কুইজ: এপ্ৰিল’ ১৪

0

১) – অনুৰাধা শইকীয়া,

ইন্দিৰা বৰকাকতী,

হলিডা খাতুন,

সবিতা ডেকা

: এই নাম কেইটাৰ বিশেষত্ব কি?

 

২) এখেতৰ নাম লক্ষেশ্বৰ বৰুৱা ৷ জন্ম ১৮৯৪ আৰু মৃত্যু ১৯৯০ ৷ কটন কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়তে পঢ়া আধাতে এৰি গান্ধীজীৰ স্বৰাজ আন্দোলনত যোগ দিছিল ৷ এখেতক ভাৰতীয় স্বাধীনতা আন্দোলনত মনত ৰখাৰ অন্যতম কাৰণতো কি?

 

৩) ১৯৩৯ চনত ছিলঙৰ পুলিচ বজাৰৰ পৰা ২কি:মি আতৰত থকা ড০ ৱাংখাৰ ৰিয়াটচামথিয়াহৰ আবাস গৃহটো ড০ চৰকাৰে কি প্ৰতিষ্ঠান হিচাপে আৰম্ভ কৰিছিল?

 

৪) ফ্ৰেংক কিংদন ৱাৰ্ড নামৰ উদ্ভিদ বিজ্ঞানীজনে তেওঁৰ দ্বিতীয় পত্নীৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ কোনবিধ ফুল আৱিস্কাৰ কৰিছিল?

xondhan-quiz-april14-4

 

৫) এই বিখ্যাত হিন্দু মন্দিৰটো ১৭২০ চনত শিৱ সিংহই ব্ৰহ্মপুত্ৰত পাৰত প্ৰতিষ্ঠা কৰিছিল ৷ প্ৰবাদ আছে যে যেতিয়া ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিবৰ বাবে যাত্ৰা আৰম্ভ কৰিছিল, তেখেতৰ ঘোৰাৰ বিশ্ৰামৰ বাবে এই ঠাইতে তেখেত ৰৈছিল ৷ মন্দিৰটো কোনটো?

 

৬) কম্পিউটেশ্বনেল ছিছম’লজি (Computational Seismology)-ত স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা ভাৰতবৰ্ষৰ একমাত্ৰ বিশ্ববিদ্যালয় কোনখন?

 

৭) এখেত পদ্মভূষণ ছাৰ কৰিয়ামণিকাম শ্ৰীনিবাস কৃষ্ণণ ৷ এখেত ৰমন তত্তবাদৰ সহ আৱিষ্কাৰক আছিল ৷ যাৰ ফলত এখেতৰ গুৰু ছাৰ চি. ভি. ৰমণক ন’বেল বঁটাৰে সন্মানিত কৰা হৈছিল ৷ এখেতৰ লগত কাম কৰা অসমীয়া সহযোগীজনৰ নাম কি?

 

৮) ছবিত থকা ব্যক্তিগৰাকী হৈছে শান্তনু তামুলী ৷ অসমীয়া শিশু সাহিত্যত তেখেত কি নামেৰে পৰিচিত?

xondhan-quiz-april14-1

৯) “কেঁচা সোণ” – ১৯৫৯ চনত ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত তথা চাহ জনগোষ্ঠীৰ ওপৰত নিৰ্মিত বোলছবি ৷ কোনটো দিশৰ পৰা এইখন বোলছবি ভাৰবৰ্ষৰ প্ৰথম বোলছবি আছিল?

 

উত্তৰ:

১) অসমৰ প্ৰথম কুইজ প্ৰতিযোগীতাৰ বিজয়ীসকল ৷

২) অবিভক্ত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৷

৩) চগা পোক আৰু পখিলাৰ নামত উচৰ্গা কৰা ভাৰতৰ একমাত্ৰ সংগ্ৰহালয় ৷

৪) চিৰয় লিলি (Siroy Lily)৷ ১৯৪৬ চনত ইয়াক আৱিস্কাৰ কৰা হৈছিল ৷

৫) অশ্বক্লান্ত ৷

৬) তেজপুৰ বিশ্ববিদ্যালয় ৷

৭) ড০ যিতেন্দ্ৰ নাথ গোস্বামী ৷ শান্তিস্বৰূপ ভাটনাগৰ বঁটাৰে সন্মানিত একমাত্ৰ অসমীয়া ব্যক্তি ৷

৮) মৌচাক মামা ৷

৯) ট্ৰেড ইউনিয়নৰ দ্বাৰা প্ৰযোজিত প্ৰথম ভাৰতীয় বোলছবি

 

– কুইজ মাষ্টাৰ: দীপজ্যোতি ডেকা

যোগাযোগ:৭৮৯৬৩৩৯১৫৩

ই-বাৰ্তা: [email protected]

http://onlyforinquizzitive.blogspot.com

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.