নীলা খামৰ চিঠি : নবেম্বৰ, ২০১৫

0

মৰমৰ জোনালী,

কাগজৰ টুকুৰাতোতেই পঠাইছোঁ মোৰ মৰমবোৰ। মই ভালে আছো। তোৰ ভালনে..?? ঠিকেই বহুত দিন হ’ল তোলৈ নিলিখা। পুৱা ডাকোৱালে দিয়া চিঠিখন পাই তোলৈ বুলি একলম। তোৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ হিচাপে কওঁ, নাই পাহৰা মই অতীতক। জীৱন নামৰ নদী খনত যিমানেই আগুৱাই গৈছো হিমানেই ঢৌ বোৰৰ তীব্ৰতা বাঢ়িছে। সৰুতে আই কৈছিল, “এইখন পৃথিৱীত খোজ দিছ যেতিয়া কেতিয়াও থমকি নৰবি…..” সেয়ে গৈ আছো আগুৱায়।

নষ্টালজিক হৈ পৰা ল’ৰাটোয়ে তোৰ চিঠি খনৰ কি নো উত্তৰ দিম ভাবি পোৱা নাই। সোৱণশিৰিৰ বালিত মৰিচিকা খেদিব, তোৰ লগত মতলীয়া হবলৈ, তোৰ হাঁহিত হাঁহিব মোৰো মন যায় কিন্তু সকলো সপোন জানো পুৰ হয়..?? তই চাগৈ ভাবিছ, যাচি দিয়া সোণৰ মূল্য মই দিয়া নাই কিন্তু মই নিৰুপায়। মোক বেয়া নাপাবি অ’ তোৰ মনৰ বাঞ্ছা পূৰণ কৰিব নোৱাৰা বাবে। সময় আৰু জীৱনে মোক বাধা দিছে।

মহানগৰীৰ আধুনিকতাই পৰা নাই পাহৰাব তোৰ সৈতে কটোৱা শৈশৱৰ ধেমালি বোৰ। সেয়ে কেতিয়াবা নিজকে বৰ অকলশৰীয়া যেন লাগে। মন যায় তেতিয়া ফাগুনৰ চিপ চিপ বৰষুণ জাকত বাঁহীৰ সুৰটোৰে তোক মাতিব। কিন্তু আশা বোৰ আশা হৈয়ে গোট মাৰে। নিজান ৰাতি যেতিয়া স্মৃতিয়ে আমনি কৰিব তেতিয়া আকাশত জিক্ মিকাই থকা তৰাটিলৈ চাবি তাতে দেখা পাবি মোক। মই তাৰ পৰাই মাত দিম তোক॥

আজি ইয়াত এই সামৰিছোঁ। মই দূৰত গলেও মনটো তোৰ ওচৰতে থৈ আহিছো। মন নামাৰি হাঁহিবলৈ শিক, দেখিবি পৃথিৱীখন বৰ ধুনীয়া। চাৰিওফালে নানান ৰঙৰ নানান ফুল। মই পৰীক্ষা দি ঘৰলৈ যাম। পঢ়াত মন দিবি।
ইতি
তোৰ মৰমৰ জোন

 

সঞ্জীৱ গোঁহাই
জি আই এম টি, তেজপুৰ

অন্যান্য লেখা :

Share.

Leave A Reply