বিশেষকৈ নাৰীসকলৰ সমাদৃত আৰু নাৰী সমাজৰ প্ৰধান ভূমিকা থকা এইবোৰ গীতৰ উদ্ভাৱন কাল অৰ্ব্বাচীন । ভাষাই লিখিত বা সাহিত্য ৰূপ পোৱাৰ আগৰ সময়ছোৱাত অসমত বাস কৰা নিৰক্ষৰ জাতি-জনজাতিৰ মাজত কিছুমান গীত–মাত, সাধুকথা, প্ৰবচন আদি মৌখিক ভাৱে প্ৰচলন আছিল । দশম-একাদশ শতিকাৰ সাহিত্যকাল উদ্ভাৱন হোৱাৰ পিছতো আইনাম সদৃশ লোকগীতসমূহৰ পৰিচয় পোৱা যায় । সাহিত্যিক সকলৰ মতে উক্ত নাম বিধ লোকসহিত্যৰ অন্তৰ্গত ।
বৰ্ণনা:- বসন্ত ওলালে উক্ত ৰোগৰ অধিষ্ঠাত্ৰী দেৱী বুলি জনসমাজত বিশ্বাস কৰা সাত গৰাকী আই বা দেৱীক সন্তুষ্ট কৰাৰ উদ্দেশ্যে “আইনাম” গোৱা হয় । কোনো কোনো ঠাইত “শীতলা নাম” বুলিও জনাজাত ।
তদুপৰি উল্লিখিত সাত গৰাকী “আই” বা “দেৱী” হ’ল যথাক্ৰমে…..
১ | বৰ আই |
২ | সৰু আই |
৩ | আই ঠাকুৰাণী |
৪ | অম্বিকা |
৫ | চণ্ডিকা |
৬ | ভৱানী |
৭ | কালিকা |
নিয়মাৱলী ……
আই সেৱাৰ নামত “আসন পাতি” তামোল-পান, চাউল, বগা ফুলেৰে আসন ভৰাই দি নৈবেদ্য আদি আগ বঢ়াই দেৱী আই সকলক উদ্দেশ্যি স্তুতি গীতেৰে প্ৰাৰ্থনা কৰে ।
স্তুতিগীত বোৰৰ কিছু আভাষ…..
১. আসন পাতি দেৱী সমূহক আবাহণ কৰাৰ উদ্দেশ্যে গোৱা স্তুতিগীতৰ কিছু অংশ …..
“ দেৱী পাৰে ৱতী আই , আনা ভগৱতীক মাতি ।
গোপিনীসকল, বহিয়ে আছেহি, ৰঙেৰে আসন পাতি ।।
……..”
তাৰ পিছত আই সকলৰ উদ্দেশ্যি গোৱা গীতবোৰৰ কিছু অংশ…..
“আই লোকৰ সাত ভনী বাজত আছে ৰৈ ।
নামে পূজা দিব লাগে মাতি আনা গৈ ।।
……….”
“….শীতলা শীতলা; দুখিয়াৰ পুতলা,
দি যোৱা বুকু জুৰাই কি মাহে….”
সামৰণিৰ সময়ত …..
“….আইৰ চৰণেৰে ছাঁয়া ; ভয় নকৰিবা,
স্তুতিকৈ মাতিবা, আয়ে কৰি যাব দয়া….”
এইদৰে আৰম্ভণী আৰু সামৰণি স্তুতিগীতৰ সহায়ত শীতলা বা আইৰ নাম গায় ।
এনেধৰণৰ নাম-কীৰ্তনৰ জৰিয়তে বসন্তৰ লেখিয়া ব্যাধিৰ কবলত পৰা ৰোগীয়ে বহুখিনি সুস্থতা লাভ কৰে । ঠাই ভিত্তিক ইয়াৰ উচ্চাৰণ আৰু সুৰৰ তাৰতম্য হোৱা দেখা যায় যদিও মূল বক্তব্য আৰু নিয়মাৱলী প্ৰায় একে থাকে।
বিশেষত্ব:
সাহিত্যিক দৃষ্টিভংগীৰে চালে “আই নাম”বোৰ অনুষ্ঠানমূলক গীতৰ ভিতৰত পৰে । আন বোৰ লোকসংস্কৃতিৰ দৰে এনেবোৰ গীতৰো বিশেষত্ব অধিক । আইসকলে গোৱা গীতবোৰত নাৰী সূলভ কমনীয়তা, সৰল বিশ্বাস আৰু গভীৰ ভক্তিৰ পৰিচয় পোৱা যায় । সহজ সৰল ভাষাৰে গীতবোৰ গোৱা হয় যদিও আন্তৰিক আনুভূতি ও শ্ৰদ্ধাই এই গীতবোৰক আৰু অধিক মহত্বপূৰ্ণ কৰি তোলে ।
বৈজ্ঞানিকদৃষ্টিভংগীৰফালৰপৰা…..
থোৰতে কবলৈ গ’লে বসন্ত ব্যাধিত ভোগা ৰোগী গৰাকী সম্পূৰ্ণৰূপে পৰিস্কাৰ পৰিবেশত থকাতো অত্যন্তই আৱশ্যক । দূষিত বায়ু, বীজাণুযুক্ত পানী, লেতেৰা কাপোৰ, অত্যাধিক ধূলি-বালি আদি কাৰক সমূহে পৰিবেশ প্ৰদূষিত কৰি তোলে । যাৰ ফলত বহুতো লোক বসন্তৰ লেখিয়া ব্যাধিৰ ভুক্তভোগী হ’ব লগা হয় । বৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা অধ্যয়ন কৰিলে গম পোৱা যায় যে এনে ৰোগৰ নিবৃত্তি কেবল পৰিস্কাৰ পৰিছন্নতাৰ হাতত ।
এনে ৰোগৰ বিপৰীতে সচৰাচৰ গ্ৰহণ কৰিব পৰা কাৰকবোৰ হ’ল …….
১. | নিম পাতৰ ব্যৱহাৰ |
২. | বগা, পাতল কপাহী কাপোৰৰ ব্যৱহাৰ |
৩. | ধূপ-ধূনা আদিৰ ব্যৱহাৰ |
৪. | শান্ত পৰিস্থিতি |
৫. | লঘু আহাৰ ( মচলা, জলকীয়া বা অত্যাধিক গৰম খাদ্য অনুপযুক্ত ) |
৬. | ভুক্তভোগী জনৰ নখ , চুলি দীঘল হোৱাতো অনুচিত । |
এনেকুৱা কিছুমান সহজলভ্য উপায় অৱলম্বনৰ প্ৰয়োজনীয়তা এই ৰোগ নিৰাময়ৰ ক্ষেত্ৰত উল্লেখনীয় ।
সামৰণি:- বৈজ্ঞানিক ধাৰণাই হওঁক ব আধ্যাত্মিক পদ্ধতিয়ে (নাম প্ৰথা) হওঁক, উদ্দেশ্য একেটাই । কিন্তু আজিৰ বৈজ্ঞানিক ধাৰণাত থাকি; ৰোগ নিৰাময়ৰ ক্ষেত্ৰত আদিপুৰুষৰ পৰা প্ৰচলিত এনে আধ্যাত্মিক পদ্ধতিৰ ভূমিকা পাহৰি যোৱতো উচিত নহ’য়।
(উক্ত প্ৰথাৰ বিষয়ে সবিশেষ জনোৱাৰ বাবে “শ্বহীদ সুনন্দ শালৈ উচ্চ মাধ্যমিক বিদ্যালয়, বিছেন্নালা” ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী বীণা পাণি ভট্ট মহোদয়া লৈ “সন্ধান-এক নতুন দিগন্তৰ” ও সংগ্ৰহকৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো । তেখেতে দিয়া বহুমুলীয়া সময়ৰ বাবে আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ ।)
সংগ্ৰাহক
অলকেশ শৰ্মা
ৰঙিয়া, অসম