অম্বুবাচী মেলা ২০১৩

0

কামাখ্যা মন্দিৰ হৈছে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত এক প্ৰাচীন মন্দিৰ ৷ ভাৰতবৰ্ষ জুৰি থকা মুঠ ৫১ খন শক্তিপীঠৰ অন্যতম এই কামাখ্যা মন্দিৰ ৷ শক্তি উপাসনাৰ কেন্দ্ৰবিন্দু হিচাপে কামাখ্যা মন্দিৰলৈ দেশী বিদেশী পৰ্যটকৰ ভীৰ পৰিলক্ষিত হয় ৷ অসম চৰকাৰৰ পৰ্যটন বিভাগেও ধৰ্মীয় পৰ্যটনৰ শ্ৰীবৃদ্ধিৰ বাবে কামাখ্যা মন্দিৰকে আদৰ্শ হিচাপে লৈছে ৷
কামাখ্যা মন্দিৰৰ অন্যতম উৎসৱ অম্বুবাচী মেলা প্ৰতি বছৰৰ আহাৰ মাহত এই মেলা অনুষ্ঠিত হয় ৷ লোক-বিশ্বাস মতে এই সময়তে দেৱীৰ ঋতুস্ৰাৱ হয় ৷ অম্বুবাচীৰ প্ৰবৃত্তিৰ সময়ত মন্দিৰৰ মুখ্যদ্বাৰ বন্ধ থাকে আৰু দেৱী দৰ্শন নিষিদ্ধ ৷ প্ৰবৃত্তি সমাপন হোৱাৰ পাছত দেৱীৰ স্নান, পূজা আৰু নতুন বস্ত্ৰ পৰিধান কৰাই দৰ্শনৰ বাবে মুকলি কৰি দিয়া হয় ৷
দেশী-বিদেশী ভক্তই মন্দিৰৰ চৌপাশে ভজন-কীৰ্ত্তন কৰি ভক্তি ৰসত দুবগৈ থাকে ৷ তান্ত্ৰিক বিচাৰ ধাৰা মতে অম্বুবাচী প্ৰবৃত্তিয়ে আই বসুন্ধৰাক উৰ্বৰা কৰি তোলে ৷ মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি পালে শস্য উৎপাদন বৃদ্ধি হয় ৷ অম্বুবাচীৰ আন এক আকৰ্ষণ হ’ল ‘কুমাৰী পূজা’ ৷ এই পূজা ছয় পৰা দহ বছৰীয়া কুমাৰী ছোৱালীলৈ কৰা হয় ৷
এই বছৰ কামৰূপ জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ যৌথ প্ৰচেষ্টাত ‘I am Responsible’ শীৰ্ষক ঐতিহ্য সজাগতা অনুষ্ঠান এটিৰো আয়োজন কৰা হয় ৷

 

xondhan-tourism-aug-1

 

xondhan-tourism-aug-2

 

xondhan-tourism-aug-3

 

xondhan-tourism-aug-4

 

xondhan-tourism-aug-6

 

xondhan-tourism-aug-5

 

xondhan-tourism-aug-7

 

xondhan-tourism-aug-8

 

xondhan-tourism-aug-9

 

xondhan-tourism-aug-10

 

xondhan-tourism-aug-11

 

– বিজিত দত্ত, যোৰহাট

ৱেবছাইট:http://bijitdutta.wordpress.com/

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.