আশাৰ দিগন্ত

5

মাজনিশাৰ মহানগৰীত অকলশৰীয়া মই,
মনত সৃষ্টিৰ হাবিয়াস,
দেহত জীয়াই থকাৰ তাড়না আৰু
সুৰৰ লহৰত বিচাৰো জীৱনৰ ঠিকনা।

তুমি সুধিলা সুখৰ সংজ্ঞা কি!
হয় জানো তুমি আটাইতকৈ সুখী মানুহজন?
আৰু মই নিমজ্জিত হ’লো স্মৃতিৰ গৰাহত,
সুখ দুখৰ তুলনাবিহীন, শব্দহীন অতল গহ্বৰত।

মোৰো মন যায় এখন সমাজ গঢ়িবলৈ
তোমাৰ মুখত হাহি বিৰিঙাবলৈ
স্নিগ্ধ শীতল কোমল জোনাকত
তোমাক পাৰিজাতৰ দেশলৈ লৈ যাবলৈ!

শুকুলা মেঘৰ ওৰণি টানি
নব্য প্ৰভাতৰ ডেউকাত উঠি
উৰি যাম আমি
সুখ দুখৰ বিভেদ নথকা
নতুন দিগন্ত বিচাৰি……

 

 

অন্যান্য লেখা :

Share.

5 Comments

Leave A Reply