চিঠি : অক্টোবৰ, ২০১৪ (দেৱৰাজ কলিতা)

0

****জয় গুৰু শঙ্কৰ****

;
প্রতি,
মৰ’মৰ ভনী, সাৰদা শ্রেষ্ঠা,

চিঠিৰ আৰম্ভণিতে তোমালৈ যাছিলোঁ হৃদয়ৰ পৰা এবুকু চেনেহ ভৰা মৰম। আশা কৰোঁ ভনী আছা কুশলে। ময়ো আছোঁ ভনী কৃষ্ণৰ কৃপাত। বহুদিন হ’ল তোমাৰ একো খবৰ পোৱা নাই। নিজৰ কৰ্মক্ষেত্রত ব্যস্ত থকা বাবে হয়টো সময় তোমাৰো নাটনি। যি নহওক কুশল কামনা কৰিছোঁ। মোৰ অলপ পুৰনি শোক -খবৰ কওঁ ভাবিছো।

মই যেতিয়া আমবাৰী ফাটশিলত মেছ কৰি কলেজত বি এচ চি পঢ়ি আছিলোঁ তেতিয়া মোৰ দেউতা অসুস্থতাৰ বাবে পানবজাৰ চিভিলত চিকিৎসাধীন হৈ আছিল। মই ক্লাছো কৰিছিলো, দেউতাৰ খবৰো লৈছিলো ৷ আনহাতে নিজে টিউচন কৰি পোৱা সামান্য টকাৰে দেউতাৰ মেডিচিনো কিনি দিছিলো। এসময়ত দেউতা হস্পিতালৰ পৰা ৰিলিজ হৈ গাওঁত নিজৰে শিষ্যৰ ঘৰতে আশ্রয় লৈ আছিল, যিহেতু আমাৰ ঘৰ বুলিবলৈ আচুটিয়া ঘৰ নাছিল। মই নিজেই মামাহতৰ আশ্রয়ত আছিলোঁ আৰু দেউতাই আশ্রমে আশ্রমে বা শিষ্য-পুত্রৰ ঘৰে ঘৰে ঘুৰি ফুৰিছিল। মই যিহেতু বি এচ চি চুৰান্ত পৰীক্ষাৰ্থী আছিলো সঘনাই যাব পৰা নাছিলোঁ। মাজে মাজে দেউতাৰ বাবে কিবা এটা কিনি লৈ গাওঁত গৈছিলো ৷ এদিন ৰবিবাৰে মই গাওঁলৈ দেউতাৰ খবৰ লওঁ বুলি গৈছিলোঁ। যিঘৰ শিষ্যৰ ঘৰত দেউতা আছিল মই তালৈ গৈছিলো গৈ দেখিছিলোঁ যে মানুহ ঘৰৰ পদুলীৰ পৰা চোতাল ঘৰ মচী চিকচিকিয়া কৰি থৈছে আৰু নিমাওঁ মাওঁ পৰিবেশ, চোতালত কোনো নাই,এনে লাগিছিল যেন ঘৰৰ ভিতৰতো কোনো নাছিল। মই মাতিছিলো ঘৰত কোনো নাই নেকি? দুই তিনিবাৰ মতাৰ পিছত মানুহ এগৰাকী ওলাই আহিছিল। ওলাই আহিয়েই মোক সুধিছিল অ বাপা আহিছা…? কৰুণ মাত…কৰুণ সুৰ।। কোনে খবৰ দিলে? মই আচৰিত হ’লো কি খবৰৰ কথা কৈছে আপুনি ? মই একো বুজা নাই। তেতিয়া মোক উত্তৰ দিছিল দেউতাৰা নাই নহয়।। কালিতে গ’ল। মই আচৰিত হৈছিলো আৰু সুধিছিলো ক’ত গ’ল? আন কাৰোবাৰ ঘৰত গ’ল নেকি? মানুহজনীয়ে উত্তৰত কৈছিল যে যোৱা কালিতেই দেউতাৰে চিৰদিনৰ বাবে গুচি গ’ল। মানে ধুকাই গ’ল। মই কথাষাৰ শুনি হতভম্ব হৈছিলোঁ আৰু মোৰ পানীত হাঁহ নচৰা অৱস্থা হৈছিল। মই কি কৰো কি নকৰো উপায় বিহীন হৈ পৰছিলোঁ। মোৰ হৃদয়ে আৰ্ত্তনাদ কৰি কান্দিছিল ভিতৰি ভিতৰি কিন্তু মই প্রকাশ কৰিব পৰা নাছিলোঁ। মোৰ মুৰত সৰগ যে ভাঙি পৰিছিল। কি কৰিম কি নকৰিম? মানুহ জনীয়ে মোক উদ্দেশ্য কৰি কৈছিল বাপা দেউতাৰেক নদীৰ পাৰতে থৈছে তুমি তাতে সেৱা এটা কৰা গৈ। মই নিৰবে নিৰবে নদীৰ পাৰলৈ গৈ দেউতাৰ সমাধীস্থলীৰ ওচৰলৈ গৈ সেৱা এটা কৰি ভগৱানক সৰল প্রাৰ্থনা কৰি বাহিৰে বাহিৰে মোৰ আত্মীয় স্বজনৰ ওচৰত গৈ সকলো কথা আলোচনা কৰি সকলোৰে সহযোগত দেউতাৰ কাম কাজ় শ্রাদ্ধ আদি সময় মতে সমাপন কৰি গুৱাহাটীলৈ ঘুৰি আহিছিলো। ভবিছিলো মোক গুৱাহাটীত গৈ দেউতাৰ মৃত্যুৰ খবৰ দিবলৈ কোনো এজন মানুহ নোলাল তাকে ভাবি ভাবি আজিও মনত পৰিলে ভাবি দুখ লাগে…। মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে কোনেনো ভাবিব কোৱা…। কোন মানুহে কাৰ বাবে কিদৰ কি ভাবে এয়ে দুনীয়া……?
তেতিয়াই ভাবিছিলো যে কোন কেতিয়া কেনেকৈ ক’ত মৃত্যু বৰণ কৰে কোনেও ক’ব নোৱৰো। এয়েই আমাৰ জীৱন…। মোৰ জীৱনত এনেদৰেই এটাৰ পিছত এটা বিপদে এৰা দিয়া নাছিল।আৰু …। এতিয়া মোৰ এই অৱস্থা…নিয়তিৰ কি যে বিচাৰ…?
ভনী এই কথাখিনি কোৱা বাবে যেন বেয়া নোপোৱা …কাৰণ মোৰ জীৱনৰ ইয়ো এটা দুখৰে অংশ…। আমিও একেই পথৰেই পথিক হৈ জীৱন সংগ্রাম কৰি আছো…ৰাখে হৰি মাৰে কোন ? আৰু মাৰে হৰি ৰাখে কোন।।?

অলপ দুখৰ সোৱাদ দিলো ভনী বেয়া নাপাবা দেই…তোমাৰ কূশ’ল কামানাৰে আজিলৈ সামৰণী মাৰিছোঁ ।।ইতি।।
তোমাৰ ক’কাইদেউ।।

ইতি

দেৱৰাজ কলিতা,

১৬-০৯-১৪ইং

অন্যান্য লেখা :

Share.

Leave A Reply