চোৰ

0

 

তাক যে বিয়াৰ কথাটোৰ বাবেই মাতি পঠিয়াইছিল সেইকথা বুজি পায়ে বনমালীয়ে ঘৰলৈ আহি কাকো সোধা নাছিল যে হঠাতে তাক কিয় মাতি অনা হ’ল ৷ আগে পিছে দিয়াৰ দৰে আজিও আহি পোৱাৰ লগে লগেই মাকে তাক হাত-মুখ ধুবলৈ পানী এঘটি দিলে ৷ ভনীয়েক বিনীতাই যতনাই দিয়া জলপানখিনি বাৰাণ্ডাত বহি খাই থাকোতে মাক ওচৰতে ৰৈ আছিল ৷ আনকি বিনীতায়ো তাৰ মুখলৈকে চাই আছিল ৷ সেইটোৱেই নিয়ম ৷ সি আহিলেই মাকে তাক খাবলৈ দি তেনেদৰে ওচৰতে ৰৈ চাই থাকিব ৷ কেতিয়াবা হয়তো মূৰটো পিহি থাকিব বা তাক বিচি থাকিব ৷ দেউতাক তেতিয়া ঘৰত নাছিল ৷ উপযুক্ত সময় বুলি তেতিয়াহে মাকক সি সুধিছিল কিয়নো তাক ইমান লৰালৰিকৈ খবৰ দি মাতি অনা হ’ল? কিনো অসুবিধা হ’ল?

 

“ক’ম ৰচোন, আহি পাইছহে ৷” বুলি মাকে কথাটো সামৰি থৈছিল ৷ কিন্তু তাৰ চকুৰ পৰা বিনীতাৰ পিৰিক-পাৰাক কৰা চকুদুটা আৰু দুষ্ট হাঁহিটো সাৰি যাব নোৱাৰিলে ৷ সি বুজি পালে যে তাৰ অনুমান সত্য ৷

 

মাক-দেউতাক, ভনীয়েক এজনী আৰু ভায়েক এটাৰে বনমালীহঁতৰ সৰু পৰিয়ালটো ৷ পেহীয়েক এজনী আৰু খুড়াক এজন আছিল ৷ পেহীয়েকজনীক কেতিয়াবাতে বিয়া দি উলিয়াই দিয়া হৈছিল ৷ খুড়াকজন বিদেশীখেদা আন্দোলনৰ সময়তে ওলাই গৈছিল আৰু উভতি নাহিল ৷ শ্বহীদ হ’ল ৷

 

সেইটো ঘটনাৰ বাবেই সৰুৰে পৰা মাকে তাক বৰ কয়দত ৰাখিব বিচাৰিছিল ৷ মৰমো কৰিছিল অপাৰ ৷ তথাপি গাখীৰ খাবলৈ দিয়া মেকুৰী পোৱালীটোৱে ভাতৰ চৰুত ভজামাছ খোৱাৰ দৰে সিও বাঘৰ আগতেল খোৱাহে হৈ উঠিছিল ৷ বনমালীৰ হাঁহি উঠে সঁচাকৈয়ে সৰুতে সি নকৰা দুষ্টালি বোধহয় আৰু নাছিলেই ৷ কিন্তু সি ভবা নাছিল যে সেই দুষ্ট স্বভাৱটোৱেই এদিন তাক পাকৈত চোৰ সাজি পেলাব ৷

 

শুকনাৰায়ণী ওজাপালিৰ ওজা আছিল তাৰ দেউতাক ঘটবৰ ওজা ৷ তেৱোঁসেই বাব পাইছিল পুৰুষানুক্ৰমে ৷ গোঁসাইঘৰত শ্ৰদ্ধাৰে থৈ দিয়া বলি-কটা দাখন আৰু জয়ঢোল কেইটাৰ সন্মানৰ বাবেই বংশানুক্ৰমে সিহঁতৰ ঘৰত চলি আহিছিল ওজাৰ পৰম্পৰা কিন্তু ওজাৰ লক্ষণ থকাটো দূৰৰ কথা পঢ়া-শুনাৰ প্ৰতি অনীহা আৰু চোৰ-চাতুৰিৰে ওচৰ-চুবুৰীয়াৰ বাবেও বনমালী হৈ পৰিছিল এক সন্ত্ৰাস ৷ বাপেক ঘটবৰ ওজা চিধাচাধা মানুহ ৷ সদায়েই পুতেকৰ অতপালিৰ কথা শুনি অতীষ্ঠ হৈ তাক যথেষ্ট শাস্তি দিছিল ৷ তথাপিও বনমালী নিৰ্বিকাৰ ৷

 

তেতিয়া সি বোধহয় ক্লাছ-ছেভেনৰ ছাত্ৰ ৷

 

স্কুলৰ ওচৰতে থিয়েটাৰ এখন চলিছিল ৷ ওখ-পাখই দেখাত ডাঙৰ হোৱা হেতুকে এনেই চোৱাৰ সুবিধাটোও ইতিমধ্যে সি হেৰুৱাই পেলাইছিল ৷ মাকক পইচা খুজি খুজি সি ভাগৰি পৰিছিল ৷ দেউতাকৰটো সেইবোৰৰ নাম-গোন্ধই নাই আৰু দিয়েনো ক’ৰ পৰা ৷ তিনি বিঘা মাটিৰ খেতিৰে বছৰটোও নোখোজে ৷ বাৰীৰ তামোল-নাৰিকল, শাক-পাচলিৰেই টুকটাককৈ ঘৰখন চলায় ৷ ল’ৰাক থিয়েটাৰ দেখুৱাবলৈ তেওঁৰ ক্ষমতাও নাই, নিজে চোৱাৰ চখো নাই ৷ উপায় নেপাই বনমালীয়ে এটা বুধি পাঙিলে ৷ শনিবৰীয়া বজাৰত বেচি পইচা উলিওৱাৰ মনেৰে সি গৈ ভূগীৰামহঁতৰ তামোল গছত কুকুৰাই ডাক নিদিওঁতেই উঠিল ৷ উঠোতে সি ঠিকেই উঠিছিল ৷ কৌশলেৰে এটাও নিচিগাকৈ তামোলৰ থোকটো হাতত লৈ নামি আহোতেহে দেখিলে ভূগীৰামৰ মাকে ৷ লগে লগে হুৱা-দুৱা ৷ চৰ, ভুকু আৰু শেষত ৰাইজৰ সমুখত আঠু কঢ়া ৷

 

চোৰ নাম পোৱাৰ পিছত বনমালীৰ আৰু গাঁওখনত থাকিবৰ মন নোহোৱা হ’ল ৷ ভূগীৰাম-কেশৱহঁতৰ মাৰকিলৰ উপৰিও ঘৰত দেউতাকে যে তাক কিমান নিপিটিলে ৷ দাগবোৰ ক’লা হৈ ফুলি উঠিছিল ৷ মনত পৰিলে এতিয়াও তাৰ পিঠিখন, হাতখনৰ সেই ঠাইবোৰ সি চুই চায় ৷ এদিন দাগবোৰ গ’ল ৷ কিন্তু সেই চেলেঙীয়া মনটোত যি দাগ বহিল তাৰ নিবৃত্তি পাবলৈও হঠাতে বনমালী এদিন ঘৰৰ পৰা নাইকিয়া হ’ল ৷ সেই যে চোৰৰ কলংক সি নাপাহৰিলে আৰু কোনোদিনেই ক’তো সি হাত নিদিলে ৷

 

ঘৰৰ পৰা ওলাই গৈ বনমালী থান-থিত নোহোৱা হৈ বহুদিন ঘূৰিল ৷ শেষত সি মঙলদৈ চহৰত ‘মধুবন’ হোটেলত কাম পালে ৷ তাতেই সি টেবুল মচা-বাচন ধোৱা হৈ থাকিল ৷

 

পোন্ধৰ বছৰে মধুবনত কাম কৰি বনমালী এতিয়া হোটেলৰ মেনেজাৰ ৷ ঘৰলৈ অহা-যোৱা কৰা আজি তাৰ তিনিবছৰো হোৱা নাই ৷ অথচ সি খৰচ নিদিলে এতিয়া তাৰ ঘৰৰ সৰু পৰিয়ালটো লঘোনে থাকে ৷ কথাবোৰ মনত পৰিলে বনমালীৰ এতিয়া নাটক যেনহে লাগে ৷ কেনেদৰে হঠাতে যে পাৰ হৈ গ’ল দিনবোৰ ৷ সিদিনা ঘৰৰ পৰা পলাই যোৱা তাক এতিয়া বিয়াৰ আলোচনাৰ বাবে মাতিবলগীয়া হৈ গ’ল ৷

 

বিছনাত পৰি নিজৰ কথাবোৰকেই পাগুলি আছিল বনমালীয়ে ৷ জীৱনৰ গতি-পথ ক’ত কেতিয়া কেনেদৰে বাগৰি যায় কোনেও ক’ব নোৱাৰে ৷ আজি গধূলি তাৰ বিয়াৰ বিষয় লৈ ঘৰত সৰু-সূৰা এখন সভাই বহিল ৷ মাকে হেনো সোনকালে বোৱাৰী পাবলৈ বিচাৰে ৷ দেউতাকৰ মতে সংস্থানো কিবা এটা হৈছে যেতিয়া এইবোৰ জঞ্জাল মাৰি পেলোৱাই ভাল ৷ ওচৰৰে খুড়াক নৰোত্তম নাথেও দুই এঠাইত কথাৰ উজান দিলে ৷

 

কিন্তু বনমালীয়ে তাৰ বিয়াখনৰ কথা এতিয়াই চিন্তা কৰা নাছিল ৷ তাৰ উপৰিও এজনী গাভৰু ভনীয়েক ঘৰত থাকোতে সি তাৰ কথা কল্পনাই কৰিব পৰা নাছিল ৷ সি দেউতাকৰ আগত বাৰে বাৰে তাইৰ কথা উল্লেখ কৰিছিল ৷ প্ৰথমতে বিনীতাহঁতৰ কথাহে ভাবিবলগীয়া ৷ দেউতাকে হেনো তাইক পঢ়াবলৈ বিচাৰে ৷ পঢ়ি আছে, ডিগ্ৰীটো লৈ ওলাই আহক ৷ কিন্তু আৰু এজনী গোটাই লৈ বিনীতাক কলেজত পঢ়া খৰচ দি ঘৰখন চলোৱাৰ বাবে বনমালীৰ সামৰ্থ যে নহ’ব সেই কথা দেউতাকে বুজা নাই ৷ অৱশ্যে তাই যে পঢ়াত ভাল; তাইক পঢ়োৱাৰ কামনা তাৰো নোহোৱা নহয় ৷ কিন্তু বিয়া-চিয়াৰ কথা সি এতিয়াই আশা কৰা নাছিল ৷ তথাপি অনেক যুক্তি-তৰ্কৰ পিছতো মাক-দেউতাকে তাৰ বিয়াখন সোনকালে পতাটোকেই বিচাৰিছিল ৷ সি হা-না একোকেই ক’ব নোৱাৰিলে ৷

 

কিন্তু সি জানো বিয়া পাতিব পাৰিব? বাৰে বাৰে এই প্ৰশ্নটোৱেই বনমালীক আমনি কৰিবলৈ ধৰিলে ৷ তাৰ টোপনি নাহিল ৷ তাৰ হাততনো জমা টকা কিমান আছে? বিয়া বুলি ক’লেতো খৰচৰ ভাণ্ড এটা মুকলি কৰাহে ৷ কইনাক দুই-এপদ হ’লেও গহনাতো দিবই লাগিব ৷ তাৰ উপৰিও ঘৰুৱা খৰচ ৷ কাপোৰ-কানি, ৰাইজকতো এমুঠি চাউল সিজাই খুৱাব লাগিব? কিন্তু সি জানো পাৰিব?

 

ছাৎকৈ তাৰ কেশৱহঁতৰ দীপাংকৰৰ বিয়াখনৰ কথা মনত পৰি গ’ল ৷ বাপৰে ৷ একেবাৰে চহৰীয়া কাৰবাৰ, জাকজমক; কিমান যে টকা-পইচা, নাভাবো বুলি ভাবিও বনমালীৰ এটা কথা ভাবিবৰ মন যায়- এই মানুহবোৰে ইমান টকা পালে ক’ত? দীপাংকৰে ঠিকা কৰে ৷ সি বাৰু ঠিকা কৰি কিমান টকা পায়? বিয়াৰ ধুমধামবোৰৰ যি টকা সেয়া তাৰ বাৰু দৰমহাৰ টকানে? বনমালী আচৰিত হৈ যায় ৷ ইমান কমদিনৰ ভিতৰতে যে তাৰ চুবুৰীটোও কিমান ধনী হৈ গ’ল ৷ সেইটো পদেশ্বৰ দোকানী, সৰু দোকানখনতেই তাৰ ইমান টকা হৈ গ’ল যে এটা বছৰতে সি দুঠাইত মাটি কিনিব পৰা হ’ল ৷ অথচ তাৰ কণ্ট্ৰোলৰ দোকানৰ চাউল-কেৰাচিন গাঁৱৰ প্ৰতি মাহত মানুহে পায় জানো? বনমালীৰ মনত আছে পদেশ্বৰ দোকানীয়েই বনমালীয়ে চুৰ কৰোতে ৰাইজমেলত পাঁচশ টকা জৰিমনা ভৰিব লাগে বুলি চিঞৰ-বাখৰ কৰিছিল ৷ এতিয়া জানো সি চুৰ কৰা নাই? কথাবোৰ ভাবিলে বনমালীৰ কাণ-মূৰ গৰম হৈ উঠে ৷ পদেশ্বৰ দোকানীয়ে জীয়েকৰ বিয়াত লাখ টকাৰ যৌতুক নিদি, দীপাংকৰে জাকজমকতাৰে বিয়া নাপাতি সি পাতিবনে?

 

বনমালীৰ আৰু এটা কথা মনত পৰে এই টকা-পইচাৰ প্ৰসঙ্গ ওলালে ৷ সি তামোল চুৰ কৰোতে চুবুৰীৰ কেশৱ-ভূগীৰামহঁতে তাক নাক-মুখে তেজ ওলোৱাকৈ মাৰিছিল ৷ সি তেতিয়া একো কৰিব পৰা নাছিল ৷ কাৰণ তেতিয়া সি চোৰ আছিল ৷ কিন্তু আজি তাতকৈ কিছু ডাঙৰ কেশৱে কৰিছে কি? তামোল চুৰ কৰি ধৰা পৰি বনমালিয়ে ঘৰ এৰিছিল ৷ কিছুদিন পিছত সি শুনিছিল কেশৱো হেনো হঠাতে ঘৰৰ পৰা নাইকিয়া হ’ল ৷ এদিন কেশৱ ঘূৰি আহিল বিপ্লৱী হৈ ৷ হঠাতে বিপ্লৱ বাদ দি কেশৱ সাধাৰণ নাগৰিক হৈ পৰিল ৷ হাতত পালে মাৰুতি গাড়ীৰ চাবি আৰু চাকৰি বেচা-কিনা কৰাৰ ঠিকা ৷ ৰাইজৰ বহু আঁচনিৰ টকা হেনো তাৰ হাতত ৷ ফলত সি মাটি লৈছে, গাড়ী লৈছে ৷ জীৱন উপভোগ কৰিছে ৷ সি চোৰ নহয় ৷ চোৰ নহয় ভূগীৰাম ৷ যিয়ে গাঁৱৰ ডাঙৰ নেতা হৈ বানপানীৰ ৰিলিফৰ চাউল, দাইল নিজৰ ভঁৰালত সুমুৱায় ৷

 

বনমালীৰ কেতিয়াবা খঙ উঠি যায় ৷ সি কিয় এইবোৰ কৰিব নোৱাৰিলে? এবাৰ চোৰৰ বদনাম পায়েই সি শাস্তি পালে ৷ ঘৰৰ পৰা গুচি গৈ ভাল মানুহ হ’ল ৷ অথচ অলক্ষিতে তাৰ চাৰিওকাষৰ সকলোবোৰ চোৰ হৈ গ’ল ৷ সি একো হ’ব নোৱাৰিলে ৷ হোৱা হ’লে সিও আজি কোনো চিন্তা-ভাবনা নোহোৱাকৈ তাৰ বিয়া পাতিব পাৰিলেহেঁতেন, ভনীয়েকৰ বিয়া পাতিব পাৰিলেহেঁতেন, জীৱন উপভোগ কৰিব পাৰিলেহেঁতেন!

 

শৈশৱৰ সেই কথা সুঁৱৰি সকলোকে এফালৰ পৰা কোবাই যাবৰ মন গ’ল বনমালীৰ ৷ কিন্তু কিবা জানো লাভ হ’ব ৷ পৃথিৱীখনেই আজি এনেকুৱা ৷ সিও তাৰ বুকুৰ দুখবোৰ, অনাড়ম্বৰবোৰ লুকুৱাই আড়ম্বৰভাবে বিয়া পাতিব পাৰিলেহে সি আজিৰ সমাজৰ মানুহ হ’ব পাৰিব ৷ ….. তাৰ ঘিন লাগে ৷

 

বনমালীয়ে বাগৰ সলালে ৷কথাবোৰ ভাবি তাৰ গৰম লাগি গৈছিল ৷ ঘামত গেঞ্জীতো তিতি গ’ল ৷ গেঞ্জীটো সি সোলোকাই থ’লে ৷ মনৰ দুখবোৰ, জীৱনৰ সমস্যাবোৰো এই গেঞ্জীটোৰ দৰে সোলোকাই থ’ব পৰা হ’লে!

 

বিয়াখন পাতিলে, বিয়াৰ আগে আগে আকৌ ৰংপূজা ভাগো আগবঢ়াব লাগিব ৷ গধূলিতে বিয়াৰ কথাৰ মাজতে মাকে কথাষাৰ তাক মনত পেলাই দিছিল ৷ তেনেকৈয়ে খৰচ ৷ মাকক বোৱাৰীয়েক লাগে ৷ কিন্তু পুতেকৰ অৱস্থাটো তেওঁ নুবুজে ৷

 

বনমালীয়ে জানে এতিয়াই সি বিয়া পাতিব নোৱাৰে ৷ কাৰণ টকা-পইচা হাতত একো এটা নোহোৱাকৈ সি আগবাঢ়িব নোৱাৰে ৷

 

এইবাৰ বনমালীৰ অইন এটা কথা ভাবিবৰ মন গ’ল ৷ কইনাৰ কথা ৷ বিয়া হ’বৰ বাবেতো এজনী কইনা লাগিব ৷ মাক-দেউতাকে বাৰু তাৰ বাবে ক’ৰবাত ছোৱালী চাইছে নেকি? কিন্তু গধূলিৰ আলোচনাত তেনেকুৱা ইঙ্গিত সিতো একোৱেই নাপালে ৷ ধুনীয়া এজনী কইনাৰ স’তে ৰভাতলীত এজাক মানুহৰ সৈতে হোমৰ গুৰিত বহি সঁচাকৈ কি যে লাগিব… লগে লগে এক অবুজ শিহৰণ বনমালীৰ দেহৰ ওপৰেদি পাৰ হৈ গ’ল ৷ তাৰ মনটো ৰোমাঞ্চিত হৈ পৰিল ৷ কিন্তু হঠাৎ খৰচৰ কথাটো মনত পৰি তিতা লাগি গ’ল ৷ পৰুৱা এটা জোকাৰি পেলোৱাৰ দৰে ভবা কথাখিনিও সি জোকাৰি পেলাব খুজিলে ৷ তথাপিতো কইনাৰ কথাটোৱে তাক অলপ আমেজ দিছিল ৷ হওঁতে সিও বিয়াৰ কথা কল্পনা নকৰা নহয় ৷ তাৰ সকলো কল্পনা গাঁৱৰ বগীতৰাক লৈ ৷ বগীতৰা তাৰ গাঁৱৰে, দেখাই-শুনাই ধুনীয়া ছোৱালী ৷ তাৰ মনটোৰ একোণত সি তাইক স্থান দি থৈ দিছিল ৷ কিন্তু নহ’বগৈ এনেদৰে ৷

 

তায়ো অৱশ্যে তাৰ প্ৰতি এটা ভাল ভাৱ নৰখা নহয় ৷ কথাই বাৰ্তাই বুজিব পাৰিতো ৷ চহৰৰ পৰা ঘৰলৈ আহিলেই বনমালী বগীতৰাহঁতৰ ফালে এপাক মাৰেই ৷ কিবা এটা আকৰ্ষণে তাক টানি লৈ যায় ৷ তায়ো যেন তাৰ বাবে ৰৈ থাকে এনে এটা ভাৱ সি অনুভৱ নকৰা নহয় ৷ কিন্তু বিয়া নামৰ সেই হাতীটো আৰু বগীতৰা নামৰ সেই ধুনীয়া মুখখনৰ মাজত সি কোনোদিনে যোগসূত্ৰ টানিব নোৱাৰে ৷ সি ৰৈ যায় ৷

 

হঠাৎ বনমালীৰ মগজত এটা কথা সোমাই গ’ল ৷ এটা কাম কৰিলে তাৰ সকলো সমস্যাৰ সমাধান হ’ব ৷ মাত্ৰ এটা কাম ৷ সি আকৌ এবাৰ চুৰ কৰিব লাগিব ৷ মাকেও বোৱাৰী পাব, তাৰো বিয়া হ’ব ৷ সি বগীতৰাক পলুৱাই আনিব ৷ আকৌ এবাৰৰ বাবে সি চোৰ হ’ব ৷ অন্ত:ত তেতিয়া তাৰ হ’বলগীয়া ধাৰখিনি নহ’ব, বিনীতাৰ বিয়ালৈও পইচা সাঁচিব পাৰিব ৷ এৰা! সি তাকেই কৰিব ৷ চুৰ কৰিব বগীতৰাক ৷

 

সমাধান পাই বনমালী বাগৰটো সলাই টোপনি যাবৰ চেষ্টা কৰিলে ৷ একো কথাই যেন আৰু তাৰ কাণত নোসোমায় ৷

 

 

 

– ৰূপালীম দত্ত, গুৱাহাটী

অন্যান্য লেখা :

Share.

Leave A Reply