰবাৰত এক আদৰ্শৰূপে পৰিগণিত হৈছে ৷
যিহেতু এই দেশ ভিন্ন ধৰ্মৰ অলংকাৰ পৰিহিতা, সেয়েহে এই দেশৰ প্ৰতিচ্ছবিত ভিন্নৰঙী প্ৰতিফলন হোৱাতো স্বাভাৱিক ৷ ঠিক তেনেদৰে সামাজিক কৰ্মসমূহতো ইয়াৰ প্ৰভাৱ পৰাতো স্বাভাৱিক ৷
আজি আমি হিন্দু ধৰ্মৰ এক জনপ্ৰিয় প্ৰথাৰ কিছু সৰু সৰু নিয়মৰ তাৎপৰ্য্য আলোচনা কৰিম ৷ ভাৰতবৰ্ষত মুণ্ডন কাৰ্য্যৰ তাপৰ্য্য উল্লেখনীয় ৷ এইখন দেশত এই নিয়মক অতি শুভ কৰ্মৰূপে জনা যায় ৷ বহুতে কিছুমান মন্দিৰত গ’লে মুণ্ডন কৰায়; ঠিক তেনেদৰে মৃতকৰ কৰ্মতো এই প্ৰথা বহু প্ৰচলিত ৷ সাধাৰণতে পিতৃ-মাতৃৰ মৃত্যুৰ পিছত তেওঁলোকৰ আত্মজবোৰে মৃত্যুৰ পৰা দহ দিনৰ দিনা মুণ্ডন কৰে ৷ আজি আমি ইয়াত মৃতকৰ সন্মানাৰ্থে কৰা মুণ্ডনৰ বিষয়ে আলোচনা কৰিব ওলাইছো ৷
পিতৃ-মাতৃৰ বিয়োগে আত্মীয়সকলক (বিশেষকৈ সন্তানক) এক বুজাব নোৱাৰা গভীৰ শোকৰ ফালে ঠেলি দিয়ে ৷ সন্তান সকলে সেই শোকতে নিজকে হেৰুৱাই পেলায় ৷ স্বাভাৱিকতে এনে দুখ পাতলাবলৈ বহুখিনি সময়ৰ প্ৰয়োজন হৈ পৰে ৷ হিন্দু বেদ-শাস্ত্ৰ আদি অনুসৰিও এনে দুখৰ মাজত মৃতকৰ সন্তান বা মুখাগ্নি কৰা জনে প্ৰথম কিছুদিন সম্পূৰ্ণ নিৰাহাৰ থাকিব লাগে বুলি কোৱা হৈছে ৷
সাধাৰণতে আমাৰ হিন্দু ধৰ্মত মৃতকৰ কৰ্ম তেৰদিনলৈ থাকে ৷ ইয়াৰে মাজত দহ দিনৰ দিনা সন্তান/শ্ৰাদ্ধকৰ্তাজনৰ মুণ্ডন কৰোৱা হয় ৷ এনে কৰাৰ কোনো ধৰণৰ বৈজ্ঞানিক কাৰণ নাথাকিলেও বৈদেক ভাবে চাব গ’লে ইয়াৰ অৰ্থ তাৎপৰ্য্যপূৰ্ণ ৷
নিয়মাৱলী..

দহ দিনৰ দিনা মৃতকৰ পিণ্ড দান কৰি পিণ্ডদাতাৰ মুণ্ডন কৰোৱা হয় ৷ দেৱতাসকলক সাক্ষী কৰি পিতৃৰ তৃপ্তিৰ উদ্দেশ্যে এই মুণ্ডন কৰা হয় ৷

|| ওঁ জানন্তু দেৱাঃ পিতৰুস্তথৈব ধৰ্মাৰ্থতো মুণ্ডনমাচৰামি ||

“পিতৃধৰ্মাৰ্থে দেৱতাসকলক সাক্ষী কৰি মুণ্ডন কৰোৱা হ’ল”

অৱশেষত

|| পিতৰঃ তৃপ্তিমায়ান্তু বৰদাঃ সন্তু সৰ্ব্ব্দা ||

“হে পিতৃসকল !! তৃপ্তি লাভ কৰা আৰু আমাক সদায় বৰদান কৰা”

এনেকৈয়ে মুণ্ডন কাৰ্য্যৰ সমাপন কৰা হয় ৷
আচলতে আন ভাৱত বুজাব হ’লে এই ৰীতি মৃতকৰ প্ৰতি আত্মজৰ তৰফৰ পৰা জনোৱা সন্মান ৷ পিতৃ-মাতৃৰ ওচৰত সতি-সন্ততি সকল চিৰ ঋণী ৷ সেই ঋণ পৰিশোধ কৰাতো কোনো পক্ষেই সম্ভৱ নহয় ৷ জীৱন দিও পৰিশোধ কৰিব নোৱাৰা সত্ত্বেও সময় সাপেক্ষে যথাসাধ্যে সেই ঋণ পৰিশোধ কৰাতো প্ৰতিজন সন্তানেই বিচাৰে ৷ তাৰেই এক ক্ষুদ্ৰ অংশ হিচাপে এই মুণ্ডন কাৰ্য্য সমাপন কৰা হয় ৷
মৃতকৰ দহ দিনৰ দিনা সন্তান কেইজনৰ বাহিৰেও মৃতকৰ জ্ঞাতি কুতুম্ব সকলোৱেও নিজ ইচ্ছা অনুসৰি মুণ্ডন কৰাব পাৰে ৷ এনে কৰাৰ ফলত এক আত্মশুদ্ধিৰ প্ৰাপ্তি লাভ হয় বুলি লোকবিশ্বাস ৷

(উক্ত প্ৰথাৰ বিষয়ে সবিশেষ জনোৱাৰ বাবে ৰঙিয়াৰ জ্যেষ্ঠ শাস্ত্ৰজ্ঞ মাননীয় ভবেন শৰ্মা মহোদয়লৈ “সন্ধান- এক নতুন দিগন্তৰ” ও সংগ্ৰহকৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলো ৷ তেখেতে দিয়া বহুমুলীয়া সময়খিনিৰ বাবে আমি তেখেতৰ ওচৰত চিৰ কৃতজ্ঞ ৷)

– সংগ্ৰাহক:

অলকেশ শৰ্মা,

ৰঙিয়া

অন্যান্য লেখা :

Share.

Leave A Reply