এমুঠি শব্দ…

0


প্ৰাপ্তিৰ বেদনাত দুব যাব ধৰিলেই
অতীতবোৰ ধূসৰ হয় ক্ৰমশঃ…।


নৈপৰীয়া বতাহজাঁকে কোবাইহি গালে মুখে,
আবেলিবোৰ বৰকৈ প্ৰিয় হৈ পৰিছে ।


কিমান ভালপাওঁ নুসুধিবা…
আকাশৰো এটা দুখ থাকে, সাগৰেও কান্দে, তৰাবোৰো অৱশ হয় কেতিয়াবা ।


অতৃপ্তিৰ হাঁহি এটা মাৰি তেওঁ গুচি যায়,
মই, আমি বহুপৰ চাই আছিলো তেওঁ যোৱাৰ ফালে ।


দূৰৈৰ পৰা ভাহি আহে বাঁহিৰ কৰুণ সুৰ এটা…
চাৰিওপিনে কলিজা পুৰি ছাই কৰা বসন্তৰ জুই ।


স্মৃতিবোৰ ব্যথ হৈ আহিলেই,
হৃদয়খন থুকুচি পেলাওঁ কাপোৰ থুকুচাদি ।


বহমথুৰিয়া হাঁহি এটাৰ মাদকতাত মাতাল হওঁ,
পাৰোঁ মানে পি লওঁ ভালপোৱাৰ মদিৰা ।


দুখী বুলি নকব…
জীৱনটোৰ দৰে সুখবোৰো আপোনাৰ ।


সপোনবোৰ কাহানিও নমৰে,
আশাবোৰহে বিয়পি যায় কেইবাদিশে ।

১০
জীয়াই থকাটো সন্দেহজনক,
কোনে জানে, হৃদয়খন যদি কাহানিবাই মৰিছে (!)

– পল্লৱ কুমাৰ নাথ
© 9085409629

অন্যান্য লেখা :

Share.

Leave A Reply