অসহজ

0
মৰহা ফুলৰ সুবাসত 
মাতাল সন্ধিয়া,
জীৱনটোক আজুৰি নথলোহেঁতেন
ৰাতিবোৰ মোৰ সংগী হোৱা হলে!
এতিয়া মাথোঁ নিৰৱতা,
যাযাবৰী সপোনবোৰ সমাধিস্থ কৰিম
শৈশৱৰ অচিন মায়ানগৰীত।
 
এতিয়া তোমাৰ চকুত
ৰক্তজবাৰ বিননি,
প্ৰাত্যাহিক বাস্তৱক প্ৰত্যাহ্বান নজনাবা;
বেলিটোৱেও বিদ্ৰোহ কৰিব!
সপোনবোৰে বেহু ভাঙি ওলাই যাব,
দুখবোৰক নিজৰ বুলি সাৱটি লোৱা
সুখবোৰ দিবাস্বপ্ন।
 
মই মৰুভূমিত পানী বিচৰা
যাযাবৰ পথিক,
তুষাৰপাতৰ স্বপ্ন নেদেখোঁ;
মাথোঁ চৰাইজাক ৰ সতে উৰিব খুজিছো
আকাশৰ নিলীমতা চাবলৈ,
ব্যস্ত বজাৰত আবেগৰ অসহজ মূল্যবৃদ্ধি
আমাৰ বাবে 
সেইবোৰ সহজলভ্য নহয়।
 
 
আন্ধাৰত নিঃসংগতাৰ সতে কবিতাৰ আড্ডা
হয়তো সপোনবোৰ আকৌ ঘূৰি নাহে,
লাহে লাহে তুমিও অভ্যস্ত হ’বা
সপোনৰ কবৰস্থান এই পৃথিৱী;
আশাৰ বতাহে আলিংগন নকৰা হলে 
যাযাবৰী হৈয়ে ৰলোহেঁতেন!
এতিয়া স্বীকাৰোক্তিৰ সময় উকলিল,
নিৰাশাৰ ছুনামী আহিব পাৰে
সেউজীয়া সপোনবোৰৰ সতে
হৃদয়খন সযতনে ৰাখা;
শব্দৰ খৰাঙত
জীৱনটোৱে বিদায় মাগিব পাৰে!!
– – উদয় শংকৰ
[email protected]

অন্যান্য লেখা :

Share.

About Author

Leave A Reply