তোৰ সেউজীয়া উশাহবোৰ
হেৰুৱাব খোজা নাছিলো মই।
এনেকৈ গুছি গ’লি কিয় ?
মই একেবাৰে নিঠৰুৱা হৈ পৰিলো অ’..
ক্ষত-বিক্ষত হৃদপিণ্ডটোৱে ধৰফৰাই উঠে।
মনটো যে কিয় ইমান ঠুনুকা মোৰ..
জহি-খহি যাব খোজা অন্তৰখনে
এতিয়াও উচুপি থাকে।
তই ইমান নিদাৰুণ হ’ব পাৰিবি জানো ?
কলিজাৰ তেজে ধোৱা মৰমবোৰ
এতিয়াও তোলৈকে সাঁচি থৈছো।
সময় পালে আহিবি;
লৈ যাবি।
– পৰীস্মিতা কাকতি
সংযুক্ত স্নাতকোত্তৰ তৃতীয় ষান্মাসিক
গণিত বিজ্ঞান বিভাগ
তেজপুৰ বিশ্ববিদ্যালয়