আশা আৰু সপোনৰ কেইটামান টুকুৰা…

0

(১)

পুলিচ বজাৰ, শ্বিলং। অলপ আগতে বৰষুণজাক শেষ হৈছে। জুন-জুলাইৰ দিনতো ইয়াত গৰম অনুভৱ নহয়, বৰষুণ দিলে ঠাণ্ডা পৰে যথেষ্ট। তাইৰ আজি উপাৰ্জন তেনেই নামমাত্ৰ। পাঁচ বছৰীয়া ল’ৰাটোৱে থেনথেনাই আছে। তাৰ ভোক লাগিছে বোধহয়। তাই আকৌ বস্তাখন পাৰি নিৰ্দিষ্ট ঠাই ডোখৰত বহি তামোল-পাণৰ দোকাখন মেলিছে। পিন্ধনত জাইনচেম(খাছী তিৰোতাসকলৰ পোছাক) আৰু এখন পুৰনা শ্বল। বেগটো মাটিত পাৰি লৈ তাৰ ওপৰতে পেকেটকেইটা থৈ বস্তাখনত বহি তাই ল’ৰাটোক কোচতে বহুৱাই লৈ শ্বলখনেৰে ঢাকি ধৰিছে। দোকান বুলিবলৈ তাইৰ তামোল-পাণ আৰু আদা নাইবা টুকুৰা নাৰিকলৰ সৰু সৰু ত্ৰিশটামান পেকেট, স্লা(তৰা পাতে)ৰে মেৰিউৱা। এটা পেকেটত দহ টকাকৈ। দুদিন ধৰি ল’ৰাটোৰ পানী লগা জ্বৰ। তাৰ নাকেৰে শেঙুনৰ সোঁত বৈ আছে। আনদিনা হোৱা হ’লে তাপলি মৰা ছাতিটোৰে সৈতেই তাই বৰষুণৰ সময়তো ল’ৰাটোক সাবটি কোৱাই(তামোল)ৰ দোকানখন মেলিলেহেঁতেন, কিন্তু আজি ভয় কৰিলে। সেয়েহে সন্মুখৰ দোকানখনৰ চুক এটাত থিয় হৈ ৰ’ল। দোকানীজনৰ ল’ৰাটোলৈ মৰম লগাত তাক চিপচ এপেকেট দিলে। সেইপেকেট শেষ নোহোৱালৈকে সি তাকে লৈয়ে ব্যস্ত থাকিল। এতিয়া আকৌ থেনথেননি আৰম্ভ কৰিছে। উঁৱলি যোৱা চুৱেটাৰটো আৰু তিনি ঠাইত তাপলি মৰা লং পেণ্টটোৱে তাক আৰাম দিব পৰা নাই। তাই এসপ্তাহ ধৰি কষ্টেৰে হ’লেও দুশ টকা জমা কৰিছে, আৰু কেইটামান টকা গোটাব পাৰিলেই তাক কাপোৰ এযোৰ কিনি দিয়াৰ কথা ভাবিছে। কাষতে ৰিউহাদেম(গোমধান) সেকি থকা বুঢ়া মানুহজনে সৰু ৰিউহাদেম এটা তাৰ হাতত তুলি দিছে। সি এইবাৰ সেইটোক লৈ ব্যস্ত হৈ পৰিছে, আৰু তাই ব্যস্ত হৈছে স্লাৰে মেৰিউৱা পেকেটকেইটা বিক্ৰী কৰাত..

(২)

ৱাৰ্ডচ লেক, শ্বিলং। প্ৰৱেশদ্বাৰৰ সন্মুখত ৰাস্তাটোৰ আনপাৰে বুঢ়ীগৰাকীয়ে পপকৰ্ণ বেচিছে, বিশ টকাকৈ। ষ্ট’ভ এটাৰ ওপৰত সৰু কেৰাহীনত বালি অলপ লৈ তেওঁ গোমধানৰ গুটিবোৰ ভাজিছে। গ্ৰাহকৰ লাইন। পুৰনা বাতৰিকাকতৰ পৃষ্ঠাবোৰ ফালি লৈ তাতে তেওঁ পপকৰ্ণ বেচিছে। ঘৰত বিচনাত পৰি থকা বুঢ়াই বুঢ়ীলৈ বাট চাই আছে। বুঢ়ীয়ে কৈছিল, বিক্ৰী ভাল হ’লে ঘূৰি আহোঁতে খাবলৈ অলপ সৰহকৈ দস্নিয়াগ(গাহৰি মাংস) আনিব।

(৩)

চেৰাপুঞ্জীৰ কোনোবা এটা জলপ্ৰপাত, পৰ্যটকক সহজেই প্ৰেমত পেলাব পৰা এক নান্দনিক সৌন্দৰ্য। জুন-জুলাইৰ প্ৰচণ্ড গৰমৰ দিনতো ইয়াত নৱেম্বৰ-ডিচেম্বৰৰ ঠাণ্ডা। চিপচিপ বৰষুণৰ মাজতে আকাশত দুই এবাৰ ভুমুকি মৰা বেলিটোৱে ঠাইডোখৰৰ জিলিকনি দুগুণে বৃদ্ধি কৰিছে। ৰাস্তাৰ কাষতে মানুহবোৰে গাড়ী ৰখাই প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিছে। দূৰলৈকে বিস্তৃত পাহাৰবোৰৰ মাজে মাজে ডাৱৰবোৰ ভাঁহি উঠিছে। ইফালৰপৰা সিফাললৈ চলাচল কৰিছে। সেউজীয়া পাহাৰৰ মাজে মাজে শিল আৰু খৰস্ৰোতা পানীৰ ধাৰাকেইটা যথেষ্ট চকুত লগা হৈছে। ডাৱৰবোৰ যেন কপাহৰ একো একোটা ডাঙৰ ভাণ্ডাৰহে! ৰাস্তাৰ কাষতে খেৰৰ চালিৰে সৈতে বাঁহেৰে সজা এখন সৰু দোকান। তাতে কেইটামান পানী বটল আৰু চিপচৰ পেকেট লৈ মানুহ এজন বহি আছে। সাত-আঠ বছৰীয়া ল’ৰা এটাই মূৰৰপৰা পিঠিলৈকে বৈ পৰা এটা বিশেষ ধৰণৰ জাপি পিন্ধি হাতত মোনা এটা লৈ মানুহবোৰৰ ওচৰলৈ আগবাঢ়িছে। পিন্ধনত এটা হাফ পেণ্ট আৰু এটা হাফ চাৰ্ট। ভৰিত চেণ্ডেল এযোৰো নাই। ঠাণ্ডাই যেন তাৰ ফালে কেৰাহিকৈ চাবলৈও সাহস কৰা নাই! মানুহবোৰৰ ওচৰলৈ গৈ সি বিশ টকা দামৰ স্লাৰে মেৰিউৱা ক’লা নিমখ দিয়া চট্ৰুণ(আনাৰস)ৰ টোপোলাকেইটা আগবঢ়াই দিছে। এই টোপোলাকেইটাতেই যে তাৰ কত সপোন লুকাই আছে…

: পৰীস্মিতা কাকতি

সংযুক্ত স্নাতকোত্তৰ ষষ্ঠ সান্মাষিক

গণিত বিজ্ঞান বিভাগ

তেজপুৰ বিশ্ববিদ্যালয়

অন্যান্য লেখা :

Share.

Leave A Reply