খিলখিল তোমাৰ হাঁহিৰ সঁফুৰাবোৰ
যোৱাৰাতি সপোন হৈ আহিছিল
দুচকুত তোমাৰ নীলা আকাশ
আৰু ওঁঠৰ ফাঁকেৰে সৰিছিল জোনাক
তৰাবোলা সেই নিশাৰ ৰাগিনীত
তুমি আছিলা সাইলাখ ৰুক্মিণী
হৃদয়ৰ পদুলিত আশাবোৰৰ উচপিচ
সপোনত তোমাক দেখি
দেখিবলৈ তুমি সাইলাখ ৰুক্মিণী
বিষাদেৰে ভৰে নিচুকণি গীতৰ কলি
কি আজৱ এই পৃথিৱী!
নিৰ্জন ৰাতি উন্মাদ সপোনৰ হাহাকাৰ
দিঠকত সকলো জ্বলি-পুৰি ইতিহাস
যন্ত্ৰণাৰে উপচে মিঠা-প্ৰেমৰ অষ্টৰাগ!!!
– কুলদীপ কলিতা,
পদাৰ্থ বিজ্ঞান বিভাগ
বজালী মহাবিদ্যালয়, পাঠশালা
(৮৪৮৬৬৩৯৯৭৭)