মই তোমাক বেয়াপাওঁ ৰাৱণ

0

মই তোমাক বেয়াপাওঁ ৰাৱণ

তুমি বলিয়াৰ দৰে ওকালতি কৰিলেও
মই তোমাৰ প্ৰেমৰ আদালতত হাৰিব নোৱাৰোঁ অ’ ৰাৱণ
অন্ততঃ সমাজৰ চকুত
মই নিৰুপায়…৷
হৃদয়ৰ যন্ত্ৰণাত ছটফটাই ফুৰিলেও
মই কেতিয়াও ক’ব নোৱাৰো অ’ ৰাৱণ
ভালপাওঁ তোমাক৷
কাৰণ
মই পলাতক, সমাজভীৰু, পণবন্দী৷
কেতিয়াবা চিঞৰি চিঞৰি ক’বৰ মন যায়
তোমাৰ প্ৰেম
তোমাৰ আবদাৰ
তোমাৰ হৃদয়
প্ৰতিগৰাকী নাৰীৰ সপোন৷

 

তুমি কোৱা:-

জ্বলাই দিছা তোমাৰ হৃদয়ৰ স্বর্ণলংকা মোৰ বাবে,
পণ কৰিছা ভাতৃ, পুত্ৰ আৰু তোমাৰ প্ৰাণৰ সৈন্যগণ মাথোঁ মোৰ বাবে৷
তুমি পাষাণ ৰাৱণ৷
সমাজৰ দৃষ্টিত
তুমি হৃদয়হীন, নিষ্ঠুৰ এক নিলর্জ্জ বর্ব্বৰ৷
তুমি কলংকিত হৈ ৰ’বা চিৰজীৱন ইতিহাসৰ পাতত
কাৰণ
তোমাৰ প্ৰেমৰ জোঁৱাৰে জোকাৰণি তুলিব নোৱাৰে
ইতিহাস প্ৰণেতাৰ হৃদয়৷
কিন্তু মই…………..
মইটো নাৰী, ৰাৱণ
মোৰ দৃষ্টিত তুমি
আহঃ………………..!
 

নকওঁ ৰাৱণ

হৃদয়ত অশান্ত জোঁৱাৰে তোলপাল লগালেও
মই ক’ব নোৱাৰোঁ,
পৃথিৱীয়ে নিজৰ নিয়ম সলনি কৰিলেওঁ
মোৰ মুখৰপৰা কেতিয়াওঁ নোলাব
তুমিযে মোৰ হৃদয়ৰ মানুহ৷
 

ইতিহাসে ক’বঃ-

ৰাৱণ পাষাণ, অত্যাচাৰী, বলাৎকাৰী আৰু পৰস্ত্ৰী হৰণকাৰী
এক নিলজ্জ বর্ব্বৰ৷
ক’তা,
তুমিটো মোৰ শৰীৰৰ চুলি এডালকে স্পর্শ কৰা নাই!
মোৰ প্ৰগল্ভাক তুমি প্ৰশংসা কৰা
মোৰ প্ৰতিব্ৰতাক তুমি কৰা সন্মান৷
যেতিয়াই তুমি মোৰ ওচৰলৈ আহা
প্ৰশংসাৰ বর্ষাৰে মোৰ হৃদয়ৰ লৌহ দুৱাৰ তচনচ কৰা
মই মাথো মৌনব্ৰত পালন কৰো
তোমাক ঘিণ কৰাৰ বাবে নহয়
কাৰণ
জানোচা মোৰ মুখৰপৰা নির্সগিত হ’য়
গোপন সত্যৰ নিজৰা৷
যেতিয়া তুমি উন্মাদপ্ৰায় হৈ কোৱাঃ-
‘চোৱা, চোৱা সীতা, তোমাৰ সন্মুখত মোৰ স্বর্ণলংকা নিষ্প্ৰভ
ৰাৱণৰ সূ-উচ্চ অট্টালিকাতকৈ তুমি উচ্চ
তুমি সর্বস্বত মই জীয়াই থাকিব বিচাৰোঁ………’
যাক ইতিহাসে তোমাৰ বলিয়ালি বুলি তাচ্ছিল্য কৰিব৷
তেতিয়া মোৰো চিঞৰি চিঞৰি ক’বৰ মন যায়
‘তোমাৰ প্ৰেমত ময়ো………….’
নকওঁ ৰাৱণ
মই পাষাণী ৰাৱণ
অ, অ, মই পাষাণী,
নহয়, নহয় মই পাষাণী নহয় অ’ ৰাৱণ
মই অৱলা , অসহায় অ’ ৰাৱণ৷
মই সমাজলৈ ভয় কৰো অ’ ৰাৱণ
মই মৃত হৈয়ো সমাজৰ চকুত
সতী হৈ থাকিব খোজো অ’ ৰাৱণ
 

চিৰ জীৱন মই মৌন হৈ ৰ’ম

কাৰণ মই অসহায়, বৰ অসহায়
তোমাৰ প্ৰেমত মই পৰাজিত ৰাৱণ
তথাপিও…………
 

মই তোমাক……….

মই তোমাক বেয়াপাওঁ ৰাৱণ৷

যতিন বড়া

ৰচনা কালঃ- ২০১২

অন্যান্য লেখা :

Share.

About Author

Leave A Reply