জীৱনৰ প্ৰথম লেখা: তিক্ত-খুহুটীয়া অভিজ্ঞতা

0

প্ৰথমবাৰৰ বাবে ছপা আখৰত নিজৰ নামটো দেখাৰ অনুভৱটো মোৰ বোধেৰে কোনোৱেই পাহৰিব নোৱাৰে ৷ এগৰাকী নাৰীৰ বাবে মাতৃত্বৰ সুখতকৈ চাগে কোনোগুণেই কম নহয় এজন লেখকৰ বাবে নিজৰ সৃষ্টিয়ে স্বীকৃতি পোৱা সেই বিশেষ মুহূৰ্ততো ৷

মই নিজকে লেখক বুলি কেতিয়াও ক’ব নোখোজো, কাৰণ মোৰ নিচিনা সামান্য লেখা লিখিয়েই নিজকে লেখক বুলি ক’লে ‘লেখক’ শব্দ/শ্ৰেণীটোৰ একপ্ৰকাৰ অপমানহে কৰা হ’ব বুলি ভাবো ৷ কিন্তু মোৰ নিচিনা এজন তুচ্ছ প্ৰাণীৰে লেখা প্ৰথম ছপা আখৰত প্ৰকাশিত হওঁতে হোৱা অনুভৱ আৰু এজন মহান লেখকৰ জীৱনৰ প্ৰথম লেখা প্ৰকাশিত হোৱাৰ মুহূৰ্তত হোৱা তেখেতৰ মনৰ অৱস্থাৰ মাজত নিশ্চয় একো পাৰ্থক্য নাথাকিব ৷

আৰম্ভণি বেছি দীঘলীয়া নকৰি মূল কথালৈ আহো ৷ সৰুৰে পৰাই আলোচনী, কিতাপৰ পৃষ্ঠাত লেখকবিলাকৰ নাম ছপা আখৰত দেখি দেখি এটা সময়ত নিজৰ নামটোও ছপা আখৰত অন্তত: এবাৰৰ বাবে হ’লেও দেখাটো একপ্ৰকাৰ সপোনত পৰিণত হৈছিল ৷ সপোনটো বহুদিনলৈ মনতেই পুহি ৰাখিব লগা হৈছিল, কাৰণ মনলৈ অহা ভাৱ এটা কাগজত লিখাৰ পিছত নিজে পঢ়ি চালেই এনেকুৱা লাগে ‘মই এইবোৰ কি লিখিছো ৷ একোৱেই হোৱা নাই দেখোন ৷ মোৰ নিজৰে ভাল লগা নাই পঢ়ি, আনেনো কি ভাল পাব ৷’ এনেদৰে আত্মবিশ্বাসৰ অভাৱত বহুদিনলৈ কিবা লিখো আৰু কাটি পেলাওঁ- এই প্ৰক্ৰিয়াটো চলি থাকিল..

এটা সময়ত কিছু আত্মবিশ্বাস গোটাই সপোনটোক বাস্তৱ ৰূপ দিয়াৰ বাবে আগবাঢ়িলো, কিন্তু সেইটোৰ লগত এটা তিক্ত-খুহুটীয়া অভিজ্ঞতা জড়িত হৈ আছে ৷ তিক্ত বুলি এইবাবেই ক’লো যে সেই সময়ত এই অভিজ্ঞতাটো মোৰ বাবে আছিল তিক্ত, আৰু খুহুটীয়া বুলি ক’লো এইবাবেই যে এতিয়া সেই কথাটো ভাবিলে মোৰ হাঁহি উঠে নিজলৈ ৷

মই সেই সময়ত স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ ৷ ‘সাতসৰী’ আলোচনীখনৰ সম্পাদনাৰ বাবে অনুৰাধা শৰ্মা পূজাৰী বাইদেউ আহিছে নতুনকৈ ৷ মই দুটা-এটা সংখ্যা পঢ়িছিলো আলোচনীখনৰ (অৱশ্যে নিয়মীয়া পাঠক নাছিলো তেতিয়া)৷ এনেয়ে কিবা এটা বিষয়ৰ ওপৰত লিখি ‘সাতসৰী’লৈ পঠালো প্ৰকাশৰ বাবে ৷ মই লেখাটো পঠিওৱাৰ প্ৰায় দহদিনমান পিছত সাতসৰীৰ পৰৱৰ্তী সংখ্যাটো প্ৰকাশ পালে ৷ কিতাপৰ দোকানত আলোচনীবিলাকত ওপৰে ওপৰে চকু ফুৰাওঁতে চকু পৰিল ‘সাতসৰী’লৈ ৷ সেইখন ভালদৰে মেলি চালো ৷ মেলি চাওঁতে তাত দেখিবলৈ পালো ইয়াৰ পিছত প্ৰকাশ পাবলগীয়া পৰৱৰ্তী সংখ্যাটোৰ বিষয়ে এটা বিজ্ঞাপন দিছে, য’ত পৰৱৰ্তী সংখ্যাটো শুৱনি কৰা কিছুমান লেখকৰ নাম উল্লেখ কৰা আছিল ৷ ভালদৰে লক্ষ্য কৰোঁতে দেখিলো লেখকসকলৰ ভিতৰত এজন আছিল ‘মৃণাল তালুকদাৰ’ ৷ কাকতালীয় সংযোগ যে তাৰ কিছুদিন আগতে মই লেখা পঠিয়াইছীলো তালৈ ৷ মনটো ভাল লাগি গ’ল অহা সংখ্যাত মোৰ লেখাটো প্ৰকাশ পাব ৷ লগে লগেই সাতসৰীখন কিনি আনিলো আৰু ঘৰৰ সকলোকে চিনাকি, বন্ধু-বান্ধৱক ক’লো ‘সাতসৰী’ৰ পৰৱৰ্তী সংখ্যাটোত মোৰ লেখা প্ৰকাশ পাব ৷ আগ্ৰহেৰে পিছৰ সংখ্যাটো প্ৰকাশ পোৱালৈ বাট চালো ৷ সময় হ’ল, প্ৰকাশ পালে সাতসৰীৰ সেই বিশেষ সংখ্যাটো ৷ লগে লগেই কিনি আনিলো ৷ আনিহে উদ্ধাৰ কৰিলো দু:খজনক সত্যটো, সেই মৃণাল তালুকদাৰজন মই নাছিলো, বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰহে আছিল ৷ লাজো লাগিল ৷ বহুতকে কৈছিলো মোৰ লেখা প্ৰকাশ পাব বুলি, এতিয়া কোনোবাই কথাটো সুধিলে দেখোন লাজতহে পৰিব লাগিব বুলি ৷ কিন্তু ভাগ্য ভাল আছিল, মোৰ প্ৰথম লেখাটো পঠিওৱাৰ কেইদিনমানৰ পিছতেই মই এখন চিঠি লিখি পঠিয়াইছিলো ‘সাতসৰী’ৰ সম্পাদকীয় এটাৰ সম্পৰ্কত মোৰ অনুভৱ সম্পৰ্কে ৷ সেই চিঠিখন ইয়াৰ এটা/দুটা সংখ্যাৰ পিছতেই সাতসৰীৰ প্ৰকাশ পালে, যিখন চিঠিয়ে মোৰ লেখা প্ৰকাশ পাব বুলি গাই ফুৰা কথাষাৰক কিছুদিন পলমকৈ হ’লেও প্ৰমাণ কৰিলে ৷ নিজৰ নামটো প্ৰথমবাৰৰ বাবে ছপা আখৰত দেখাৰ সেই অকল্পনীয় আনন্দৰ অনুভৱকণ দিয়া সেই চিঠিখন/লেখাটো/মোৰ মানস সন্তানটোৰ শিৰোনামটো আছিল ‘এক মিনিটৰ চিন্তা’ ৷ পিছলৈ সেই চিঠিখন অনুৰাধা শৰ্মা পূজাৰী বাইদেউ ‘অলপ চিন্তা অলপ গদ্য’ গ্ৰন্থখনটো সন্নিৱিষ্ট কৰিছে তেখেতে…

– মৃণাল তালুকদাৰ,
টিহু, নলবাৰী

অন্যান্য লেখা :

Share.

Leave A Reply