তোৰ হাত ধৰি পাৰ হৈ আহিলো শৈশৱৰ সেন্দুৰীয়া বাট।নিৰ্ভেজাল মৰম বোৰ আচঁলত এৰি থৈ আহিলো ২১ টাকৈ বসন্ত।কি কৰা নাই তই মোৰ বাবে? দুখত ছাঁ দিছ, সুখত লগ দিছ। মোৰ ডায়েৰীৰ পাতে পাতে যে তোৰেই মৰমবোৰ বিয়পি আছে। আৰুনো কি লাগে মোক? মন গ’লেই গুচি যাওঁ তোৰ মৰমৰ মাজলৈ । তোৰ কান্ধত মূৰ থৈ কান্দো, তোৰ লগত কথা পাতি হাঁহো, বৰ্ষামুখৰ সন্ধ্যা এটাত তিতি বুৰি আওঁৰাও প্ৰণৱ বৰ্মন অথবা হীৰুদাৰ কবিতা । শৈশৱত তোৰ আচঁলত খেলা খেল বোৰ যে এতিয়াও পাহৰিব পৰা নাই । সেই যে তোৰ লগত খেলিছিলো ধুলি বালিৰ খেল। নামাতা নামাতি হৈছিল আৰু ওফোন্দ পাতি এচুকত ৰৈ থকা মইজনীক নিচুকাইছিলি তই । যৌৱনত ভৰি দি তোকেইতো প্ৰথম কৈছিলো মোৰ সপোন কোৱঁৰৰ কথা…কি এক আকুলতাৰে যে মই ৰৈ আছিলো তেওঁলৈ…। তোৰ সৈতে গাইছিলো-“য়ে দোস্তি হম নেহি তোৰেংগে ।“ …অন্তাক্ষৰী খেলিছিলোঁ।
এতিয়া সকলো সলনি হ’ল। সলনি হ’ল যোগাযোগৰ মাধ্যম, সলনি হ’ল মানুহৰ মনবোৰো । কিন্তু সলনি হোৱা সময়ৰ এচুকত যেন একেদৰেই ৰৈ আছ তই । তোৰ মৰম বোৰো যেন একেই আছে । সেয়েহে এতিয়াও Facebookৰ massage boxত ভাহি আহে বংকুশৰ massage, কাহানিও নেদেখা দীপাংকৰৰ আন্তৰিকতা, ৰুবিদা হঁতৰ আকলুৱা মৰম আৰু পাৰ্থৰ ধেমালিবোৰ। এই মৰমবোৰে এখন্তেকৰ বাবে হ’লেও পাহৰাই দিয়ে যান্ত্ৰিকতাবোৰ । এখন্তেকৰ বাবে হ’লেও ওভোতাই দিয়ে মোৰ আকলুৱা শৈশৱ। সেয়ে হয়তো আজিও চিঞৰি চিঞৰি গাওঁ হীৰুদাৰ গান-“বন্ধু মেলি দে তোৰ দুখৰ দুখনি হাত, এবাৰ জিৰাওঁ তোৰ বুকুৰ শীতল ছাঁ ত।”
সকলো সলনি হলেও তই কেতিয়াও সলনি ন’হবি দেই । কেতিয়াও সলনি নকৰিবি তোৰ নিৰ্ভেজাল আন্তৰিকতা । তোক মই বৰ আলফুলে সামৰি ৰাখো মোৰ হৃদয়ত । ভয় লাগে, কিজানিবা স্বাৰ্থপৰতাৰ আৰঁত হেৰাই যাৱ তই ? তেতিয়া মই কাৰ সৈতে আওঁৰাম শৈশৱৰ কবিতা ? মোৰ চুলিত ৰুপালী ৰং লাগিলেও তই ভয় নাখাবি দেই । তেতিয়া যে তোক মোৰ বেছি দৰকাৰ হ’ব । কাৰণ তই আহিলেই মোৰ বুকুত ভিৰ কৰিবহি সেউজীয়া উন্মাদনাই।
সূকণ্যা শইকীয়া
দৰং মহাবিদ্যালয়