অসমীয়া ৱিকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা |
---|
পৰিচালিত হৈছে মিডিয়াৱিকি ছফ্টৱেৰৰ জৰিয়তে , যাৰ সংস্কৰণ নং হৈছে 1.21wmf1 (dc5c2be)। |
মুঠ প্ৰবন্ধ সংখ্যা 1,598টা। |
মুঠ পৃষ্ঠা আছে 27,813 খন। |
মুঠ সম্পাদনা কৰা হৈছে 95,731 বাৰ। |
মুঠ 1,625টা ফাইল আপলোড কৰা হৈছে। |
বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে 5,429 জন, ইয়াৰ বাহিৰেও 6 জন প্ৰশাসক আছে। |
এই তথ্যসমূহ 14 অক্টোবৰ, 2012 তাৰিখ; সময় 16:02ৰ বাবে প্ৰযোজ্য। শেহতীয়া তথ্য চাওক |
ছেপ্তেম্বৰ, ২০১২ ত অসমীয়া ৱিকিপিডিয়াত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:
ভাল প্ৰবন্ধ:
নিৰ্বাচিত চিত্ৰ:
অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম:
- অসমীয়া ৱিকিউৎসত সপ্তকাণ্ড ৰামায়ণৰ ১০০ টা অধ্যায় সাৰদা শ্ৰেষ্ঠই ইউনিকোডত লিখি উলিয়াইছে।
- পাৰিজাত হৰণ আৰু কালিয় দমন নাটৰ ইউনিকোড লিপি সমাপন, মুদ্রালিখক: নিতুল বৰা
- ইউনিকোডত বুঢ়ী আইৰ সাধু গ্ৰন্থখনৰ সমূহ সাধু , অনামিকা বৰুৱা আৰু আন দুজনমান সদস্যৰ সামুহিক প্ৰচেষ্টাৰে মুদ্রালিখন কৰা হ’ল।
উল্লেখনীয় ৱিকিপিডিয়া বঁটা:
- বাবুল বৈশ্য লৈ :: ৰেলৱে পদক
- ডঃচাদিকুল হুছেইন লৈ :: বিশেষ পদক
- নয়নজ্যোতি শৰ্মালৈ :: অক্লান্ত কৰ্মী পদক
- চন্দন চিৰিং ফুকনলৈ :: বিশেষ বঁটা
সক্ৰিয় সদস্যসকল:
এই পৃষ্ঠাটো শেহতীয়াভাৱে ১২, অক্টোবৰ, ২০১২ ’ত নৱীকৰণ কৰা হৈছে। বিগত ৩০ দিনত অসমীয়া ৱিকিপিডিয়াত গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি এই সংযোগটো নিৰীক্ষণ কৰিব পাৰে।
ক্ৰমিক নং | সদস্য | সম্পাদনা সংখ্যা | বিস্তাৰিত সংযোগ |
---|---|---|---|
১ | বিষ্ণু শইকীয়া (প্ৰশাসক) | ২,২৫৩ | (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি) |
২ | অনিমেষ বৰা | ৩৯১ | (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি) |
৩ | প্ৰভাকৰ শৰ্মা নেওগ (প্ৰশাসক) | ৩৪০ | (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি) |
৪ | বাবুল বৈশ্য | ১৭১ | (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি) |
৫ | দিপাংকৰ চেতিয়া | ১৪৭ | (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি) |
৬ | চন্দন চিৰিং ফুকন | ১২৭ | (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি) |
৭ | অনামিকা বৰুৱা | ১০৭ | (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি) |
৮ | অভিজিত কলিতা | ১০২ | (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি) |
৯ | উদ্দীপ তালুকদাৰ | ৭৫ | (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি) |
১০ | নয়নজ্যোতি শৰ্মা | ৬৯ | (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি) |
১১ | পংকজ জ্যোতি মহন্ত | ৪২ | (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি) |
১২ | গীতাৰ্থ বৰদলৈ | ৪০ | (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি) |
১৩ | ধ্ৰুবজ্যোতি শৰ্মা | ৩৮ | (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি) |
১৪ | ঈশান জ্যোতি বৰা | ২৪ | (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি) |
১৫ | নিতুল বৰা | ২০ | (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি) |
১৬ | হিমজ্যোতি তালুকদাৰ | ১০ | (বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি) |
- অলপ সাহিত্য চৰ্চা:
ৱিকিপিডিয়া শীৰ্ষক এটা কবিতা
সূর্য্যোজ্বল ৱিকিপিডিয়াৰ বাটত
লিখক: চন্দন চিৰিং ফুকন
আঙুলিৰ দলঙেৰে নামি আহে
অযুত আখৰৰ সমদল
প্রতিডোখৰ অস্থিৰ মজ্জাগত বর্ণমালা
ধীৰে ধীৰে বাঢ়ে অসমীয়াৰ আয়ুসৰেখা
এখন এখনকৈ খুলি দিওঁ
বুঢ়া লুইতে নিজহাতে টুকি ৰখা
ইতিহাসৰ সাঁচিপতীয়া পৃষ্ঠাৰ দুৱাৰ
মোকলাই দিওঁ প্রতিজন জিজ্ঞাসুৰ বাবে
নগা পাহাৰৰ বুকুৰ সাঁচতীয়া কথাৰ ভঁৰাল
তাজমহলৰ পৰা মহাচীনৰ শৈল প্রাচীৰলৈকে
অৰণ্যগর্ভা আফ্রিকাৰ পৰা আৰৱীয় ঐতিহ্যলৈকে
সামৰি আনো তলুৱাত
গঙ্গা টেমছ নীলনদীৰ পাৰৰ পৰা
বুটলি বুটলি সাজোঁ তথ্যৰ মৌকোঁহ
অসমীয়া ৱিকিপিডিয়াৰ পাতত চিঞাহী বুলাই
ভুমুকিয়াই চাওঁ সংস্কৃতিৰ খোটালি
নিলগাই দিওঁ গোলকীয় সভ্যতাৰ আঁৰকাপোৰ
আৰু পৃথিৱীৰ প্রতিটো কোণৰ পৰা গাওঁ
অসমীয়া ভাষাৰ সূৰুযমুখী গীত।
— § § § —
[প্ৰচাৰপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক। ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাখন আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল। ধন্যবাদ – উৎস: ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা :: ছেপ্তেম্বৰ, ২০১২]