পথাৰ

0

মোৰ গাঁওৰ সেউজীয়াখিনিয়ে মোৰ অস্তিত্ব,
আহিনৰ পথাৰত ঘাম লাগি আছে
লাগি আছে আজোপুৰুষৰ ঘামৰ শক্তি
সেই জীবনে ফুলিলে সোণোৱালী,
পথাৰখন মোৰ চিনাকী।
মই গাৱলীয়া মই ধন্য,
মোৰ তেজত লাগি আছে
পথাৰৰ গোন্ধ,
মই দেখিছো
নসাঁজে ভৱিষ্যতৰ সোপান
আন্ধাৰো আঁতৰিল দূৰত
আমাৰ আছে দুবাহুত নাঙলৰ চেক
ডাঙৰি বিৰিয়াৰ কেঁচা চেক
আইৰ দুভৰিৰ খোজৰ সাঁচ
পথাৰৰ মজিয়াত
সেয়েতো দেখিছো আজি
সীৰলুৱা মুঠিয়ে খাজ কাটি লিখা
সেউজীয়া পথাৰ মাথো সেউজীয়া পথাৰ।

 

সীমান্ত কলিতা,

[email protected]

অন্যান্য লেখা :

Share.

Leave A Reply