প্ৰাকৃতিক আশ্চৰ্য : চেৰাপুঞ্জী (মেঘালয়), ওলমা দলং

3

© বিজিত দত্ত

যোৰহাট

ব্ল’গ: http://bijitdutta.com/

পূৰ্বতে কেইবাবাৰো ডাৱৰৰ দেশ “মেঘালয়” ভ্ৰমণৰ সৌভাগ্য হৈছে যদিও সেই ভ্ৰমণবোৰ কোনো সংহত নাছিল ৷ সেই ভ্ৰমণবোৰত মেঘালয়ৰ খাচিলোকসকলৰ দ্বাৰা সৃষ্ট প্ৰাকৃতিক আশ্চৰ্য দৰ্শন কৰাৰ পৰা বঞ্চিত হৈ আছিলো ৷ এইবাৰ ভ্ৰমণৰ মুখ্য উদ্দেশ্য আছিল সেই প্ৰাকৃতিক আশ্চৰ্য দৰ্শন কৰা আৰু সেই আশ্চৰ্যক বিশ্ববাসীৰ সন্মুখত চিনাকী কৰাই দিয়া লোক জনক লগ ধৰা ৷ সেই লোকজন হ’ল ডেনিচ ৰায়েন, জন্মসূত্ৰ এজন তামিল যদিও কৰ্মসূত্ৰে অসম আৰু মেঘালয়ত বেছি সময় কটোৱাৰ পাছত বিবাহসূত্ৰে মেঘালয়ৰ বাসিন্দা হয়৷ চেৰাপুঞ্জী পৰ্যটনৰ বাটকটীয়া ডেনিচ ৰায়েন এখন অভিজাত ৰিজৰ্টৰ স্বত্বাধিকাৰী ৷ নিজৰ ব্যৱসায়ৰ উপৰিও স্থানীয়লোক সকলক পৰ্যটন উদ্যোগৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ দিহা কৰিছে শ্ৰী ৰায়েনে ৷ শিক্ষা, স্বাস্থ্য আৰু উপাৰ্জনৰ বাট মুকলি কৰি দিয়াৰ বাবে স্থানীয় বাসিন্দাসকল তেওঁৰ প্ৰতি চিৰ কৃতজ্ঞ ৷

শ্ৰী ৰায়েনক মই যোৱা বছৰ টাটা নগৰত অনুষ্ঠিত জনগোষ্ঠী সন্মিলনত লগ পাইছিলোঁ ৷ তেতিয়াই চেৰাপুঞ্জীত তেখেতক লগ পোৱাৰ হেঁপাহ পুহি ৰাখিছিলোঁ ৷ সেই উদ্দেশ্য আগত ৰাখি যোৱা মে’ মাহৰ অন্তিম সপ্তাহত মেঘালয় অভিমুখে ৰাওঁনা হও ৷ লগত মোৰ ভিনদেউ, ৰিজাৰ্ভ বেংকৰ প্ৰবন্ধক ৰাজেন নেওঁগ, ভাগিন সাৰংগ আৰু ভাইটী উদ্দীপন ৷ পুৱা ৬:৩০ বজাত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি ন বজাত মেঘালয়ত উপস্থিত হৈছিলোঁ ৷ প্ৰথম দুদিন ৰাজধানী শ্বিলঙৰ বিভিন্ন ঠাই দৰ্শন কৰিলোঁ ৷ ৰিজাৰ্ভ বেংকৰ আটকধুনীয়া গেষ্ট হাউচত নৈশ যাপনৰ ব্যৱস্থা কৰা হৈছিল ৷

শনিবাৰে পুৱা সাত বজাত আমি শ্বিলঙৰ পৰা চেৰাপুঞ্জী অভিমুখে ৰাওনা হ’লো ৷ আমি ভাড়া কৰা গাড়ীখনৰ ড্ৰাইভাৰজনক আমাৰ ভ্ৰমণৰ কথা ক’লো ৷ আমাৰ লক্ষ্যস্থান “প্ৰাকৃতিক আশ্চৰ্য”ৰ উপৰিও চেৰাপুঞ্জী ভ্ৰমণ কৰাৰ কথা চালকজনক ক’লো ৷ চালকজনৰ উত্তৰে আমাক বিমোৰত পেলালে ৷ “প্ৰাকৃতিক আশ্চৰ্য” ভ্ৰমণ কৰোতেই এটা সম্পূৰ্ণ দিনৰ প্ৰয়োজন হ’ব ৷ তেখেতৰ মুখেৰেই জানিব পাৰিলোঁ “প্ৰাকৃতিক আশ্চৰ্য” ভ্ৰমণ অতিকে কষ্টসাধ্য ৷ গতিকে আমি প্ৰথমে ভয় খাইছিলোঁ যদিও চালক জনৰ চতুৰামি বুলি ভাবি আমি প্ৰথমেই “প্ৰাকৃতিক আশ্চৰ্য”ৰ অভিমুখে ৰাওনা হোৱাৰ কথা উত্থাপন কৰিলো ৷ সেই উদ্দেশ্যৰে আমাৰ গাড়ী আগবাঢ়িল – দৃষ্টিনন্দন প্ৰাকৃতিক পৰিবেশৰ মাজেৰে ডাৱৰৰ লগত লুকাভাকু কৰি ৷ চেৰাপুঞ্জী উপস্থিত হ’বলৈ পাঁচ কিলোমিটাৰমান থাকোতেই আমাৰ গাড়ী এটা গাঁৱলীয়া পথেৰে অগ্ৰসৰ হ’ল ৷ প্ৰায় ১৫ কি:মি: পথ অতিক্ৰম কৰাৰ পাছত আমি উপস্থিত হ’লোগৈ টাইৰনা নামেৰে এখন গাওঁত ৷ পুৱা দহবজাত গাড়ীৰ পৰা নামি আমাৰ কেমেৰা-ছাতি আদি লৈ টাইৰনাৰ পৰা খোজ কাঢ়িবলৈ সাজু হ’লো ৷ এখন ফলকে আমাৰ মনটো পুলকিত কৰি তুলিলে: “Footpath to Double Decker Root Bridge 3KM” ৷ মাত্ৰ তিনি কিলোমিটাৰ একেবাৰে সহজ – তেনেকুৱা ভাৱেৰে আগবাঢ়িলোঁ ৷ টাইৰনা গাঁৱৰ মাজেৰে আগবাঢ়োতে মন কৰিলো, গাওঁখন অতি পৰিস্কাৰ ৷ মেঘালয়ৰ প্ৰায়বোৰ গাওঁ কম বেছি পৰিমানে পৰিস্কাৰ ৷

টাইৰনা গাওঁ অতিক্ৰম কৰাৰ পাছত আমাৰ প্ৰকৃত পৰীক্ষা আৰম্ভ হৈছিল ৷ কংক্ৰীটৰ পদপথবোৰ অলপ হলেওঁ অস্বস্থিত পেলাইছিল ৷ লাহে লাহে থিয় থিয় পাহাৰবোৰ বগাব লগা হ’ল, ভয় শংকাত মুখ শুকাই যোৱাৰ উপক্ৰম হৈছিল ৷ খাচি-জয়ন্তীয়া পাহাৰৰ ভাজে ভাজে, কিছু পথ ডাৱৰে ঢাকি থোৱাৰে বাবে দিশ অনুমান কৰিবলৈও কঠিন হৈ পৰিছিল ৷ এটা কঠিন পথৰ যাত্ৰাত পাহাৰৰ তলত পৰা পানীৰ শব্দৰ বাহিৰে আন শব্দ শুনিবলৈ পোৱা নাছিলোঁ ৷ ভোকে পিয়াহে আমাৰ যাত্ৰা পথত কেইবাজোপা কঁঠাল গছত কঁঠাল ওলমি থকা দেখিছিলোঁ ৷ সৌভাগ্য ক্ৰমে এজোপা গছৰ পৰা এটা পকা কঁঠাল আমাৰ সন্মূখতে পৰিছিল ৷ আমি সকলোৱে সেই কঁঠালটো খাই যি তৃপ্তি পাইছিলোঁ, তাক প্ৰকাশ কৰাটো অতিকৈ কঠিন ৷ তাৰ পছত আমি উপস্থিত হ’লোগৈ এখন ওলমা দলঙৰ ওচৰত ৷ দলং খন দেখি শংকিত হৈছিলোঁ যদিও আগবাঢ়িলোঁ ৷ দলংঙৰ তলেৰে শিলৰ মাজেৰে বৈ যোৱা পৰিস্কাৰ পানীখিনিয়ে ভয়ৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰিলে ৷ আকৌ সেই পাহাৰ বগোৱাৰ কাম আৰম্ভ হ’ল ৷ প্ৰায় এঘণ্টা দুটা পাহাৰ বগোৱাৰ পাছত আন এখন উলমা দলঙৰ মুখামুখি হ’লো ৷ এইখন দলঙৰ সোঁমাজতে জিৰণি ল’ব পৰা সৰু ঠাই অকণমান দেখা পালোঁ ৷ দলঙখন ল’ৰালৰিকৈ অতিক্ৰম কৰি আনটো মূৰত থকা চাহ দোকানখনত বহিলোহি ৷ ক্ষন্তেক বহি চাহ একোকাপ খাই পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ ৷ মাত্ৰ পোন্ধৰ মিনিট খোজ কাঢ়ি আমাৰ লক্ষ্যস্থানত উপস্থিত হ’লোহি ৷ তিনি ঘণ্টাত তিনি কিলোমিটাৰ পথ অতিক্ৰম কৰি শ্বাসৰুদ্ধ পৰিস্থিতিত চকুৰ সন্মুখত “বিশ্বৰ এক প্ৰাকৃতিক আশ্চৰ্য”, ভয়-শংকা-কষ্ট-ভাগৰ মুহূৰ্ততে অন্তৰ্ধান হ’ল- এয়া আমাৰ সন্মূখত দুমহলীয়া শিপাৰ দলং ৷ দলঙখনত উঠি নামি বিভিন্ন কোণৰ পৰা দৰ্শন কৰিলোঁ ৷ স্থানীয় খাচীলোকসকলৰ প্ৰাকৃতিক প্ৰযুক্তিৰ ওচৰত শ্ৰদ্ধাত মূৰ দো খাই গ’ল ৷ দলঙখন প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা নাই যদিও নংগ্ৰিয়াটৰ বাসিন্দাসকলে প্ৰকৃতিৰ লগত সহাৱস্থানেৰে সাজি উলিয়াইছে এই “প্ৰাকৃতিক আশ্চৰ্য”, অঞ্চলটোত অতিমাত্ৰাত বৰষুণ হৈ থকা আৰু খৰস্ৰোতা নৈ বোৰ অতিক্ৰম কৰিবলৈ কাঠ বা ৰ’দ-চিমেন্টৰ দলং বোৰৰ স্থায়ীত্বৰ ওপৰত সন্দেহ থকাৰ বাবেই এই সৃষ্টি ৷ নৈখনৰ দুই কাষে দুজোপা ৰাবাৰ জাতীয় গছৰ শিপাজোৰা দি তৈয়াৰ কৰা হৈছে এই দলং ৷ এনে দলং নিৰ্মাণ কৰিবলৈ পাই বিশ বছৰ মানৰ প্ৰয়োজন হয় যদিও সম্পূৰ্ণ কাৰ্য্যক্ষম হ’বলৈ প্ৰায় পঞ্চাছ বছৰৰ প্ৰয়োজন ৷

প্ৰথমে স্থানীয়লোকসকলে দুজোপা উপযুক্ত গছ নিৰ্বাচন কৰে ৷ তাৰ পাছত বিশেষ প্ৰযুক্তিৰে সেই গছ দুজোপাৰ শিপাবোৰ পৰ্য্যায়ক্ৰমে জোৰা লগাই গৈ থাকে ৷ আৰু এটা সময়ত ই এখন দলঙৰ ৰূপ লয়গৈ ৷ মেঘালয়ত এমহলীয়া শিপাৰ দলং কেইবাখনো আছে ৷ আমি এতিক্ৰম কৰি অহা পথতো এখন দলং পাই আহিছোঁ ৷ কিন্তু এইখনেই একমাত্ৰ দুমহলীয়া শিপাৰ দ্বাৰা নিৰ্মাণ কৰা দলং ৷ খৰস্ৰোতা নদীখনত বিভিন্ন ঠাইৰ পৰা অহা ভ্ৰমণকাৰীসকলক স্নান কৰি থকা অৱস্থাত পালোঁ ৷ আমিও পানীত নামি পৰোঁ৷ শীতল পানীয়ে আমাৰ কষ্টকৰ যাত্ৰাটোক পাহৰাই পেলালে ৷ কেইবাখনো ফটো সংগ্ৰহ কৰি আমি ওভতনি যাত্ৰাৰ বাবে সাজু হ’লো ৷ ভিনদেউ যথেষ্ট ভাগৰুৱা আছিল ৷ ওভতনি যাত্ৰায়ো যে বেছি কষ্টকৰ হ’ব তাৰ পূৰ্বানুমান কৰিব পাৰিছিলোঁ, কাৰণ এতিয়া আমি খাচি-জয়ন্তীয়া পাহাৰ খণ্ডৰ ওপৰলৈ উঠি আহিব লাগিব ৷ যাত্ৰা আৰম্ভ কৰাৰ অলপ পাছতে এজাক ডবা-পিটা বৰষুণে আমাক অলপ সতেজ কৰি তুলিলে ৷ ভিনদেউৰ শাৰীৰিক অসুস্থতা আৰু আমাৰো শ্বাস প্ৰশ্বাসত যথেষ্ট কষ্ট হৈছিল ৷ তাৰ মাজেৰে সাৰংগ আৰু উদ্দীপনে যাত্ৰাটোত আমোদজনক কথাৰে ধেমেলীয়া মুহূৰ্ত কিছুমানৰ সৃষ্টি কৰি তুলিছিল ৷ সাৰংগ আৰু উদ্দীপনে ভিনদেউক ধৰি ধৰি ওপৰলৈ তুলি আনিছিল ৷ ভাগৰে আমাক গ্ৰাস কৰিছিল ৷ প্ৰায় ১০ মিটাৰ ব্যৱধানত আমি বহি পৰিছিলোঁ ৷ মাজে মাজে অৰণ্যৰ মাজতে শুই পৰিছিলোঁ ৷ সেই অটব্য অৰণ্যৰ মাজতো খোৱা পানীৰ সুব্যৱস্থাই আমাক যথেষ্ট সকাহ দিছিল ৷ প্ৰায় দুঘণ্টা খোজ কঢ়াৰ পাছত আকৌ এজাক বৰষুণৰ মুখামুখি হ’লো ৷ সেইজাক বৰষুণত আমি পথৰ কাষৰ এটি গীৰ্জাঘৰত আশ্ৰয় ল’লো ৷ বতৰ ফৰকাল হোৱাৰ লগে লগে আমি ওভতনি যাত্ৰাৰ অন্তিম পৰ্য্যায়ত টাইৰনাত আহি উপস্থিত হ’লো ৷ প্ৰায় পাঁচ বজাত গাড়ী চালকজনক লগ পাই আমি যথেষ্ট আনন্দিত হ’লো ৷ গাড়ীৰ চিটত নিজকে এৰি দিলোঁ ৷

এতিয়া দ্বিতীয় লক্ষ্য ডেনিচ ৰায়েন ৷ ডবাপিটা বৰষুণজাক আৰু লাহে লাহে আন্ধাৰহৈ অহা বাবে আমি ৰায়েনৰ ৰিজ’ৰ্টলৈ যোৱা নাকচ কৰি শ্বিলং অভিমুখে ৰাওনা হ’লো ৷ দিনটো ভোকত থকাৰ বাবে পথৰ কাষৰ Orange Roff নামৰ নিৰামিষ খাদ্যৰ হোটেলখনত আহি উপস্থিত হ’লো ৷ গাড়ীৰ পৰা হোটেলৰ কৰ্মচাৰী এজনে ছাতিৰে আগবঢ়াই নিলেহি ৷ হোটেলখনত উপস্থিত হৈ আচৰিত হ’লো ডেনিচ ৰায়েনক দেখি ৷ এইখন আটকধুনীয়া হোটেল মাত্ৰ এমাহৰ আগত আৰম্ভ কৰা হৈছে ৷ প্ৰায় এঘণ্টা ধৰি আমি খাদ্য গ্ৰহণ কৰাৰ উপৰিও ৰায়েনৰ লগত বিভিন্ন বিষয়ত আলোচনা কৰিলোঁ ৷ সন্ধিয়া ছয় বজাত আমি শ্বিলং অভিমুখে ৰাওনা হ’লো ৷

অন্যান্য লেখা :

Share.

3 Comments

    • সন্ধান on

      ক্ষমা কৰিব, ফটোবোৰৰ কপিৰাইট বিজিত দত্ত ডাঙৰীয়াৰ লগত আছে ৷ আপুনি তেওঁৰ লগত যোগাযোগ কৰক ৷ ধন্যবাদ ৷

Leave A Reply