পিঞ্জৰা

1

প্ৰকাণ্ড অ’ডিটৰিয়ামটোৰ সোঁমাজতে এখন চকীত সি বহি আছে। কাষতে তাৰ দেউতাক। বিৰাট গৰম পৰিছে। গোটেই জগতখনে যেন অলপ পিছত দহি শেষ হৈ যাব। অ’ডিটৰিয়ামটোৰ বেৰকেইখনত লাগি থকা ফেন কেইখনে মানুহবোৰক বতাহ দিবলৈ ঘূৰি ঘূৰি ভাগৰি পৰিছে। সি এবাৰ দেউতাকৰ মুখলৈ চালে। দেউতাকে একেথিৰে সন্মূখৰ ষ্টেজৰ ওপৰলৈ চাই আছে। গোটেই ৰাতিটো নাইট চুপাৰত অহাৰ ভাগৰ খিনিয়ে আহি তাৰ চকুদুটাত ভিৰ কৰিছিলহি। পিছে সি দেউতাকৰ চকুত সেই ভাগৰৰ লেখমানো চিন দেখা নাপালে। অবুজ এক আশাৰ চিকমিকনিয়ে তেওঁৰ চকুকেইটা তিৰবিৰাই ৰাখিছে আৰু সেই তিৰবিৰণিয়ে ৰাতিৰ টোপনি খতিৰ ভাগৰখিনিক ঢাকি পেলাইছে। দেউতাকে বাৰু এনেকুৱা পৰিৱেশ এটা আগতে কেতিয়াবা দেখি পাইছেনে? সি এনেয়ে এবাৰ ভাবি চালে। হায়াৰ চেকেণ্ডাৰীৰ এডমিচনৰ সময়ত সি সম্বন্দ্ধীয় ককায়েক এজনৰ লগত গৈছিল। দুবছৰৰ পিছত কলেজত ডিগ্ৰীৰ এডমিচনৰ কামখিনি সি অকলেই কৰিব পৰা হৈছিলগৈ। দেউতাক এয়ে প্ৰথমবাৰৰ কাৰণে তাৰ লগত এডমিচনৰ কামত আহিছে।

তাৰ বিৰক্তি লাগিল। ৰাতিপুৱা গুৱাহাটীত বাছৰ পৰা নামিয়েই সিহঁতে হোটেল এখনত চাহ-ৰুটী খাইছিল। এতিয়া দুপৰীয়াৰ দুই বাজিবৰ হ’ল। পেটৰ কলমলনি শুনি শুনি তাৰ অসহ্য লাগিল। বটলটোৰ পৰা পানী এঘোট খাই সি আকৌ আগৰদৰে নিৰ্বিকাৰ হৈ বহি থাকিল।

আচলতে সি ৰাতিপুৱা চিলেকচন লিষ্ট খন দেখিয়েই গম পাইছিল- সি এডমিচন নাপায়। পিছে সেই কথাটো দেউতাকক পোনচাটেই কৈ দিবলৈ তাৰ সাহস নহ’ল। দেউতাকে বৰ হেঁপাহেৰে কৰুণ মুখএখনেৰে তালৈ চাই কৈছিল- হ’ব ৰচোন চাও কি হয়গৈ!

কালি গধূলি যেতিয়া সিহঁত দুটা গুৱাহাটীলৈ বুলি নাইট চুপাৰত উঠিবলৈ ওলাই আহিছিল, মাকে পিছফালৰ পৰা ৰিবৰিবকৈ মুখৰে প্ৰাৰ্থনা কৰা সি শুনিবলৈ পাইছিল। এতিয়া সেইটো কথা মনত পৰাত গোটেই পৃথিৱীখনলৈকে তাৰ খং উঠি গ’ল। তাৰ কাৰণে নহ’লেও নিৰ্মল হৃদয়ৰ সহজ সৰল এজনী মানুহৰ আকুল প্ৰাৰ্থনা শুনিবলৈ এই জগতখনত কোনো নাই নে!

লাহে লাহে তাৰ এই কলেজখনৰ ওপৰতো খং উঠি আহিল। দুদিনমান আগত চিলেকচন লিষ্টখন লগোৱাহেতেন কাৰ কি ক্ষতি হ’লহেতেন! অন্ত:ত সি লিষ্টত নিজৰ অৱস্থিতি চাই গুৱাহাটীলৈ ইমান কষ্ট কৰি অহা নহাৰ এটা সিদ্ধান্ত ল’ব পাৰিলে হয়। পিছে তাৰ কথামতেটো কলেজ নচলে। কলেজখনে চিলেকচন লিষ্ট আৰিছে আজি- সিহঁত ৰাতিপুৱা আহি কলেজ পোৱাৰ চাৰিঘণ্টা পিছত। তাৰ নামটো সি বিচাৰি পালে- জেনেৰেল ৱেটিং লিষ্টৰ ১৮ নম্বৰত। তাৰ নিজৰ ওপৰতে খং উঠিছিল। দেউতাকক ইমান দূৰ ৰাতি টোপনি ক্ষতি কৰি কষ্টখিনি দিয়াৰ বাবে তাৰ বেজাৰ লাগিছিল। ‘ইমান মাৰ্কছ উঠাইছে ল’ৰা-ছোৱালীবোৰে!”দেউতাকে মুখৰ ভিতৰতে কৈছিল। সি মুখেৰে একো মতা নাছিল।

তাৰ পিছত সিহঁত দুটা এই অ’ডিটৰিয়ামটোলৈ আহিল। অচিনাকী এগালমান ল’ৰা-ছোৱালী, মাক-দেউতাকেৰে গোটেই হলঘৰটো ঠাহ খাই পৰিল। সন্মুখৰ ষ্টেজত এজন শিক্ষকে অতগল মানুহৰ সুবিধা-অসুবিধালৈ অলপো কেৰেপ নকৰাকৈ লাহে লাহে এফালৰ পৰা লিষ্ট মতে নামবোৰ মাতি গ’ল। লিষ্টমতে প্ৰথম হোৱা ল’ৰাজন উঠি যাওতে সকলোৱে গোটেই হলটো কঁপাই যোৱাকৈ হাত চাপৰি মাৰিলে। তাৰ হাত দুখনেও নিজে নিজেই সেই হাত চাপৰিত সহযোগ কৰিলে। সি ল’ৰাজনলৈ এবাৰ চালে। কাপোৰ কানি চাল-চলন চাই সি মনৰ ভিতৰতে এটা অনুমান কৰি ল’লে। হয়তো কোনোবা নামী দামী কলেজত পঢ়ি আটাইকেইটা বিষয়তে প্ৰাইভেট টিউচন লৈ পঢ়া ল’ৰা! তাৰ দৰে সি হয়তো ৰাতিপুৱাতে উঠি গোহালিঘৰ চাফা কৰা কাম কৰিব লগা হোৱা নাছিল কাহানিও। আবেলি কলেজৰ পৰা আহি চুবুৰীৰ সৰু সৰু ল’ৰা-ছোৱালীকেইটাক দুশ তিনিশ টকাৰ বাবে টিউচন কৰিবলগীয়া হোৱা নাছিল। সিওটো প্ৰথমে এইবোৰ কষ্টৰ মাজতে সুখ বিচাৰি পাইছিল। লাহে লাহে সি কিয় ডাঙৰ হৈ আহিল! কিয় তাক ঘৰখনৰ দায়িত্ববোধে কোঙা কৰি চেপি আহিল! মাক দেউতাক ভনীয়েক আটায়ে অলপমান স্বচ্ছলতাৰ বাবে তাৰ মুখলৈ চাই আশা পালি থকা কৰুণ মুখকেইখন সি কিয় চাবলগীয়া হ’ল!

মোবাইলটোত মেচেজ এটা আহিল। ভনীয়েকৰ মেচেজ- ‘ঐ হ’লনে তোৰ এডমিচন?’ সি কি ৰিপ্লাই লিখিব লাগে একো ভাবি নাপালে। মোবাইলটো সামৰি থৈ সি দেউতাকলৈ চালে। দেউতাকে এতিয়াও সেই একেই গভীৰ প্ৰত্যাশাৰে ষ্টেজৰ ফালে চাই আছে। এডমিচন হৈ হৈ চিটবোৰ এফালৰ পৰা শেষ হৈ আহিছে। জেনেৰেল ৱেটিং লিষ্টৰ কাৰণে মাত্ৰ তিনিটা চিট বাকী আছেগে। এক গভীৰ হতাশাই তাৰ মনতোক খুন্দিয়াই পেলালেহি। দেউতাকৰ ভৰিৰ ওচৰতে বেগ এটা আছে। এডমিচনৰ কাৰণে কেনেবাকৈ দেৰি হৈ গ’লে ৰাতি হোটেলতে থাকিবলৈ সৰু- সুৰা কাপোৰকেইটামান মাকে ভৰাই দি পঠাইছিল। পিছে সি এতিয়া থিক কৰিলে- যিমান কষ্ট হ’লেও সি আজি ঘূৰি যাব। ৰাতি হোটেলত থকাৰ এই টকাকেইটা সি দেউতাকক খৰচ কৰিব নিদিয়ে।

সি কষ্ট কৰিছিল। পঢ়িছিল। তথাপিও কিয় এনেকুৱা হ’ল? ৰুগীয়া মাক-দেউতাকক সহায় কৰিবলৈ সি ঘৰখনৰ বহুখিনি দায়িত্ব হাতপাতি লৈছিল। ঘৰৰ ওচৰৰ এল পি স্কুলখনৰ পৰা ৰিটায়াৰ্মেণ্ট লোৱা দেউতাকক ঘৰখন চলোৱাত সহায় কৰিবলৈকে সি টিউচন কৰিছিল। তাৰ মাজতো সি কষ্ট কৰি পঢ়িছিল। মেজৰৰ ক্লাছৰ সময়ত লগৰ প্ৰায়বোৰে বাহিৰত আড্ডা দি থাকোতে সি ক্লাছ কৰিছিল। তাৰ সামৰ্থ্যৰ ভিতৰত সি যিমানখিনি পাৰে কষ্ট কৰিছিল আৰু তাৰ বাবদ সি যিমানখিনি মাৰ্কছ পাই পাছ কৰিছে সেইখিনিক লৈ সি সন্ত্তষ্ট হোৱাৰ বাদে আন উপায় নাছিল। হায়াৰচেকেণ্ডাৰীত তাৰ দুটা বিষয়ত ভবাতকৈ বহুত কম নম্বৰ আছিল। তাৰ মতেৰে আটাইবোৰ প্ৰশ্নৰ বাবে আধা আধা নম্বৰ দিলেও সি ইমান কম নম্বৰ নাপায়। সকলোৱে কোৱাৰ বাবে সি সেইবাৰ বহী পুনৰীক্ষনৰ বাবে আবেদন দিছিল। দেউতাকৰ সৈতে সি সেইবাৰ প্ৰথম গুৱাহাটীলৈ আহিছিল। অফিচলৈ তাঁত-বাতি কৰিবলগীয়া হৈছিল। বেংকৰ ড্ৰাফট কাটি দীঘলীয়া শাৰী পাতিবলগীয়া হওতেও এক আশায়ে তাৰ মনটো ভৰাই ৰাখিছিল। এমাহ পাছত সেই অনাকাংক্ষিত ৰিজাল্টতো আহিছিল। একো সাল সলনি নহ’ল তাৰ মাৰ্কছীট! সি, মাক-দেউতাক আটায়ে হতাশ হৈছিল। ডিগ্ৰীৰ পৰীক্ষাবোৰতো সি বেমেজালি হোৱা যেন পাইছিল। পিছে তাৰ উপায় নাছিল। পুনৰ পৰীক্ষা দিয়াৰ বাবে এপ্লাই কৰিবলৈ টকা খৰচ কৰাৰ কথা সি চিন্তা কৰিবলৈ ভয় কৰিছিল।

তাৰ ঘৰলৈ মনত পৰিল। মাকে চাগে এতিয়াও খা-খবৰ এটা পোৱাৰ আশাত উৎকণ্ঠাৰে ৰৈ আছে। ভনীয়েকৰ প্ৰতি তাৰ মনত গভীৰ অপৰাধবোধ জাগিল। বেচেৰীজনীৰ বহুত মন আছিল হায়াৰচেকেণ্ডাৰী কলেজত পঢ়াৰ। পিছে ঘৰখনত অলেখ চিন্তা আলোচনাৰ অন্ত:ত তাইক ওচৰৰ হায়াৰ চেকেণ্ডাৰী স্কুলখনতে এইবাৰ নাম লিখোৱা হ’ল। ঘৰখনৰ কোনেও একো মুখ খুলি নকলেও এইটো কথা সকলোৱে বুজি পালে- তাক এইবাৰ গুৱাহাটীত পঢ়োৱাৰ খৰচৰ চিন্তাতেই এইখিনি কৰিবলগীয়া হৈছে। এইবোৰ দেখি ভাবি সি ঘৰত এবাৰ কৈছিল সি আৰু নপঢ়ে। চাকৰি এটাকে বিচাৰিব। পিছে দেউতাকক কোনোবাই কৰবাত শুনালে- আজিকালি মাষ্টাৰ্চ নপঢ়িলে একো লাভ নাই!

সি অ’ডিটৰিয়ামটোত বহি থাকিব নোৱাৰিলে। ষ্টেজৰ ওপৰত শিক্ষকজনে চিঞৰি এফালৰ পৰা নামবোৰ মাতিয়ে আছে। ল’ৰা-ছোৱালীবোৰে শাৰী পাতি এফালৰ পৰা চাৰ্টিফিকেট ভেৰিফাই কৰাইছে, ফীজ দিছে। অলেখ অজস্ৰ কাষ্টৰ অসংখ্য শ্ৰেণীবিভাজনত তাৰ নামটো হেৰাই যোৱা যেন লাগিল। সি তাৰ পকেটত ভৰাই ৰখা মাকে বৰ আকুলতাৰে দি পঠোৱা এডমিচনৰ ফীজৰ টকাকেইটা এবাৰ চুই চালে। দেউতাকক একো নোকোৱাকৈয়ে সি বাহিৰলৈ ওলাই আহিল। অ’ডিটৰিয়ামটোৰ বাহিৰত এজাক অচিনাকী ল’ৰা-ছোৱালী, মাক-দেউতাকে ভিৰ কৰি আছে। কোনোবাই ফোন কৰি এডমিচন হৈ যোৱাৰ কথা কাৰোবাক জনাইছে। কোনোবাই বাকী থকা চিট কেইটাৰ ভিতৰত কেনেবাকৈ পোৱাৰ সম্ভাৱনা আছেনে নাই সেইয়া গুণা-গথা কৰি আছে। সি অচিনাকী মানুহবোৰক আটাইকে এবাৰ চকু ফুৰাই চালে। তাৰ দৰে দুখবোধৰ ভাব সি কাৰোৰে চকুত দেখা নাপালে। খং, ক্ষোভ, শোক, হতাশা আটাইখিনি তাৰ ডিঙিলকৈ উজাৰি আহিল। অ’ডিটৰিয়ামটোৰ পৰা এখন দীঘল বাৰাণ্ডা কলেজখনৰ সীমাৰ বেৰত শেষ হৈছেগৈ। সি সেই বাৰাণ্ডাখনেদি আগুৱাই গ’ল। তাৰ সামৰ্থখিনিৰ ইয়াত, এইখন কলেজত একো মূল্য নাই। মাক,দেউতাক, ভনীয়েক আটাইৰে মুখকেইখন তাৰ মনৰ আগত ভাঁহি আহিল। তাৰ চকুকেইটা চলচলীয়া হ’ল। বাৰাণ্ডাখনৰ সিটো মূৰত চৌহদৰ বেৰখনৰ গাতে লাগি এটা প্ৰেসাৱগাৰ আছে। সি আগুৱাই গ’ল। ভিতৰত সোমাই সি দৰ্জাখন বন্ধ কৰি দিলে।

এখন অচিনাকী কলেজৰ এটা লেতেৰা পৰিত্যক্ত প্ৰেসাৱগাৰৰ ভিতৰত সোমাই সি হুকহুকাই কান্দিবলৈ ধৰিলে।

– প্ৰাঞ্জল দাস
এৰাগাঁও, বালিপৰা, শোণিতপুৰ

অন্যান্য লেখা :

Share.

1 Comment

  1. Pingback: পিঞ্জৰা – শব্দ আখৰা

Leave A Reply