ভাতি খোলা হাতী

2

মোহনৰ খং তিনি দিন ধৰি ওচৰলৈ জামাল যাব নোৱাৰা অৱস্থা । জামালক দেখিলেই ৰঙা চকু দেখুৱাই । বছৰত এবাৰ দুবাৰ মোহনে তেনে আচৰণ কৰে বাবে ডাঙৰ গছত বেৰি লগাই দুডাল শিকলিৰে বান্ধি ৰখা হৈছিল । যেতিয়া দেখে চকুৰ ওচৰতে থকা সৰু ফুটাৰে নিগৰিব ধৰিছে এবিধ জুলীয়া পদাৰ্থ তেতিয়া কোনো পলম নকৰি জামালে মোহনক বান্ধি থোৱাৰ বাহিৰে অন্য উপায় নাই । তিনি চাৰি দিন বন্ধাৰ পিচতহে শান্ত হয় । মোহন আছিল ওৰাং ৰাষ্ট্ৰীয় উদ্যান খনৰ আটাইতকৈ ওখ পাখ দঁতাল হাতী । তাৰ পিঠিত উঠি বনকৰ্মী সকলে ৰ্নিভয়ে তহলদাৰী কৰে নিজে নিজে জানে ক’ত তহল দাৰি কৰিব লাগে । বনৰ ভিতৰত যদি কোনো জন্তুৰ মৰাশৰ গোন্ধ পায় সি বিচাৰি উলিয়াই দিব । সেয়েহে তাৰ পিঠিত উঠিবলৈ বন বিষয়া সকলেও বিচাৰে । মই ১৯৭২ চনৰ পৰাই দেখিছিলো মোহনক মোৰো সৌভাগ্য ঘটিছিল তাৰ পিঠিত উঠাৰ । ওৰাং ৰাষ্ট্ৰীয় উদ্যান খনৰ ইটো মুৰৰ পৰা সিটো মুৰৰ শিবিৰৰ সকলো তাৰ চিনাকি । এদিন মই ৰঙাগড়া বন শিবিৰত থাকোতে তহলদাৰী কৰিবলৈ গৈছিলো । হাবিৰ মাজে মাজে তহলদাৰী কৰি ফুৰোতে সন্মুখত দুটা বাঘে আমাক আগচি ধৰিলে । আমাৰ যাতে কোনো অনিষ্ট নহয় তাৰ বাবে সি যি কৌশল কৰা দেখিলো মই আচৰিত । গছৰ ডাল ভাঙি লাঠি বনাই শুৰডালেৰে বাঘক যাতে পিটন দিব পাৰে তাৰ বাবে সাজু । এখোজ দুখোজকৈ আগবাঢ়ি গৈ যেতিয়া বাঘৰ ওচৰ পাওঁ পাওঁ হৈছে লাঠিৰে কোবাব ধৰিলে মাটিত আৰু হাবিত । বাঘে গোজৰণি মাৰি হাবিৰ মাজলৈ দৌৰ । মোহনে যেনেকুৱাই বিপদ নপৰক বনকৰ্মী সকলক বচাবই । গঁড় জাকৰ মাজত পৰিলে বা খেদিলে ভাল শিক্ষা দিয়ে গঁড়ক হয় ভাল খুন্দা দিয়ে নহয় দাঁতেৰে খুচি বগৰাই দিয়ে । যি এবাৰ খুন্দা বা খোজ খাইছে মোহনক দেখিলেই বাট এৰি দিয়ে । বনকৰ্মী সকলে যদি কিবা বিপদত পৰে মোহন বুলি মাতি পেটৰ তলত সোমাব পাৰে । সি ৰক্ষা কৰিবই । সেয়েহে অতি আদৰৰ অতি মৰমৰ আছিল । কেতিয়াবা জামালে খং কৰি দুই এচাত কোব দিলে চিধাই আঞ্চলিক বন কাৰ্য্যালয়লৈ গুচি আহি বন বিষয়াক গোচৰ দিয়ে কান্দি কান্দি বন বিষয়াৰ ওচৰতে ৰৈ দিয়ে । যেতিয়ালৈ তাক মৰম নকৰে গুচি নাহে । এই ক্ষেত্ৰত ভূপেন তালুকদাৰ বন বিষয়া জনে বৰ মৰম কৰিছিল । মোহনৰ চৰিত্ৰৰ বিষয়ে তেতিয়াৰ বন বিষয়া ভূপেন তালুকদাৰে যিমান জানিছিল আন কোনোও নাজানিছিল । ভাটি খুলিলে মালতি হঁতক ওচৰলৈ নি এৰি দিছিল আৰু তাৰ কামনা বাসনা পুৰ কৰিছিল । তাৰ সাক্ষী স্বৰূপে মালতি, কদম্বৰীৰ কেইবাটাও পোৱালীৰ জন্ম হৈছিল । ভাতি খোলাৰ সময়ত যদি মালতি হঁতক লগ নাপায় তেন্তে শিকলী চিঙি হ’লেও বিচাৰি বিচাৰি উলিয়াই । বিশেষকৈ ঘৰচীয়া হাতীৰ ভাতি খুলিলে মাউত সাৱধান হ’ব লাগে । বনৰীয়া সকলে অনাই বনাই বনৰ মাজে মাজে ঘুৰি ফুৰে । যৌন উত্তেজনাত থাকিব নোৱাৰি সংগী লগ নাপালে খঙাল হৈ ভয়ানক ৰূপ লয় । সন্মুখত যাকে পায় তাকে আক্ৰমণ কৰিব ধৰে । খেদি খেদি আক্ৰমণ কৰিহে যেন শান্তি পায় এনে ধৰণৰ হৈ পৰে । এবাৰ কাজিৰঙাত মোৰ মুখা মুখি হৈছিল ভাতি খোলা হাতীৰ আমি দুজন হৰেণ বড়া আৰু মই বুঢ়া পাহাৰৰ পৰা বজাৰ কৰি ডাফলাং শিৱিৰলৈ আহি আছো চেন্ট্ৰেল পথৰে বৰ ভেকেতা ভেকেতি গোন্ধ পাইছো । হৰেণ বড়াই কৈছিল – বংশী আগত ভাতি খোলা হাতী আছে সাৱধানে যাব লাগিব । মই গোন্ধটো সহ্য কৰিব পৰা নাই অলপ ৰৈ চালো দেখা পাওঁ নেকি । পথৰ ওচৰতে পিটনীত থকা বোকা মাটি গাত সানি লুতুৰী পুতুৰি হৈ আমি গৈ থকা ৰাস্তাতে উঠিল । আমাক দেখিয়ে খেদা দিলে বড়াই দিলে জাপ ৰাস্তা বনোৱা নলাত । মই ৰেচন কান্ধৰ পৰা ঠেকেচা মাৰি পেলাই ময়ো দিলো নলাত জাপ নলায় নলায় দৌৰি কাঠৰ দলংত উঠিলো । বড়াই গ’ল বিপৰীত দিশত । বড়াই জাপ দিয়া ঠাইত হাতীয়ে বিচাৰি ফুৰিছে । দলংৰ ওপৰৰ পৰা চাই আছো মোৰ হাত ভৰি কপনি কিংকৰ্তব্য বিমোৰ কি কৰিম নকৰিম । ১০ মিনিট মান আমি নলাত জাপ দিয়া ঠাই খিনিত পগলাৰ দৰে ইফাল সিফাল কৰি ৰেচন বোৰ পেলাই যেনিবা ডাঠ হাবিৰ ফালে গুচি গ’ল । বহু সময় দলংতে থাকি হৰেণ বড়ালৈ অপেক্ষাত ৰ’লো । সেইদিনা দেখিছিলো ভাতি খোলা হাতী কিমান ভয়ানক। গোন্ধ পালে কোনো দিনে আৰু আগনাবাঢ়ো । মই প্ৰথম লগ পোৱা ৰেঞ্জাৰ ৺ নাৰায়ন শৰ্মা কাজিৰঙাৰ বাগৰিৰ পৰা বদলি হৈ গৈছিল ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ । বিভাগীয় হাতীৰ ভাতি খোলাত উন্মাদ হোৱাত ট্ৰেংকুইলাইজাৰ কৰিব বিচাৰিছিল গছৰ আশ্ৰয় লৈ কিন্তু নোৱাৰিলে বশ কৰিব । খেদি আহি শৰ্মা ছাৰক গচকি ফেনেকি মাৰি পেলালে । এজন অতি সাহসী বন বিষয়াই অকালতে প্ৰাণ ত্যাগ কৰিলে । শৰ্মা ছাৰৰ কথা মনত পৰিলে চকুৰ পানী ওলাব ধৰে ।

জামালে ভূপেন তালুকদাৰ বন বিষয়া জনক জনাইছিল ছাৰ, মোহনে চিকলী চিঙি ৰঙাগড়া গাৱৰ ফালে ওলায় গৈ মানুহক খেদা খেদি কৰিব ধৰিছে । কোনো দিনে মোহনে মানুহক খেদাৰ কথা শুনা নাছিল বন বিষয়াই কিয় ইমান উন্মাদ হ’ল জামালক সুধিলে কেতিয়াৰ পৰা ভাতি খুলিছিল আৰু কি ব্যৱস্থা লৈছিল । জামালে আগৰ দৰে ব্যৱস্থা লোৱাৰ কথা জনাইছিল বন বিষয়াক । বন বিষয়াই মোহনৰ আচৰণ দেখি বুজিবলৈ বাকী নাই । এফালৰ পৰা উদ্যানৰ ওচৰতে থকা গাঁৱত সোমায় মানুহৰ ঘৰ দুৱাৰ ভাঙি তিনিদিন সন্ত্ৰাস চলাব ধৰিলে । মোহনৰ ভয়ত গাওঁ এৰি পলাব ধৰিলে । ইফালে বন শিবিৰতো আক্ৰমণ চলাব ধৰিলে । মোহন পগলা হৈ গ’ল । ভাতি খোলা হাতীৰ যৌন উত্তেজনাত সংগী নাপালে খঙাল হয় যদিও তিনি চাৰি দিন বান্ধি থলে নিজে নিজে শান্ত হয় ।

১২/১৫ বছৰ বয়সৰ মতা হাতীৰ দেহত অন্য স্বাভাৱিক টেষ্ট ষ্টেৰণ চকুৰ কাষত থকা সৰু ফুটাই দি হৰ্মণ ক্ষৰণ হয় । এই সময়খিনিতে অতি খঙাল আৰু উত্তেজিত হৈ উঠে । মোহনৰো একে অৱস্থা হোৱাত কোনো উপায় নেদেখি বধ কৰিবলৈ চৰকাৰে হুকুম দিবলগীয়া হ’ল । বন বিষয়াই সহকৰ্মী লগত লৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সীমামূৰীয়া জীয়া ধনশিৰিৰ নদী পাৰ হৈ কেইখোজ মান দিছিলহে আহিল খেদি চিঞৰী চিঞৰী মাতিছিল বন বিষয়াই মোহন মোহন আহ বাবা ভাল হচোন তই । নাই কাৰো কথা নুশুনে , যেন দেখা সকলক নিমিষতে শেষ কৰিব মোহনে চিঞৰী চিঞৰী বনকৰ্মীক দলক আক্ৰমণ কৰো কৰো গৰজি উঠিল ৰাইফলৰ শব্দ গুৰুম গুৰুম ঢলি পৰিল কপালত গুলিৰ ফোট লৈ । হুক হুকাই কান্দোনৰ ৰোল চৌপাশে । নদীৰ পাৰতে সমাধি কৰিলে । নজনা সকলে সোধে মোহনক কিয় মাৰিলে । জনা সকলে কয় মোহন আছিল ” ভাতি খোলা হাতী “৷

: ঘণশ্যাম ৰাজবংসী

ফোন নং  ৯৮৫৯০১৯৮৬৮

অন্যান্য লেখা :

Share.

2 Comments

  1. বিবুন শৰমা on

    কাহিনী টো ভাল হৈছে৷ বন বিষয়া ঁ নাৰায়ন শৰমা মোৰ জেঠাইৰ লৰা আছিল৷

Leave A Reply