নৱপ্ৰজন্মৰ দৃষ্টিত জীৱন আৰু সমাজ (১)

0

১৫-১৬ বছৰীয়া কিশোৰ এজনে KFC ৰ ৱেইটাৰ এজনক ঢলং পলং কৈ অৰ্ডাৰ দিছে৷ লগৰজনে তেওঁক কোনোমতে ধৰি থিয় কৰাই ৰাখিছে৷ তেওঁৰ সমবয়সীয়া আৰু কেইজনমান ল’ৰাই এখন টেবুলত বহি চিগাৰেট হুঁপি আছে৷ আটাইকেইজনৰে চকু ৰঙা, কথা অসংলগ্ন৷ এইটো এতিয়া এটা অতি সাধাৰণ দৃশ্য৷ এই ফুকলীয়া ল’ৰা কেইজনৰ ওঁঠ টিপিলে গাখীৰ নোলায়, বেলেগ কিবাহে ওলাব৷ ভাবিবলৈ সত যোৱা নাই এয়া আমাৰ উত্তৰসুৰী! এওঁলোকৰ হাতত ন্যস্ত আছে জাতিটোৰ ভৱিষ্যত! এনেকুৱা এটা সন্ধিক্ষণত আহি উপস্থিত হৈছো যে অনুজ সকল দিকভ্ৰষ্ট হৈ উজুটি খাইছে৷ অবাটে গৈ সেইটোকে বাট বুলি ভাবিছে৷ আৰু এই গোটেই প্ৰক্ৰিয়াটোত অগ্ৰজসকলে মাত্ৰ নিষ্ক্ৰিয় দৰ্শকৰ ভূমিকা পালন কৰিছে৷ এতিয়া প্ৰশ্ন হ’ল এনেকৈ আৰু কিমান দিন? জাতিটোৰ অস্তিত্ব থাকিবগৈ নে? কোনখিনিত কেৰোণ লাগিল সেয়া ফঁহিয়াই চোৱাৰ সময় আহি পৰা নাই জানো?

আজি-কালিৰ ল’ৰা-ছোৱালীবোৰ ভালেখিনি পৰিপক্ক৷ সাম্প্ৰতিক পৰিৱেশৰ জ্ঞান বেছিভাগৰে আছে৷ তেওঁলোকে বুজি উঠিছে যে আমাৰ সমাজখন ক্ৰমশঃ: অৱক্ষয়মান৷ আদৰ্শ সমাজৰ সপোন দেখুৱাই আমি তেওঁলোকৰ হাতত তুলি দিছো এখন মূল্যবোধ নথকা নৈতিকতাবিহীন সমাজ৷ হতাশ হৈ পৰিছে ল’ৰা-ছোৱালীবোৰ৷ কাৰ ওচৰ চাপিব তেওঁলোকে! এনেকুৱা সময়ত বয়ঃসন্ধিৰ দোমোজাত কিংকৰ্তব্যবিমূঢ় হোৱা এই ফুল-কুমলীয়া ল’ৰা-ছোৱালীবোৰৰ আটাইতকৈ প্ৰয়োজন হয় এজন পথ প্ৰদৰ্শকৰ যিয়ে বন্ধুত্বপূৰ্ণ ভাৱে তেওঁলোকক আঙুলিয়াই দিব পাৰে বাট আৰু অবাটৰ মাজৰ পাৰ্থক্যখিনি৷ অলপমান কষ্ট কৰি আমি বিচৰা ধৰণে তেওঁলোকক গঢ় দিব পাৰোঁ৷ তেওঁলোকৰ মানসিক-বৌদ্ধিক উত্তৰণত অৰিহণা যোগাব পাৰোঁ৷ কিন্তু তেওঁলোকৰ আভ্যন্তৰীণ জগতত সৃষ্টি হোৱা আন্দোলনখিনি ভুমুকিয়াই চাবলৈয়ো আমাৰ আহৰি নাই৷ কেৱল নিজক লৈ ব্যস্ত আমিবোৰে উলাই কৰিছো কৈশোৰৰ সুপ্ত স্ফুলিংগক৷ নিজৰ আশা-আকাংক্ষা পূৰাবলৈ জাপি দিছো তেওঁলোকৰ পিঠিত এটাৰ পিছত এটাকৈ বোজা৷ অৰ্থবিহীন নিগনি দৌৰত নমাই দি কবৰস্থ কৰিছো নিজৰেই ল’ৰা-ছোৱালীবোৰৰ সপোন৷ এফালে ক্ষয়িষ্ণু সমাজ৷ এফালে সংযোগবিহীন অগ্ৰজসকল৷ আৰু ভূতৰ ওপৰত দানহ পৰাদি কিছুমান অপ্ৰয়োজনীয় বোজাৰ ভাৰ৷ এনেকুৱা এটা প্ৰেক্ষাপটত যেতিয়া ওপৰত উনুকিয়াই অহা পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ বাবে নৈতিক ভাৱে কোন দায়ী হ’ব?

নানানটা সমস্যাৰে ভাৰাক্ৰান্ত জাতিটো শেহতীয়াভাৱে শংকাত ভুগিছে বাটৰ পৰা ফালৰি কটা এইচাম নতুন পুৰুষলৈ৷ সমাজ এখনৰ সৰ্বাংগিন উন্নতি নিৰ্ভৰ কৰে সেই সমাজৰ বাসিন্দাসকল কিমান সু-সভ্য, কিমান কৰ্মঠ তাৰ ওপৰত৷ দায়িত্বশীল নাগৰিক একোজন হোৱাৰ প্ৰক্ৰিয়াটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ হস্তান্তৰ হয়৷ ইমান গুৰুত্বপূৰ্ণ এই প্ৰক্ৰিয়াটোত আৰম্ভণিতেই কেনা লাগিলে তাক শুধৰোৱাটো কঠিন৷ ফলে-ফুলে জাতিষ্কাৰ হ’ব পৰা বৃক্ষত গজালিতেই বেমাৰ লাগিল৷ পলে পলে মানৱ সম্পদ হেৰুৱাব ধৰিছোঁ আমি৷ আৰ্থিক দৈন্যতাত ভোগা আমাৰ সমাজখনক এনেবোৰ কথাই অৰ্থনৈতিক দিশতো আঘাত হানিছে৷ আমাৰ অমনোযোগিতাৰ বাবে এদিন চূড়ান্ত দাম দিব লাগিব আমি৷ ভেটিটো থৰক-বৰক হোৱা ঘৰ এটা বাগৰি পৰাৰ সম্ভাৱনাই আটাইতকৈ বেছি৷ সময় উকলি যোৱাৰ আগতে নিজৰ গাত চিকুটি চাবৰ হ’ল৷ আমাৰ পৰা ক্ৰমশঃ বিচ্ছিন্ন এই উত্তৰসুৰী সকলক উভতাই আনিব নোৱাৰিলে জাতিটোৰ অস্তিত্বই বিলুপ্ত হ’ব৷ আৰু পৰিস্থিতিৰ আশু পৰিৱৰ্তন নঘটিলে এনেকুৱা এটা পৰিণতিয়েই অৱশ্যম্ভাৱী৷

– নীলম শৰ্মা, টিহু

অন্যান্য লেখা :

Share.

Leave A Reply