আত্মাৰ দৰে মুক্ত মই
অপ্ৰতিৰুদ্ধ গতি,
সীমনাবিহীন লুইত
আৰু মই তাৰ সুতি ৷
মহাকালৰ প্ৰতিটো প্ৰহৰ
প্ৰতিটো নিশাৰ সাক্ষী,
মহাবাহুৰ বহল কোলাত ৰ’ব
ইতিহাসৰ চানেকী ৷
ব’হাগ মাথো এদিনৰ বাবে
হ’লেও থমকি ৰ’ব,
আকাশত জ্বলা ৰঙা মদাৰে
মোৰ কথাকে ক’ব ৷
লুইত কাহানীও নাযায় শুকাই
মাথো এৰি যায় সুতি,
মোৰ গানো তেনে অম্লান
যি সলাই সময়ৰো গতি ৷
স্তব্ধ নহয় মোৰ গান
হাজাৰ বুকুত ৰ’ব বৈ,
প্ৰতিনিধি মই বিশ্বসভাত
অসম তোৰেই হৈ ৷
মোৰ গান হওক বিজয়ৰ গান,
মোৰ গান হওক মানৱতাৰ গান,
মোৰ গান প্ৰতি অসমীয়াৰ প্ৰাণ ৷
– শাশ্বত বৰুৱা,
তেজপুৰ বিশ্ববিদ্যালয়