মহাশ্বেতা দেৱীলৈ প্ৰথম মামণি ৰয়ছম সাহিত্য বঁটা

0

অসম সাহিত্য সভাই ২০১৩-২০১৪ বৰ্ষৰ মামণি ৰয়ছম গোস্বামী (ড০ ইন্দিৰা গোস্বামী) ৰাষ্ট্ৰীয় সাহিত্য বঁটা আগবঢ়াইছে জ্ঞানপীঠ বঁটা বিজয়নী বিখ্যাত সাহিত্যিক মহাশ্বেতা দেৱীলৈ ৷ সাহিত্য সভাই বঁটাটো ২০১৪ চনৰ মাৰ্চৰ প্ৰথম সপ্তাহত গুৱাহাটীত আয়োজিত হ’বলগীয়া অনুষ্ঠানত প্ৰদান কৰিব ৷ বঁটাটোত থাকিব নগদ তিনি লাখ টকা, স্মাৰক, মানপত্ৰ, জাতীয় আদৰণি বস্ত্ৰ, গ্ৰন্থৰ টোপোলা আৰু আন সামগ্ৰী ৷ কেৱল বংগৰে নহয়, ভাৰতৰ বৌদ্ধিক সমাজৰ সুপৰিচিত এই সাহিত্যিকগৰাকীৰ জন্ম হৈছিল ১৯২৬ চনত, ঢাকা চহৰৰ এটা হিন্দু ব্ৰাহ্মণ পৰিয়ালত ৷ পিতৃ মনীষ ঘটক এজন সুখ্যাত কবি আৰু ঔপন্যাসিক আছিল ৷ আৰু মাতৃ ধৰিত্ৰী দেৱীও আছিল এগৰাকী লেখিকা আৰু সমাজসেৱক ৷ সাহিত্যিকগৰাকীয়ে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তি নিকেতনত প্ৰতিষ্ঠা কৰা বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷ মহাশ্বেতা দেৱীয়ে বিজয়নগৰ মহাবিদ্যালয়ত অধ্যাপনাৰে কৰ্মজীৱন আৰম্ভ কৰে ৷ উক্ত সময়ত এগৰাকী সাংবাদিক আৰু সৃষ্টিমূলক লেখিকাৰূপে অনবদ্য অৱদান আগবঢ়োৱা সাহিত্যিকগৰাকীয়ে পশ্চিম বংগৰ মহিলা, দলিত আৰু জনজাতীয়সকলৰ কল্যাণাৰ্থে কাম কৰি বিখ্যাত হৈ পৰে ৷ মহাশ্বেতা দেৱীৰ বিভিন্ন সৃষ্টিসমূহ হ’ল – ঝাঞ্চীৰ ৰাণী, হাজাৰ চৌৰাশিৰ মা, অৰণ্যৰ অধিকাৰ, অগ্নিগৰ্ভা, চোট্টি মুণ্ডা এবং তাৰ তীৰ, ধৌলী, ডাষ্ট অন দ্য ৰোড, আৱাৰ নন ভেজ কাউ, এক-কুৰিজ ড্ৰিম, আউটকাষ্ট, দ্ৰৌপদী, ৱৰ্ল্ড ৱ’মেন, কুলপুত্ৰ, ডাকাইতি কাহিনী আদি ৷ ‘অৰণ্যৰ অধিকাৰ’ গ্ৰন্থৰ বাবে ১৯৭৯ চনত সাহিত্য একাডেমী বঁটা, ১৯৮৬ চনত পদ্মশ্ৰী বঁটা, ১৯৯৬ চনত জ্ঞানপীঠ বঁটা, ১৯৯৭ চনত ৰেমন মেগছেছে বঁটা, ২০০৬ চনত পদ্ম বিভূষণ বঁটা, ২০১১ চনত বংগ বিভূষণ, ২০১২ চনত সাহিত্য ব্ৰহ্মৰ জীৱনজোৰা সাধনা বঁটা আদি ভালেমান সন্মানেৰে বিভূষিত ৷ উল্লেখযোগ্য যে মহাশ্বেতা দেৱীৰ কাহিনীৰ আলমত ‘সংঘৰ্ষ’, ‘ৰ’দালি’, ‘হাজাৰ চৌৰাশি কী মা’ আদি কেইবাখনো কথাছবিও নিৰ্মাণ কৰা হৈছে ৷ উল্লেখ্য, অসম সাহিত্য সভাই নুমলীগড় তেল শোধনাগাৰৰ পৃষ্ঠপোষকতাত বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা আন্ত:ৰাষ্ট্ৰীয় বঁটাও ইতিমধ্যে প্ৰৱৰ্তন কৰিছে ৷ প্ৰথম এই বঁটা লাভ কৰিছে বাংলাদেশৰ যশস্বী শিল্পী লুবনা মৰিয়মে ৷

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.