ৰাজ্য বিভাজনৰ আশংকা আৰু অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি এতিয়া জনসাধাৰণৰ বাবে এক চিন্তিত বিষয় হৈ পৰিছে ৷ পুৱাৰ বাতৰিকাকতখন খুলিলেই কেৱল ৰাজ্য বিভাজন আৰু মূল্যবৃদ্ধিৰ খবৰৰেই জয় জয় ময় ময় ৷ ক’ৰবাত যদি ধৰ্ণা বহিছে তেন্তে অইন ক’ৰবাত হেনো ক্ষুব্ধ ৰাইজৰ খঙৰ বলি হৈছে ডাঙৰ ডাঙৰ গাড়ীবোৰ নাইবা টায়াৰসমূহ ৷ কোনোবাই যদি ১০০ ঘণ্টীয়া বন্ধ দিছে, আনফালে ক’ৰবাত আকৌ ৰেল অৱৰোধ কৰিছে ৷ মুঠৰ ওপৰত এক ছন্দহীন মাদকতাত মাতাল সকলো ৷ দুখৰ কথা এয়াই যে কোনেও কিন্তু এখন অসমৰ বাবে চিঞৰা নাই ৷ নাইবা এনেকৈ হঠাতে হোৱা ধৰ্ণা, বন্ধ, অৱৰোধ ইত্যাদিয়ে কিমান নেতিবাচক ভাৱে কণ কণ শিশু সকলৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছে সেইটোৰ উত্তৰ হয়তো চিন্তিত মহলৰ হাতত নাই ৷
শিক্ষাই হ’ল সকলো বিপ্লৱৰ ঘাই খুটি ৷ নৱজাগৰণৰ জৰিয়তে যিকোনো জাতিৰ কল্যাণ সাধনত শিক্ষাৰ ভুমিকা বাৰুকৈয়ে লক্ষণীয় ৷ উচিত শিক্ষাবিহীন নৱজাগৰণৰ ফল কেতিয়াও মিঠা হ’ব নোৱাৰে ৷ আকৌ, এটা নতুনকৈ শিক্ষাৰম্ভ কৰা শিশুৰ শিক্ষাগ্ৰহণত বাৰুকৈয়ে প্ৰভাৱ পেলাই শিশুটিৰ আশে পাশে থকা সমাজখনে ৷ লক্ষ্য নকৰিলেও এটা কথা সঁচা যে মানুহ এজনৰ প্ৰকৃত শিক্ষা গ্ৰহণত পৰিয়ালৰ লগতে সমাজখনৰো যথেষ্ট পৰিমানে অৰিহণা থাকে ৷
কিন্তু যদি এখন সমাজ ধৰ্ণা, হিংসা, বৰ্বৰতাত ব্যস্ত থাকে (কাৰণ যিয়েই নহওক) তেতিয়া সেই পৰিবেশ শিক্ষা লাভৰ বাবে কেতিয়াও উচিত হব নোৱাৰে ৷ তেনে স্থলত সমাজ খনে; অন্তত শিক্ষাৰ পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি; শান্তি আলোচনা, বৈঠক ইত্যাদিৰ দৰে পথ বাচি লব লাগে ৷ কাৰণ অহিংসাৰে আগবাঢ়িলে সকলো কামেই খুব সহজে সমাধান হৈ যায় ৷ বন্দুকৰ গুলিৰ আগত কোনো জাতিৰেই উত্থানৰ পৰিচয় নাথাকে ; থাকিবই নোৱাৰে ৷
– অলকেশ,
মুখ্য-সম্পাদক, সন্ধান ই-আলোচনী
(০১/০৯/২০১৩)