ফেহুঁজালি

0

একান্ত ব্যক্তিগত কাৰণত নিজৰ পঢ়াটেবুলখন সদব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ প্ৰায়ে বাধ্য হৈছিলো ৷ অকল মই বুলিয়েই নহয়, মোৰ দৰে অজস্ৰজনৰ ৰংময়ী সপোনবোৰ যৌৱনপ্ৰাপ্ত হোৱা ঠাই পৃথিৱীত মাত্ৰ দুখনেই আছে, এখন হ’ল পঢ়াটেবুল, আনখন শুনিবলৈ বেয়া যেন লাগিলেওঁ পায়খানা ৷ অনেক আতিশয্য স্বীকাৰ কৰি শেষ উৱাহত লাগি থকা মহটো ঠিক লেমটোৰ সুৰুঙাটোৰে সোমাই দিব লৈছিলোহে এনেতে ঘপ্ কৰে পৰ্দাখন গুচাই গাখীৰৰ গিলাচটো মোৰৰ ফালে আগুৱাই আহিল আৰু তাৰ ভাৰসাম্য ৰক্ষা কৰি পিছে পিছে মাৰ তিতা হাতখন ৷ থত্ মত্ খাই চিধা-চিধি চকুযুৰি কিতাপখনৰ ওপৰলৈ আনি দেখো প্ৰথমতে খুলি লোৱা পৃষ্ঠাখনে মোৰ ফালে চাই হাঁহি আছে ৷ আত্মসন্মানৰ খাতিৰত পৃষ্ঠাখন সম্পূৰ্ণকৈ পঢ়া নহ’ল যদিও লুটিয়াবলৈ বাধ্য হ’লো ৷ “গাখীৰখিনি গৰমে থাকোতে খাই ল” বুলি কৈ টেবুলৰ ওপৰত গিলাচটো থৈ মা পাকঘৰলৈ গ’ল ৷ নাই, কোনোপধ্যেই চকুযুৰি কিতাপখনৰ ওপৰত ৰাখিব পৰা নাই ৷ টেবুলৰ বাওঁফালে থকা লেমটোৰ পৰা আৰম্ভ কৰি সৰু ঘড়ীটোৰ ওপৰেৰে, কিতাপৰ জাপটোৰ কাষেৰে পাৰ হৈ আহি সোঁফালে থকা গিলাচটোৰ বাহিৰত লাগি থকা সেউজীয়া টুকুৰাটোৰ ওপৰত আহি চকুযুৰি ৰৈ গ’ল ৷ সন্ধিয়া দেউতাই অফিচৰ পৰা আহোতে অনা সৰুমাছকেইটাৰে শাকৰ আঞ্জা এখন খাবলৈ মন যোৱা কথাটো মাক মই আবেলিতে কৈ থৈছিলো ৷ সৰুমাছেৰে ৰন্ধা শাকৰ আঞ্জাখন পালে ভাত দুগৰাহমান বেছিকৈয়ে যায়, কথাষাৰ মায়ে জানিছিল আৰু সেইবাবেই কেতিয়াবা দুপৰীয়া ৰন্ধা শাকৰ আঞ্জাখন জোখতকৈ অলপ বেছিকৈয়ে হট্ কেছটোত ভৰাই থৈছিল আৰু মই স্কুলৰ পৰা আহি ঢাকনিখন খুলি দিয়াৰ লগে লগেইতাৰ পৰা সৰি পৰা পানীৰ টোপালবোৰে আঞ্জাখন থোৱাৰ সময়ত যে গৰমে আছিল তাৰ সাক্ষী দাঙি ধৰিছিল ৷ যিদৰে মোৰ টেবুলৰ ওপৰত এই গাখীৰৰ গিলাচটো আজিওঁ সাক্ষী হৈ থিয় দি আছে মোৰ স্কুলীয়া দিনবোৰৰ ৷

লেজাৰৰ বেলটো পৰাৰ লগে লগেই স্কুলখনৰ পৰিবেশ কেৰাচিন ঢালি দিয়া পৰুৱাৰ বাহঁটোৰ দৰেই হৈ পৰিল ৷ কিছুমান ওলাই গ’ল, কিছুমানে টিফিনটো খুলি তাতেই বহি থাকিল ৷ আঙুলি দুটা সোমাই চোলাৰ জেপত ঘৰৰ পৰা নিয়া টকা পাচটা আছেনে নাই এবাৰ পৰীক্ষা কৰি লগৰ তিনিজনৰ লগত ওলাই গৈ ৰত্নেদাৰ চাহৰ দোকানত সোমালো ৷ নিয়মীয়া গ্ৰাহকক দেখি এখন হাতত কেইখন মান চামোচ আনখনত ষ্টিলৰ প্লেটকেইখনমান লৈ মুনা নামৰ দোকানত কাম কৰা ল’ৰাজন আমাৰফালে তৰিৎ গতিৰে আহি সুধিলে, “কি খাব দাদা?”৷ মইওঁ অভিজ্ঞ ব্যক্তিৰ দৰেই তাক প্ৰশ্ন কৰিলো, “গৰম কি হ’ব?”৷ চিঙৰা হ’ব, পৰাঠা হ’ব, কছুৰি… সি মুখস্হ গাই শেষ কৰাৰ আগতেই লগৰকেইজনৰ সন্মতিত চিঙৰা-চাহকে অৰ্ডাৰ কৰিলো ৷ মুনা ল’ৰাজন আমাতকৈ দুবছৰমান সৰু হ’ব, সি যদি আমাৰ স্কুলত পঢ়িলেহেঁতেন গমেন চাৰে তাক লেতেৰা পোচাকযোৰ আৰু নখকেইটাৰ বাবে ঠিক গালি পাৰিলেহেতেন ৷ কিন্তু বেচেৰাৰ সেই ভাগ্য উদয় নহ’ল ৷ তাৰ কামৰ বোজাটো ঠিক সি পিন্ধি থকা হাৱাই চেণ্ডেলযোৰৰ দৰেই, জোখতকৈ ডাঙৰ ৷ প্ৰথমতে হয়তো কঢ়িয়াই ফুৰিবলৈ অলপ অসুবিধা পাইছিল, পিছত অভ্যস্ত হৈ গ’ল ৷ কথাবোৰ ভাবি থাকোতেই দৰ্জাৰ মুখকৰি বহা বন্ধু নয়নে লাহেকৈ কৈ উঠিল,“ঐ ছা, মাজৰ জনী মস্তী লাগিছে”৷ প্ৰথমতে ঘূৰো নে নুঘূৰো ভাবিলো যদিও স্বভাৱগত কাৰণত বাধ্য হৈ ঘূৰি চালো ৷ সি মিছা কোৱা নাই ৷ ওখকৈ মিঠাবৰণীয়া মাজৰ ছোৱালীজনী সচাকৈয়ে দেখিবলৈ মৰম লগা, নতুবা তাইৰ লগৰ দুজনী সিমান এটা দেখনীয়াৰ নহয় বাবেই চাগে তাইক আৰু বেছি ধুনীয়া যেন দেখা গৈছে ৷ জন্মগত আৰু স্বাধীনতাৰ অধিকাৰ সাব্যস্ত কৰি সিহঁত আমাৰ ওচৰেৰে পাৰ হৈ গ’ল ৷ আমিওঁ যিমান পাৰো ভদ্ৰ হৈ দেখুৱাবলৈ চেষ্টা কৰিলো ৷ ভিতৰি ভিতৰি মুনালৈ খং উঠিল ৷ সি আমাৰ কাষৰ টেবুলখন চাফা কৰি থোৱা হ’লে হয়তো সিহঁতে সৌ চুকৰ টেবুলখনত নবহিলেহেতেন ৷ কিন্তু দৈৱ বিপাকত ছোৱালীজনীয়ে মোৰ ফালে মুখ কৰি বহাত মোৰ খং সমুলঞ্চিত নাইকিয়া হ’ল আৰু মই বিশেষ প্ৰয়োজনত আইতাই আতালৰ পৰা নমাই অনা সাতামপুৰুষীয়া পেৰাটো প্ৰত্যক্ষ কৰাৰ দৰেই দূৰৰ পৰাই তাইক প্ৰত্যক্ষ কৰি থাকিলো ৷ সেউজীয়া পাৰিৰ চাদৰৰ মেখেলাযোৰে সম্পূৰ্ণৰূপে ঢাকিৰখা ছোৱালীজনীৰ শৰীৰটোত যৌৱনৰ বসোন্ত্যসৱ আৰম্ভ হৈছে মাথো ৷ জেতুকাৰ বোল অঁকা হাতদুখনিৰে টেবুলৰ ওপৰত থকা গিলাচটো আলফুলকৈ সাৱতি ছোৱালীজনীয়ে খুৱ ধীৰ স্হিৰ ভাৱেই কথাবোৰ কৈ গৈছে আৰু মাজে মাজে খিল্ খিলাই হাঁহি, মুৰটো লৰাই লগৰকেইজনীৰ কথাত সমৰ্থন দিওঁতে মই তাইৰ দীঘল চুলিকোচা বান্ধি ৰখা বগা ৰবৰডাল লক্ষ্য কৰিলো ৷ হাতত ৰুমাল এখন লৈ সিহঁতৰ সন্মুখৰ টেবুলত বহা কলেজীয়া ছোৱালীজনীয়ে তাইক চাইছো বুলি চশমাৰ ওপৰেৰে দুবাৰমান মোৰফালে ঘোপাকৈ চালে যদিও পিছত উৰহিৰ ওৰ বিচাৰি পাই তাই একান্তমানে খোৱাত লাগিল ৷ টেবুলত পৰি থকা দুই এটা মাখিয়ে অন্যমনস্ক হৈ উৰা মাৰিলে ৷

আঙুলিৰ টিপত চাৰিকাপ চাহ আৰু আনখন হাতত চিঙৰা চাৰিটা লৈ যাদুকৰৰ দৰেই মুনা আমাৰফালে আগবাঢ়ি অহাত মোৰ পৰ্যবেক্ষণত বাধা জন্মিল ৷ টেবুলৰ ওপৰত বস্তুখিনি থৈ চেটেপ্ চেটেপ্ কৈ খোজকেইটা দি সি পুনৰ ভিতৰলৈ সোমাই গ’ল ৷ চিঙৰাৰ লগত ফ্ৰি দিয়া পিয়াজৰ আকাৰক লৈ লগৰকেইজনৰ মুখত চৰম অসন্তুষ্টি প্ৰকাশ পালে যদিওঁ মই নিশ্চুপ হৈয়ে চিঙৰাটোত একামোৰ মাৰি চকুদুটা পুনৰ আগৰ স্হানলৈ লৈ গ’লো ৷ মুনাই সিহঁতকো চিঙৰা চাহকে দিয়া দেখি এবাৰ উঠি গৈ চিঙৰাটো যে ঠাণ্ডা সেই কথাটো তাইক কৈ আহিব খুব মন গ’ল, কিন্তু নোৱাৰিলো ৷ চাহ গৰমে খোৱাটো মোৰ স্বভাৱ ৷ কিন্তু জীৱনত প্ৰথমবাৰ এগৰাকী নাৰীৰ বাবে নিজৰ স্বভাৱৰ আহুতি দি চাহকাপ আজি ঠাণ্ডা হোৱালৈ বাট চাই ৰ’লো ৷ ছোৱালীজনীৰ কাজলসনা চকুযুৰিৰ মাদকতা আৰু প্ৰকাশভংগীৰ তীক্ষ্নতাই মোক লাহে লাহে অস্হিৰ কৰি তুলিলে ৷ ‘ঐ জল্দিকৰ’ লগৰ এজনে কথাটো কোৱাত থত্ মত্ খাই একেসোহাতে গিলাচৰ তলিৰ চাহখিনি শেষ কৰি ৰত্নেদাৰ ওচৰত টকা পাচটা উলিয়াই দি আমি বাহিৰলৈ ওলাই আহিলো ৷ ওলাই আহিলো সচাঁ, কিন্তু ভিতৰত কিবা এটা এৰি অহা যেন লাগিল ৷ লগৰকেইজনক কথাটো কোৱাত সিহঁতে বেচ আমেজ পালে ৷ হয়তো কাৰোবাৰ গাত চেচাঁ পানী পৰিল যদিওঁ বন্ধুত্বৰ খাতিৰত সহ্য কৰি গ’ল ৷ সিহত ওলাই নহা পৰ্যন্ত আমিও নলৰো বুলি ৰখি থাকোতেই প্ৰায় দুইমিনিটমান পিছত হাতৰ তলুৱাত গুৱামুৰি কেইটামান লৈ এটা এটাকৈ চোবাই ছোৱালীজনী ওলাই আহিল আৰু তাইৰ পিছে পিছে নাৰিকল ৰোকিব পৰা দাঁতকেইটা লৈ লগৰ এজনী ওলাই আহিয়ে আমাৰ ফালে চাই মুখখন বিকটাই দিয়াত মোৰ মিটাৰ উঠি গ’ল ৷ নতুনকৈ শিকা শব্দকেইটাৰে নয়নে গালি দুআষাৰমান ভোৰভোৰালে ৷ ৰাস্তাটো যিমানেই ঠেক বা বহল নহওঁক কিয় গাত গা লগাই একেটা শাৰীতে খোজকঢ়াটো যে ছোৱালীবোৰৰ স্বভাৱ তাকেই প্ৰমাণ কৰি সিহঁত আগবাঢিল ৷ একমাত্ৰ মোৰ খাতিৰত লগৰকেইজনে চাইকেল কেইখন লৈ ঠেলি সিহতৰ পিছে পিছে যাবলৈ সাজু হ’ল ৷ “ঐ ক্লাছ আৰম্ভ হ’বলৈ বেছি সময় নাই, ব’ল যাওঁ” ঠিক হৰেন মহাজনৰ দোকানৰ সন্মূখ পোৱাৰ লগে লগে এজনে কথাষাৰ কোৱাত অনিছ্ছা সত্বেও কঠোৰ সত্যতা স্বীকাৰ কৰি চাইকেলখনত উঠিবলৈ বাধ্য হ’লো ৷ অলপ আগুৱাই হৈ তাইক চাও বুলি ভাবিয়েই মুৰটো এবাৰ ঘূৰাই চালো যদিও এইবাৰো তাইৰ লগৰ সেই ৰাক্ষকজনীয়ে চকুদুটা ঘোপা কৰি চোৱা দেখি মইও শক্তিমান চিৰিয়েলৰ গংগাধৰৰ দৰেই মুখখন কৰি দেখুৱাই বেগাই চাইকেল মাৰিলো ৷

ধেৎ, বৰ বেয়া কথা হ’ল, লগৰজনীয়ে নিশ্চয় তাইক কিবা উল্টা-পুল্টা লগাব ৷ ছে: আৰম্ভ হোৱাৰ আগতেই চব শেষ ৷ তাইকনো কিহে পাইছিল আমাক জোকাই ল’বলৈ ৷ তাইকটো আমি চোৱা নাছিলো ৷ কথাবোৰ ভাৱি থাকোতেই বাওঁফালে বহাজনে হাতত কিতাপখন লৈ ৰিডিং দিবলৈ আৰম্ভ কৰাত মই উচপ খাই উঠিলো ৷ সোফালৰজনক খৰধৰকৈ কিলাকুটিটোৰে ইংগিত দিয়াত সি অৱশ্যে পঢ়ি থকা শাৰীটো দেখুৱাই দিলে ৷ ইমানপৰে স্কুলৰ ফিল্ডত উদ্দেশ্যহীন ভাৱেই ঘাঁহ খাই থকা গৰুটোৰ দৰেই তলমূৰ হৈ পিত্ পিত্ কৈ শাৰীবোৰ মই চাই গ’লো ৷ আৰু তাৰ পঢ়া শেষ হোৱা শাৰীটোৰ পৰা আৰম্ভ কৰিলো ৷ ক্লাছ শেষ হ’বলৈ বহুত সময় আছে ৷ সপোনবোৰ এবাৰ ধুই-পথালি চিজিল কৰি আজি দেখা ছোৱালীজনীৰ চেহেৰাটো উৎহ্য হৈ থকা ঠাইবোৰত খাপ খুৱাই দিয়াৰ লগে লগে মনত এক চুড়ান্ত অস্হিৰতাই বাহঁ সাজিলে ৷ ওৰেটো দিন কেনেকৈ পাৰ কৰিলো কব নোৱাৰো, ৰাতি অলপো টোপনি নহ’ল আৰু পুৱা উঠি অনুভৱ কৰিলো ভিতৰত সিচি থোৱা প্ৰেমৰ বীজবোৰ যেন এটা-দুটাকৈ গজাঁলি মেলিছে ৷

শনিবাৰে স্কুল লেজাৰ দিয়াৰ লেঠা নাই, পাচ পিৰিয়ডৰ পিচত ছুটি ৷ ইউনিফৰ্মযোৰ পিন্ধি আইনাৰ সন্মূখত সোঁফালে-বাওঁফালে দুবাৰমান ঘূৰি চাই চুলিকোচা ফণিয়াই থাকোতেই হঠাৎ কিবা এটা মনত পৰি চিধা পঢ়া টেবুলখনৰ ওচৰলৈ আহি এল আই চি-ৰ কেলেণ্ডাৰৰ জিল লগোৱা টিউচনৰ দীঘল বহীখনৰ মাজৰ পৰা যোৱাকালি ৰাতি তাইলৈ লিখা চিঠিখন উলিয়াই সংগোপনে লংপেন্টটোৰ জেপত সোমাই পাকঘৰলৈ গ’লো ৷ নিউটনিয়াম সূত্ৰক ভেঙুচালি কৰি কাঁহীখনৰ পৰা চিধা ওপৰলৈ গৈ থকা গৰমভাত কেইটাৰ ধোৱাখিনি ফুৱাই ফুৱাই দুগৰাহমান মুখত ভৰাই পাচলিৰ বাকলি পেলোৱা চৰিয়াটোতে হাতখন ধুই, বেগখন পিঠিত লৈ স্কুললৈ বুলি পেডেল মাৰিলো ৷ যোৱা দুদিন মোৰ ৰুটিনখন অলপ সলনি হৈছে ৷ আগতে চিধা স্কুললৈ গৈছিলো যদিও আজিকালি ছোৱালী হাইস্কুলৰ সন্মূখেৰে পাক এটা মাৰি আহো ৷ পৰহি ঠিক সিহতৰ গেটৰ সন্মূখত, যোৱাকালি স্কুলখনৰ গাতে লগি থকা নামঘৰটোৰ চৌহদৰ দাঁতা ঁসনাতন শৰ্ম্মাৰ পকীবেৰডোখৰৰ সন্মূখত মই তাইৰ কাষেৰে পাৰ হৈ আহোতে নাকত পাউদাৰৰ চিনাকী গোন্ধ এটা লাগি আহিছিল ৷ মই এইটো কথা ভালদৰে জানিছিলো যে, আনৰ সহায় লৈ প্ৰেমৰ প্ৰস্তাৱ দিলে ছোৱালীবোৰে কেতিয়াওঁ সঁচা কথা নকয়, বৰঞ্চ ল’ৰাজনক লৈ এক ভ্ৰান্ত ধাৰণাহে ওপজে ৷ সেইবাবেই সম্পূৰ্ণ গোপণীয়তা বাহাল ৰাখি যোৱা দুদিন মই অকলে তাইক লগ ধৰিব চেষ্টা কৰি আছো ৷ তাইৰ ওচৰ পালেই চাইকেলখনৰ গতিবেগ কমাই বেলটো এবাৰ দীঘলিয়াকৈ বজাই দিওঁ, জানোচা তাই ঘূৰি চায়েই ৷ আজিও সেই ভাবিয়েই সিহতৰ স্কুলৰ সন্মূখেৰে পাৰ হৈ আহোতে গেটখনৰ মাজেৰে যিমান দূৰলৈ পাৰো দৃষ্টি নিক্ষেপ কৰিলো যদিও তাইক দেখা নাপালো ৷ ছোৱালী কেইজনীমানে গেটৰ সন্মূখত পেডেল মৰা বন্ধ কৰি বাঢ়নি পানীৰ সোঁতত অহা পোনা মাছৰ জাকটোৰ দৰেই সোঁ-সোঁৱাই ভিতৰলৈ সোমাই গ’ল, মইও তাৰ পৰা গুচি আহিলো ৷ “ছে: আজি খুব সোনকালেই ঘৰৰ পৰা ওলালো”- স্কুলৰ বাৰাণ্ডাত থিয় দি লগৰ এজনকো দেখা নোপোৱাত ঘড়ীটোৰ ফালে চাই নিজকে নিজে কৈ উঠিলো ৷ যি কি নহওঁক, পৰম্পৰা ৰক্ষা কৰি বেগৰ পৰা কিতাপ কেইখন মান উলিয়াই লগৰকেইজনৰ বাবে ডেক্সখনত জেগা কেইডোখৰ নিগাজিকৈ ৰাখি প্ৰসাৱগাৰলৈ যাৱ ওলাওতেই হাতত বেগখনলৈ লৰালৰিকৈ নয়নে আহি মোক ক’লে,“ঐ ৰ ৷ বিৰাট ইম্পোৰটেন্ট কথা এটা আছে ৷” উৎকন্ঠা সামৰিব নোৱাৰি সি বেগখন ভিতৰত থৈ অহালৈ বাট চালো ৷ ওলাই আহিয়ে সি কথাবোৰ আৰম্ভ কৰিলে-“ঐ সিদিনা যে ছোৱালীজনী চাইছিলি, তাইৰ নাম বৰ্ণালী ৷” “তই ক’ত গম পালি”-মই আচৰিত হৈ কথাষাৰ সোধাত সি প্ৰকৃত বন্ধুৰ পৰিচয় দি কৈ গ’ল,“তাইৰ লগৰ এজনী, সেইযে চুটীকৈ ববকাট দিয়া, তাই আমাৰ লগত টিউচন কৰে ৷ তাইৰ পৰাই নামটো উলিয়ালো ৷” “আৰু কি গম পালি”- মই আগ্ৰহেৰে পুনৰ প্ৰশ্ন কৰিলো ৷ “নাই আৰু বেলেগ একো নাজানো ৷ কিন্তু লগৰজনীৰ পৰা গম পালো তাই হেনো তেনেকুৱা ছোৱালী নহয় ৷”- নয়নে বিগ্ বাবোলৰ ষ্টিকাৰ লগোৱা হাতখন মোৰ কান্ধত থৈ কথাষাৰ ক’লে ৷ তাইৰ কোনোবা আছে নেকি বুলি তাক মোৰ ইম্পোৰটেন্ট প্ৰশ্নটো সোধাত সি গম নাপাও বুলি কৈ মোক ভাল শ’লঠেকত পেলাই ক্লাছৰুমৰ ভিতৰলৈ সোমাই গ’ল ৷ প্ৰসাৱগাৰৰ ভিতৰত সি মোক কথাবোৰ কৈ থাকোতে তালৈ এবাৰ ক্ষীণ সন্দেহ ওপজিছিল যদিওঁ “সি মোক আহি কথাবোৰ কিয় ক’লেহেতেন” প্ৰশ্নটো উদ্ভৱ হোৱাত সেই শংকা দূৰ হ’ল ৷ আজি সময়বোৰ নোযোৱা যেন লাগিছে ৷ বেলটো পৰাত ঘড়ীটো চাই দেখো আৰু এটা পিৰিয়ড আছেই ৷ ল’ৰাবোৰে হুলস্হুল আৰম্ভ কৰিছে ৷ কাইলৈ স্কুল বন্ধ ৷ গতিকে প্ৰতিখন বেঞ্চৰ মুৰকেইটা লগ লাগি অহাকালিৰ কাথাখিনিওঁ আজিয়েই পাতি শেষ কৰি আছে ৷ সৌ শেষৰ বেঞ্চত হঠাৎ ওপজা জ্যোতিষী এজনে লগৰবোৰৰ হাত চাই কাৰ কেইটা ল’ৰা-ছোৱালী হ’ব ভৱিষ্যতবাণী কৰিছে ৷ উঠি গৈ এবাৰ তাক হাতখন দেখুৱাবলৈ মন গ’ল যদিও নেদেখুৱালো ৷ খিৰিকিৰ কাষত বহি গোমা আকাশখনৰ পিনে চাই একান্ত মনে বৰষুণজাকক নিমন্ত্ৰণ দি আছিলোহে এনেতে ক্লাছৰ গোটেইমখা ল’ৰাই একেলগে ‘ও’ বুলি উঠাত দৰ্জাৰ পিনে চাই দেখো হাতত ইউনিটটেষ্টৰ বহীকেইটা লৈ সমেন চাৰ সোমাই আহিছে ৷ তেওঁৰ মুখত ‘আজি ক’ত সাৰিবি’ ধৰণৰ তাচ্ছিল্যৰ হাঁহি এটা দেখি অন্ঠ-কন্ঠ শুকাই গ’ল ৷ গুৰুদশমত ৷ আজি বহী দিব ৷ কিমান নম্বৰ পালো সেইটো লাজৰ কথা নহয়, লাজৰ কথাটো হ’ল সকলোৱে শুনাকৈ নম্বৰটো কৈ দিয়াটোহে ৷ আজি অৱশ্যে তেনেকুৱা একো নহ’ল ৷ যথাসময়ত বহীখন লৈ চাৰে নেদেখাকৈয়ে চাৰি ভাঁজ কৰি বেগত সোমাই থ’লো ৷ কাষৰজনে অৱশ্যে কেৰাহিকৈ বহীখন নোচোৱা নহয় কিন্তু তাৰ অৱস্হা আৰু বেছি সংকটজনক হোৱা বাবে মনে মনে থাকিল, পাচনম্বৰৰ তলত পোৱা কেইজনমানে হাতৰ তলুৱা জোকাৰি জোকাৰি কেইকোবমান শ্ৰদ্ধাৰে গ্ৰহণ কৰি ৰঙাচিঙা মুখখন লৈ সেমেনা-সেমেনিকৈ আহি নিজে স্হানত বহিল ৷ আজি স্কুল ইমানতে সমাপ্ত ৷ পিঠিত বেগখন লৈ চাৰ ওলাই যোৱা মাত্ৰকে একেজাপে চাইকেলখনৰ ওচৰ পালো ৷ নিমন্ত্ৰিত বৰষুণ-জাক আৰম্ভ হ’ল ৷ মোৰ পিছে ৰবলৈ সময় নাই এইবুলি ভাবিয়ে চাইকেলখন চিধা বৰ্ণালীহঁতৰ স্কুলৰ ফালে পোনালো ৷ ঘৰমুৱা ছোৱালীবোৰ দেখি চৰম অনিশ্চয়তাত ভূগি একমাত্ৰ মনে নামানা কাৰণেই এই মস্ত বৰষুণজাকত তিতি হ’লেওঁ এই পেদেল মাৰি আছো ৷ বৰষুণজাকৰ ঠুনুকা টোপালবোৰ পকীৰাস্তাটোত পৰি চূৰ্ণ-বিচূৰ্ণ হৈ আছে আৰু তাৰ মাজে মাজে সোঁ-সোৱাই চাইকেলৰ চকাটো ৷ এইবোৰ চাই গৈ থাকোতে গৰুজাক খেদি ছাতিটো ঘূৰাই ঘূৰাই গৈ থকা দহ-বাৰ বছৰীয়া ল’ৰাজনক প্ৰায় খুন্দিয়াব ওলাইছিলোৱেই এনেতে সি ব্ৰেক মৰা শব্দ পাই উচপ খাই ৰাস্তাৰ কাষলৈ গৈ চিঞৰিলে,“বেল নাই নেকি?” তাক উত্তৰটো দিবলৈ মোৰ সময় নাই তথাপিও মনতে এবাৰ ভাবিলো,“বেল আছে, ধৈৰ্য্যহে নাই”৷ বৰ্ণালীয়ে চাগে ঘৰ পালে নতুবা বৰষুণজাকক ৰখি স্কুলৰ বাৰাণ্ডাতে থাকি গ’ল কথাটো ঠিক মোৰ মনলৈ অহাৰ লগে লগেই সন্মুখত ছোৱালী এজনী দেখি গাৰ-গঠনত বৰ্ণালী বুলি সন্দেহ কৰিলো ৷ চাইকেলখনৰ গতিবেগ কমাই ওচৰ পাই দেখো মোৰ সন্দেহত ভূল হোৱা নাই ৷ আকাশীৰঙৰ ছাতিটো বৰষুণজাকৰ সমান্তৰালকৈ ধৰি তাই আগবাঢ়িছে ৷ বৰষুণৰ দুই-এটা টোপাল ছাটিটোৰ কাষেৰে সৰগৰ মুকুতাসৰা দি তাইৰ পিঠিত পৰি শৰীৰৰ উষ্ণতা ভেদ কৰি চুচুক চামাককৈ ব্লাউজৰ তলেদি সোমাই যোৱা দেখি মোৰ বৰষুণজাকলৈ ঈৰ্ষা ওপজিছিল ৷ ক’ৰ পৰা আৰম্ভ কৰো! প্ৰথমতেএনয়ে এবাৰ নামটো সুধি চাওঁ নেকি! নাই নাই ইমানদিনে যিজনী ছোৱালীক মই চাই আছো, তাইৰ নামটো নজনা বুলি গম পালে লাজৰ কথা হ’ব ৷ চিধা চিধি চিঠিখন উলিয়াই দি থৈ আহো নেকি? এইবুলি পেন্টৰ পকেটৰ পৰা চিঠিখন উলিয়াই জ্বলি উঠা আখৰকেইটা দেখি আকৌ সোমাই থ’লো ৷কি অজুহাট দি মাতো তাইক! কথাবোৰ ভাবি থাকোতেই ৰাস্তাৰ বাওঁফালে থকা ওম্বৰ কাইটিৰ দোকানখনৰ সন্মূখেৰে সোমাই যোৱা কেঁচা ৰাস্তাটোৰে তাই সোমাই গ’ল ৷ এই ৰাস্তাটোৰে গ’লেই হয়তো তাইৰ ঘৰটো ৷ মই পিছে আগুৱাবলৈ সাহসকণ নকৰি দোকানৰ চালিখনৰ তলতে চাইকেলখন ৰাখি তাই যোৱা বাটে চাই থাকিলো ৷ ৰাস্তাটো পিছল, নতুনকৈ মাটি দিছে ৷ ৰাস্তাটোৰ কাষত গজি উঠা ঘাঁহনিডৰাৰে বৰ্ণালীয়ে খুব সাৱধানে খোজকাঢ়িছে ৷ সাধাৰণতে এনেকুৱা সময়ত সাৱধান হোৱাটো ভাল নহ’লে ৰাস্তাত পিছল পৰাৰ ভয় আৰু গাত বোকা ছিটিকি পৰাৰ সম্ভাৱনা খুৱ বেছি থাকে ৷ যি কি নহওঁক, অইন ছোৱালীবোৰৰ দৰে তাই নিজক লৈ অসাৱধান নাছিল বাবে মোৰ তাইক আৰু বেছি ভাল লাগি গ’ল ৷ পিছে নিজে অলপ হতাশ হ’লো ৷ নিজৰ সাহসিকতাৰ ওপৰত ধিক্কাৰ ওপজিল ৷ এই সুযোগ দুনাই নাহে ৷ এনেতে হঠাৎ আকাশী ৰঙৰ ছাতিটোৱে নিজৰ গতিবেগ স্তব্ধ কৰিলে আৰু তাৰ তলেৰে বৰ্ণালীয়ে পিছফালে ঘূৰি চালে ৷ অকল ঘূৰি চোৱাই নহয় বাওঁহাতখন দাঙি মোক ঘূৰি যাবলৈ ইংগিত দি গ’ল ৷ কি হৈ গ’ল কব নোৱাৰো, হঠাৎ যেন পৃথিৱীৰ পৰিৱৰ্তনহে প্ৰত্যক্ষ কৰিলো ৷ মোৰ ভৰিৰ পৰা মুৰলৈ যি কৌতুহ’ল ওপজিল সেয়া নীল আৰ্মষ্ট্ৰঙে প্ৰথমবাৰ চন্দ্ৰত ভৰি দিওঁতে ওপজা কৌতুহ’লৰ কোনো গুণে কম নাছিল ৷ থিতাতে চাইকেলখন ঘূৰাই আজিলৈ ইমানতে যথেষ্ট বুলি ভাৱি মই ঘৰমুৱা হ’লো ৷ একাবেকাকৈ চাইকেল চলাই আহি থাকোতে গৰুজাকৰ স’তে ল’ৰাজনক পুনৰ দেখা পালো ৷ কিন্তু এইবাৰ দূৰৰ পৰাই বেলটো বজাই অহা দেখি সি মোলৈ হাঁহি এটা নিক্ষেপ কৰিলে আৰু মইও তাক হাঁহিটোৰে সম্ভাষন জনালো ৷ সোমবাৰে বৰ্ণালীক কথাবোৰ খোলাখুলিকৈ কম, ঘৰৰ পৰা টকা পাচটা বেছিকৈ আনি একেলগে চিঙৰা চাহ খাম, ইচ্ছাকৃত ভাবেই ছাতিটো ঘৰত এৰি আহিম, তাইৰ ৰুমালখনেৰে তিতা চুলিকোচা মচিম, পিছল ৰাস্তাটো তাইক হাতত ধৰি পাৰ কৰি লৈ যাম এইবুলি মনে মনে বৰষুণজাকক প্ৰাৰ্থনা কৰিলো, মায়ে সৰু বাটিটোত ৰাতিৰ মাংসৰজোল অলপ পুৱালৈ সাঁচি ৰখাৰ দৰেই অলপ বৰষুণ সোমবাৰলৈ সাঁচি ৰাখে যেন ৷ “কাৰেণ্ট থাকোতে ভাতকেইটা খাই ল, বতৰ বেয়া আৰু বৰষুণ দিব”, মাৰ কথাষাৰত মই উচপ খাই উঠিলো ৷ কাৰেণ্ট আহিছে, কেতিয়া আহিছে অৱশ্যে গম নাপালো ৷ যোৱা চাৰিদিন মান ধৰি আমাৰ ইয়াত বতৰ খুব বেয়া ৷ কাৰেণ্টৰ অৱস্হা তথৈ-বচ ৷ হ’ল বুলিয়ানো লঘোনীয়া দেহাটোৰে বেটাৰীটোৱে ঘৰখনত কিমান উজ্বলাই ৰাখিব! মোৰো উপায় নাই ৷ ইঞ্জিনিয়াৰিং ফাইনেল চেমেষ্টাৰৰ পৰীক্ষা সন্মুখত ৷ গতিকে লেমটো জ্বলাই লৈয়ে কিতাপখন মেলি বহিছিলো যদিওঁ আজিও পঢ়াটেবুলখন সদব্যৱহাৰ কৰাৰ পাৰ বিৰত থাকিলো ৷ বহুদিনৰ মুৰত লেমৰ পোহৰত পৃথিৱীখন খুব সৰু যেন লাগিল, ঠিক আমাৰ স্কুলীয়া দিনৰ পৃথিৱীখনৰ দৰেই ৷ সময় সলনি হ’ল ৷ মোৰ গৱেষণাৰ পৰিৱৰ্তন ঘটিল ৷ কিন্তু আজি পৰ্যন্ত গৱেষণাগাৰটো একেই থাকিল ৷ জীৱনৰ কুৰিটা বছৰ পাৰকৰাৰ পিছতো মাৰ মনত মই আজি পৰ্যন্ত নাবালক হৈয়ে ৰ’লো আৰু সেইবাবেই হ’য়তো আজিওঁ তেওঁ মোক পঢ়া টেবুলত গাখীৰৰ গিলাচ দিবলৈ পাহৰি নগ’ল ৷

বাহিৰত বতৰ সঁচাকৈয়ে বেয়া হৈ আহিল ৷ খিৰিকিখনে খট্-খট্ কৈ শব্দ কৰিব ধৰিলে ৷ হয়তো সিওঁ ধুমুহাৰ বিৰুদ্ধে যুঁজ দি কথমপি নিজৰ দ্বায়িত্ব পালন কৰি আছে ৷ কথাষাৰ মনলৈ অহাৰ লগে লগেই মোৰ চকুৰ সন্মূখত বৰ্ণালীৰ মুখখন আকৌ এবাৰ ভাহি উঠিল ৷ স্কুলত পঢ়ি থকা সময়তেই দেউতাকে তাইৰ অনভিজ্ঞ কান্ধত সৰু ভায়েক-ভনীয়েকহালৰ সমস্ত দ্বায়িত্ব জাপি দি গুচি গ’ল ৷ সেইবাবেই তাই পঢ়াটেবুলখনত জ্বলি থকা লেমটোৰ ভিতৰতে নিতৌ প্ৰত্যক্ষ কৰিছিল আৰু একুৰা জুই ৷ সামান্য অসাৱধানতাৰ বাবেই কেতিয়াবা জুইকুৰা বাঢ়ি চিমনিটো ক’লা পৰে ৷ কথাষাৰ তাই জানিছিল ৷

মইও কোনো ব্যক্তিগত স্বাৰ্থক প্ৰাধান্য নিদি একমাত্ৰ আবেগ আৰু অনুভূতিৰ বশৱৰ্তী হৈ হৃদয়ত প্ৰথমবাৰ এটা আছুতীয়া কোঠা সাজি বৰ্ণালীৰ বাবে কিছু সপোন পুহি ৰাখিছিলো ৷ সেইবাবেই হয়তো আজিপৰ্যন্ত তাইক পাহৰিব নোৱাৰিলো ৷ আৰু পাহৰিব নোৱাৰিলো বাবেইতো তাইক প্ৰথম প্ৰেম হিচাপে স্বীকৃতি দিবলৈ বাধ্য হ’লো ৷

 


Share.

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.