আকৌ তুমি আহিছা ৷
কি নিবলৈ….
বিষাদৰ হাঁহিবোৰ,
সুখৰ যন্ত্ৰণাবোৰ…
নে তোমাৰ হিংসা হৈছে… ?
মোৰ অস্তিত্বকলৈ ..
তোমাৰ অৰ্থ আজি বিকৃত ৷
মই ভালপাওঁ সত্য…
আজি তুমি ঘৃণিত,
ভাবী প্ৰাৰ্থীৰ হাতত ৷
জীৱনৰ প্ৰয়োজনীয়তা তুমি
এই ৰূপ অবাঞ্চনীয় ৷
তোমাতেই সংসাৰ ন্যস্ত
তুমিবিনে কুৰূপ এই ধৰা ৷
বাৰে বাৰে ধৰ্ষিত,
নিজে নিজৰ হাতত ৷
আঁচলৰ ধন তুমি,
তোমাৰ সংজ্ঞা সুখ ৷
জীৱনৰ সুৰ তুমি,
তোমাৰেই নাম প্ৰেম ৷
– ৰূপকুমাৰ ডেকা,
তেজপুৰ বিশ্ববিদ্যালয়